ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ড: কোন দায়ী?
Dibrugarh University ragging case ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত হৈছে এক ভয়ংকৰ ৰেগিংজনিত ঘটনা। সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি ঘটনাটো ইমানেই ভয়ংকৰ যে ভুক্তভোগী ছাত্ৰগৰাকীৰ হাত, ভৰি ভঙাৰ লগতে কঁকালৰো হাঁড় ভাঙিছে। ভুক্তভোগী ছাত্ৰগৰাকী বৰ্তমান ডিব্ৰুগড়ৰ এখন ব্যক্তিখণ্ডৰ চিকিৎসালয়ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে।
এই ভয়ংকৰ ঘটনাটো পোহৰলৈ অহাৰ পাছতে ভুক্তভোগী ছাত্ৰগৰাকীৰ পৰিয়ালে পাঁচগৰাকী অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীৰ থানাত গোচৰ ৰুজু কৰে। ইতিমধ্যে এই অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে তিনিগৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰে চাৰিগৰাকী বিশ্ববিদ্যালয়খনৰ ছাত্ৰ আৰু পদ্মনাথ গোহাঁইবৰুৱা ছাত্ৰ নিৱাসৰ আৱাসী। এজন অভিযুক্ত হৈছে প্ৰাক্তন ছাত্ৰ। এই অভিযুক্ত প্ৰাক্তন ছাত্ৰজন হৈছে বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰ ইউনিয়নৰ প্ৰাক্তন সভাপতি ৰাহুল ছেত্ৰী। এই ৰাহুল ছেত্ৰী হৈছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক। অভিযুক্ত ৰাহুল ছেত্ৰী বৰ্তমানো পলাতক বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। সকলো পক্ষই দোষীৰ শাস্তি দাবী কৰিছে।
এই বৰ্বৰ, জঘন্য আৰু অমানুষিক কাণ্ডটোক চাৰিওফালে গৰিহণা দিয়া দেখা গৈছে। কিন্তু তাৰ মাজতে কেতবোৰ অতি গুৰুত্বপূৰ্ণ আৰু প্ৰাসংগিক প্ৰশ্নক এৰাই চলা দেখা গৈছে। যিবোৰ গুৰুত্বপূৰ্ণ আৰু প্ৰাসংগিক প্ৰশ্নক এৰাই চলাৰ বাবেই উচ্চতম ন্যায়ালয়ে ৰেগিঙৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰাৰ পাছতো দীৰ্ঘদিন ধৰি উচ্চ শিক্ষানুষ্ঠানসমূহত ৰেগিং চলি আহিছে।
উচ্চ শিক্ষানুষ্ঠানসমূহে ৰেগিঙৰ বিৰুদ্ধে নিজাববীয়াকৈ কঠোৰ নীতি নিৰ্দেশনা বলৱৎ কৰাৰ পাছতো এই জঘন্য ৰেগিং অব্যাহত আছে। প্ৰশ্ন হয়, এইবোৰ কিয় আৰু কেনেকৈ চলি আহিছে? ইয়াৰ বাবে কেৱল শিক্ষানুষ্ঠানৰ কৰ্তৃপক্ষ, প্ৰশাসনেই দায়ী নে? কেৱল জ্যেষ্ঠ ছাত্ৰ-ছাত্ৰী তথা আৱাসীসকলেই দায়ী নে? অদ্যপিও ৰেগিং অব্যাহত থকাৰ বাবে কণিষ্ঠ তথা ভুক্তভোগী ছাত্ৰ-ছাত্ৰী তথা আৱাসীকলৰ সঁচাই একো ভূমিকা নাই নে? এনে ঘটনা পোহৰলৈ আহিলে প্ৰতিবাৰেই এইসমূহ প্ৰশ্ন উপেক্ষা কৰি অহা হয়। যাৰফলত উচ্চতম ন্যায়ালয়ে কঠোৰ নিৰ্দেশ দিয়াৰ পাছতো এই ব্যাধিক ৰোধ কৰিব পৰা হোৱা নাই।
এতিয়া আমাৰ প্ৰথমটো প্ৰশ্ন হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এখন কঠোৰ এণ্টি ৰেগিং স্কোৱাৰ্ড থকাৰ পাছতো কেনেকৈ এজন ছাত্ৰই মুমূৰ্ষ হৈ চিকিৎসাধীন হৈ থাকিব লগা হ’ল? কেনেকৈ এজন ছাত্ৰই জীৱন মৃত্যুৰে যুঁজি থাকিব লগা হৈছে? ইয়াৰ বাবে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ, প্ৰশাসন আৰু এণ্টি ৰেগিং স্কোৱাৰ্ড দায়ী নহয় নে? ইয়াৰ উত্তৰত একেষাৰে ক’ব পাৰি যে ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষ সম্পূৰ্ণৰূপে দায়ী আৰু তাৰ বাবে তেওঁলোক জবাবদিহি হ’বই লাগে।
প্ৰকাশ পোৱা মতে ভুক্তভোগী ছাত্ৰগৰাকীয়ে যোৱা ১৮ নৱেম্বৰত চাৰি জ্যেষ্ঠ আৱাসীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল। ভুক্তভোগী ছাত্ৰগৰাকীৰ পৰিয়ালে দাবী কৰা মতে ৪ মাহৰ পূৰ্বেই ছাত্ৰজনে কৰ্তৃপক্ষৰ ওচৰত অভিযোগ দাখিল কৰিলেও কৰ্তৃপক্ষই কোনো ব্যৱস্থা লোৱা নাছিল। এইটোৱে ইংগিত দিয়ে যে ঘটনাটো সংঘটিত হোৱাৰ বাবে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষও সমানে জগৰীয়া।
উল্লেখ্য যে বিশ্ববিদ্যালয়খনে ৰেগিং প্ৰতিৰোধৰ বাবে কেতবোৰ অতি কঠোৰ নীতি নিৰ্দেশনা জাৰি কৰি থৈছে। REGULATIONS FOR PROHIBITING RAGGING AND ANTI-RAGGING MEASURESত কোৱা হৈছে বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিয়ম মানি বিশ্ববিদ্যালয়খনে উপাচাৰ্যৰ অধ্যক্ষতাত ৰেগিং প্ৰতিৰোধৰ বাবে এণ্টি ৰেগিং কমিটি আৰু স্কোৱাডো গঠন কৰিছে। এই স্কোৱাডে বিশ্ববিদ্যালয়ৰ চৌহদ তথা ছাত্ৰ আৰু ছাত্ৰীনিৱাস সমূহত ৰেগিং প্ৰতিৰোধৰ বাবে ২৪ ঘণ্টাই প্ৰতিটো মুহূৰ্ততে সতৰ্ক হৈ থাকিব লাগিব।
