• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোন এই ষ্টান স্বামী? কিয় তেওঁৰ মৃত্যুক লৈ নহ’ল কোনো চৰ্চা ?

প্ৰদ্যুন্ম গগৈ by প্ৰদ্যুন্ম গগৈ
June 12, 2022 6:38 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা বৰ্ষৰ মাজৰ ফালে মৃত্যু হৈছিল ভাৰতৰ এজন প্ৰখ্যাত মানৱ অধিকাৰ কৰ্মীৰ। নাম তেওঁৰ ষ্টান স্বামী। মোদী চৰকাৰে কাৰাগাৰত বন্দী কৰি ৰখা অৱস্থাতে তেওঁৰ মৃত্যু হৈছিল। সেয়ে বহুলোকে ষ্টান স্বামীক মোদী চৰকাৰে হত্যা কৰা বুলি অভিযোগ কৰি আহিছে। কিন্তু কোন এই ষ্টান স্বামী? কিয় তেওঁৰ মৃত্যুক লৈ কোনো চৰ্চা নহ’ল? টিভি চেনেলসমূহৰ আলোচনাত কিয় স্থান নাপালে ষ্টান স্বামীৰ মৃত্যুৰ খবৰে? লাখ লাখ নিষ্পেষিত মানুহৰ মুক্তিৰ বাবে প্ৰাণ আহুতি দিয়া ষ্টান স্বামীক লৈ সেয়ে আগবঢ়াবলৈ লৈছো এক বিশেষ প্ৰতিবেদন।

মানৱ অধিকাৰ কৰ্মীজনৰ মৃত্যুৰ এবছৰৰ পাছত পুনৰ তেওঁৰ নাম চৰ্চালৈ আহিছে। মৰণোত্তৰভাৱে তেওঁক চলিত বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় মাৰ্টিন এনাল্ছ বঁটাৰে সন্মানিত কৰা হৈছে। সন্মানীয় এই বঁটাটো চুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত মাৰ্টিন এনাল্ছ ফাউণ্ডেচনৰ দ্বাৰা প্ৰদান কৰে। মানৱ অধিকাৰ কৰ্মীসকলৰ বাবে এই মাৰ্টিন এনাল্ছ বঁটা নোবেল বঁটাৰ লেখীয়া। ইংলেণ্ডৰ মানৱ অধিকাৰ কৰ্মী মাৰ্টিন এনালছৰ নামত এই বঁটা প্ৰদান কৰা হয়।

Apply Now

এনে এটা আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰাটো ষ্টান স্বামীৰ বাবে নিশ্চয়কৈ গুৰুত্বপূৰ্ণ বিষয়। এইখিনিতে জানো আহক ষ্টান স্বামীয়ে নিজৰ সুদীৰ্ঘ জীৱনকালত এনে কি কাম কৰাৰ বাবে ৰাষ্ট্ৰই তেওঁক তিল তিলকৈ কাৰাগাৰত হত্যা কৰিলে? স্বামীৰ জন্ম হৈছিল ১৯৩৭ চনৰ ২৬ এপ্ৰিলত তামিলনাডুৰ ত্ৰিচী নামৰ ঠাইখনত। সত্তৰৰ দশকত তেওঁ উচ্চশিক্ষাৰ বাবে ফিলিপাইনছৰ ইউনিভাৰ্চিটি অৱ মেনিলালৈ যায়। বিশ্ববিদ্যালয়ত পঢ়ি থকা অৱস্থাতে তেওঁৰ ৰাজনৈতিক দৃষ্টিভংগী গঢ় লৈ উঠে। তাৰপাছত তেওঁ বেলজিয়ামৰ ৰাজধানী ব্ৰুছেলছলৈ উচ্চশিক্ষাৰ বাবে যায়।

তাতে সমাজ পৰিৱৰ্তনৰ দীক্ষা লাভ কৰে। বিদেশৰ পৰা জন্মভূমিলৈ উভতি আহিয়ে স্বামীয়ে দলিত, আদিবাসীৰ দৰে পিচপৰা সম্প্ৰদায়সমূহৰ হৈ কাম কৰিবলৈ আগবাঢ়ে। সোমাই পৰে ঝাৰখণ্ডৰ আদিবাসী সংগ্ৰামত। ঝাড়খণ্ডৰ আদিবাসীসকলৰ ভূমিসমূহ কাঢ়ি নিয়া বৃহৎ উদ্যোগপতিসকলৰ বিৰুদ্ধে স্বামীয়ে কাম কৰিব ধৰে। ২০১৭ চনৰ ৩১ ডিচেম্বৰ। এই দিনটোতে ভীমা-কৰেগাঁও সংঘৰ্ষত মুম্বাইৰ জনজীৱন স্তব্ধ হৈ পৰিছিল। এই সংঘৰ্ষৰ এক সুদীৰ্ঘ ইতিহাস আছে। ১৮১৮ চনৰ ১ জানুৱাৰীত মুম্বাইৰ কৰেগাওঁ নিবাসী দলিতসকলে ব্ৰিটিছৰ সৈতে লগ হৈ বাজী ৰাও দ্বিতীয় নামৰ এজন উচ্চজাতিৰ ৰজা তথা শাসকক ক্ষমতাচ্যুত কৰিছিল। ইয়াক জাতি বৈষম্য বিৰোধী প্ৰথমখন যুদ্ধ বুলি দলিতসকলে অভিহিত কৰে। তেতিয়াৰে পৰা এই বিজয়ক দলিতসকলে উদযাপন কৰি আহিছে।