ৰেগিং বিৰুদ্ধে অভিযোগ আহিলে অথবা তেনে সম্ভেদ লাভ কৰিলেই এই স্কোৰ্ৱাডে ঘটনাস্থলীত গৈ স্বজমিন তদন্ত, অনুসন্ধান, সাক্ষ্য আদি গ্ৰহণেৰে তদন্ত কৰি ইয়াৰ প্ৰতিবেদন কৰ্তৃপক্ষ তথা প্ৰশাসনক দাখিল কৰিব লাগে। মুঠতে বিশ্ববিদ্যালয়ৰ চৌহদ, হোষ্টেলত স্কোৱাডে ২৪ ঘণ্টাই সতৰ্কতা হৈ থাকিব লাগিব, ৰেগিং হোৱাৰ সন্দেহজনক স্থান চিনাক্ত কৰি স্কোৱাৰ্ডে সঘনাই টহল দিয়াটো স্কোৱাডৰ প্ৰাথমিক দায়িত্ব আৰু কৰ্তব্য। এণ্টি ৰেগিং স্কোৱাডে ৰেগিঙজনিত ঘটনাৰ সম্ভেদ লাভ কৰাৰ লগে লগে উপাচাৰ্যক খবৰ দিয়াৰ লগতে ঘটনাৰ গুৰুত্ব চাই আৰক্ষীৰ ওচৰত ২৪ ঘণ্টাৰ ভিতৰতে অভিযোগ দাখিল কৰিব লাগে।
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এণ্টি ৰেগিং কমিটি আৰু এণ্টি ৰেগিং স্কোৱাড থকাৰ পাছতো এজন ছাত্ৰ ৰেগিংজনিত ঘটনাৰ বাবে কিয় জীৱন মৰণৰ সৈতে যুঁজি থাকিবলগীয়া হৈছে? এই ঘটনাটোৱে উপাচাৰ্যৰ অধ্যক্ষতাত থকা ১৯ জনীয়া এণ্টি ৰেগিং কমিটি আৰু ১২ জনীয়া এণ্টি ৰেগিং স্কোৱাড চূড়ান্তভাৱে ব্যৰ্থ হোৱাটোকে প্ৰমাণ কৰা নাই নে? নে এইবোৰ বিশ্ববিদ্যালয়খনৰ আলংকাৰিক সংস্থা? ৰেগিঙৰ বাবে এজন ছাত্ৰই জীৱনলৈ ঘূণীয়া হোৱাৰ পাছত সাৰ পোৱা বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ আৰু এণ্টি ৰেগিং কমিটি আৰু এণ্টি ৰেগিং স্কোৱাডে কিয় জবাবদিহি ন’হব? ৰেগিং কৰি যিকেইজন ছাত্ৰ অপৰাধ কৰিছে তেওঁলোকৰ দৰেই এই কমিটি আৰু স্কোৱাডো দোষী নহয় নে?
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে কৰ্তৃপক্ষ, এণ্টি ৰেগিং কমিটি আৰু স্কোৱাডৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা নাই? আমাৰ দৃষ্টিত বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ, এণ্টি ৰেগিং কমিটি আৰু স্কোৱাডে নিজৰ সপক্ষে যিমানেই চাফাই নাগাওক ঘটনা সংঘটিত কৰাৰ ছাত্ৰকেইগৰাকীৰ দৰেই তেওঁলোকো দায়ী।
ঘটনাটো পোহৰলৈ অহাৰ লগে লগে হোষ্টেলৰ জ্যেষ্ঠ আৱাসীসকলকে কেৱল দায়ী কৰা হৈছে। এইটো সন্দেহ নাই যে জ্যেষ্ঠ অৱাসীসকলে পৰম্পৰা দোহাই দি কণিষ্ঠ আৱাসীসকলৰ ওপৰত মানসিক আৰু শাৰীৰিক অত্যাচাৰ চলাই আহে। অৰ্থাৎ যোৱা বছৰ আমি ভুগি আহিলো যেতিয়া এতিয়া তোমালোকৰ পাল, এতিয়া তোমালোকে ভুগিব লাগিব। আমি যি কৰিবলৈ কওঁ সেয়া যদি নকৰা তেনে শাস্তি ভুগিবলৈ সাজু হৈ থাকা। এতিয়া প্ৰশ্ন হ’ল জ্যেষ্ঠ আৱাসীসকলক পৰম্পৰা এটা কঢ়িয়াই নিবলৈ কোনে প্ৰলুব্ধ কৰি আহিছে?
হোষ্টেলৰ ৰেগিঙৰ বিৰুদ্ধে একেবাৰে উদাসীন হৈ অহা বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ, এণ্টি ৰেগিং কমিটি, এণ্টি ৰেগিং স্কোৱাড আৰু হোষ্টেলৰ ৱাৰ্ডেনসকলৰ লগতে কণিষ্ঠ আৱাসীসকলো নহয় নে? তেওঁলোক ব্যৰ্থ হোৱাৰ বাবেই হোষ্টেলৰ নতুন আৱাসীয়ে ৰেগিঙৰ সন্মুখীন হৈ অত্যাচাৰৰ সন্মুখীন হৈ সেই পৰম্পৰাটো কঢ়িয়াই তেওঁলোকৰ পিছৰ চামক অত্যাচাৰ কৰি আহিছে। আজি যদি জ্যেষ্ঠ আৱাসীয়ে কণিষ্ঠৰ আৱাসীৰ ওপৰত ৰেগিঙৰ নামত জঘন্য অত্যাচাৰ চলাইছে তাৰ বাবে সেই জ্যেষ্ঠ আৱাসীৰ লগতে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ, প্ৰশাসনো সম্পূৰ্ণৰূপে দায়ী।
ইফালে এনেধৰণৰ ৰেগিং কাণ্ডৰ বাবে বহু সময়ত নতুন আৱাসীয়েও অৰিহণা যোগায়। বহু সময়ত নতুন আৱাসীয়ে জ্যেষ্ঠ আৱাসীৰ ৰেগিঙৰ সন্মুখীন হোৱাৰ পাছতো ঘটনা সন্দভৰ্ত এণ্টি ৰেগিং কমিটি, এণ্টি ৰেগিং স্কোৱাড আৰু ৱাৰ্ডেনক অভিযোগ দাখিল কৰাৰ দূৰৰে কথা, ৰেগিঙৰ সন্মুখীন হোৱাৰ বিষয়ে অৱগতই নকৰে। কোৱা হয় যে জ্যেষ্ঠ আৱাসীয়ে তেওঁলোকক ভাবুকি দিয়াৰ বাবেই তেওঁলোকে মুখ নুখুলে। তেওঁলোকে ৰেগিঙৰ সন্মুখীন হ’লে আৰক্ষীৰ দাৰস্থও যে হ’ব পাৰে সেই বিষয়ে জানিও তেনে পদক্ষেপ ল’বলৈ সাহস নকৰে।
যদি নতুন আৱাসীয়ে এইদৰে ভয়াতুৰ হৈ জীয়াই থাকে তেনে যুগ যুগান্তৰলৈ ৰেগিং নামৰ ব্যাধিটোৱে আৰু বহু শিক্ষাৰ্থীৰ জীৱন ধ্বংস কৰি থাকিব। অৰ্থাৎ দেখা যায় ৰেগিং অব্যাহত থকাত এই তিনিওটা পক্ষৰেই অৰিহণা আছে। শিক্ষানুষ্ঠানৰ কৰ্তৃপক্ষ তথা প্ৰশাসন, জ্যেষ্ঠ ছাত্ৰ-ছাত্ৰী তথা আৱাসী আৰু নতুন শিক্ষাৰ্থী তথা কণিষ্ঠ হোষ্টেল আৱাসীৰ। এই তিনিওটা পক্ষৰ নিজা নিজা দুৰ্বলতা আৰু ভুলৰ বাবেই আজি আনন্দ শৰ্মা নামৰ ছাত্ৰগৰাকীয়ে ৰেগিঙৰ সন্মুখীন চিকিৎসালয়ত জীৱন আৰু মৃত্যুৰে যুঁজি আছে।
তিনিওটা পক্ষ এই ভয়ংকৰ পৰম্পৰাটো নিৰ্মূলৰ বাবে নিজৰ নিজৰ কৰণীয়সমূহ নকৰিলে ভৱিষ্যতে আনন্দ শৰ্মাৰ দৰেই আৰু বহু ছাত্ৰই জীৱন মৃত্যুৰে যুঁজিবলগীয়া হ’ব পাৰে। সেয়ে তিনিওটা পক্ষই নিজৰ নিজৰ দায়িত্বসমূহ পালন কৰি ৰেগিঙৰ দৰে এই জঘন্য ব্যাধিটো উচ্চ শিক্ষানুষ্ঠানসমূহযৰ পৰা সমুলেঞ্চে নিৰ্মূল কৰাৰ উদ্যোগ লওক।