২০১৮ চনত ইয়াৰ ২০০ বছৰ পূৰ্তি হয়। এই উপলক্ষে ‘এলগাৰ পৰিষদ’ নামৰ দলিত সংগঠনৰ আয়োজনত আড়ম্বৰপূৰ্ণভাৱে বিজয় দিৱস পালন কৰা হয়। কিন্তু স্থানীয় হিন্দুত্ববাদী সংগঠনসমূহৰ সদস্যই গেৰুৱা পতাকা লৈ প্ৰতিবাদস্থলীত হিংসাত্মক পৰিস্থিতিৰ সূচনা কৰে। ইয়াৰ কাৰণ আছিল ২০০ বছৰ পূৰ্বে যিগৰাকী শাসকক দলিতসকলে ক্ষমতাচ্যুত কৰিছিল, তেওঁ এজন উচ্চজাতিৰ হিন্দু আছিল। পাছদিনা ভীমা-কৰেগাঁৱৰ দলিতসকলে হিন্দুত্ববাদী সংগঠনসমূহৰ বিৰুদ্ধে এটা প্ৰতিবাদী সমদল যাত্ৰা কৰে। হাজাৰ হাজাৰ দলিত লোকৰ ‘জয় ভীম’ ধ্বনিৰে স্তব্ধ হৈ পৰে মুম্বাই তথা সমগ্ৰ মহাৰাষ্ট্ৰৰ জনজীৱন। সমদলটোতো হিংসাত্মক পৰিস্থিতিৰ উদ্ভৱ হয় আৰু এজন ১৬ বৰ্ষীয় যুৱকৰ মৃত্যু হয়।

অনুসন্ধানকালত সংঘৰ্ষটোত ১৬ জনকৈ প্রখ্যাত মানৱ অধিকাৰ কৰ্মী, শিক্ষাবিদ, অধিবক্তা, কবি অভিযুক্ত হয়। ষ্টান স্বামীক মূল মাষ্টাৰমাইণ্ড হিচাপে নিয়াই গ্ৰেপ্তাৰ কৰে। ভীমা কৰেগাঁৱৰ এই কেচটো কঠোৰ সন্ত্ৰাসবিৰোধী আইন UAPAৰ অধীনত বৰ্তমানেও বিচাৰ চলি আছে। ২০২০ চনৰ ৮ অক্টোবৰৰ পৰা স্বামীক মুম্বাইৰ তাজলা কেন্দ্ৰীয় কাৰাগাৰত ৰখা হয়। কাৰাগাৰত থকা সময়ছোৱাতে স্বামীৰ স্বাস্থ্যৰ অৱনতি ঘটে। আনকি তেওঁ খাদ্য খোৱাৰ শক্তিও হেৰুৱাই পেলায়। এইক্ষেত্ৰত কাৰাগাৰ কৰ্তৃপক্ষই স্বামীৰ স্বাস্থ্যৰ ওপৰত চূড়ান্ত হেমাহি কৰি অহা বুলিও অভিযোগ উত্থাপিত হৈছিল। আনকি স্বামীয়ে নিজেও জনাইছিল যে তেওঁৰ ওপৰত কৰা অত্যাচাৰৰ ফলত হয়তো খুব সোনকালেই মৃত্যুক আঁকোৱালি ল’ব।

ক’ভিড মহামাৰীৰ সময়ত এইদৰে এজন অশীতিপৰ বৃদ্ধক কাৰাগাৰত বন্দী কৰি ৰখাক লৈ উদ্বীগ্ন হৈ পৰে সচেতন লোকসকল। স্বামীৰ অধিবক্তাসকলে কেইবাবাৰো জামিন আবেদন কৰি আহিছিল কিন্তু এইসমূহ নাকচ কৰা হৈছিল। ২০২১ চনৰ মে’ মাহত স্বামী ক’ভিডত আক্ৰান্ত হয়। আৰু তেতিয়াহে এখন ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় তেওঁক। অৱশেষত ৫ জুলাই তাৰিখে ৮৪ বছৰ বয়সত কাৰ্ডিয়াক এৰেষ্টৰ হৈ শেষ নিশ্বাস ত্যাগ কৰে স্বামীয়ে।

এতিয়া কথা হ’ল, ষ্টান স্বামীৰ এই মৃত্যুক লৈ কিয় কোনেও পৰ্যাপ্ত পৰিমাণে সৰৱ নহ’ল? সমাজৰ পিচপৰা বৰ্গৰ অধিকাৰৰ বাবে নিজৰ জীৱন উচৰ্গা কৰা ষ্টান স্বামীক কাৰ স্বাৰ্থত মিডিয়াৰ আঁৰত ৰখা হৈছে?হিন্দু-মুছলমানৰ বিভাজনত ব্যস্ত থকা মোদী চৰকাৰে ভয় কৰে নেকি ষ্টান স্বামীৰ আদৰ্শক? এইসমূহ প্ৰশ্নৰ উত্তৰ আপুনি নিজেই বিচাৰ কৰক!

প্ৰদ্যুন্ম গগৈ

প্ৰদ্যুন্ম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd