WHO প্ৰতিবেদন: বিশ্বজুৰি যুৱক-যুৱতীৰ মাজত উদ্বেগজনক ভবে বৃদ্ধি নিসংগতাৰ, বাঢ়িছে গুৰুতৰ ৰোগৰ আশংকা
বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ শেহতীয়া প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য। নিসংগতাত ভুগিছে বিশ্বৰ প্ৰতি ছয়জনৰ ভিতৰত এজন লোক। বিশেষকৈ যুৱক-যুৱতীৰ মাজত এই সমস্যা অধিক প্ৰকট হৈ পৰিছে, যাৰ ফলত মানসিক আৰু শাৰীৰিক ৰোগৰ সম্ভাৱনা বৃদ্ধি পাইছে। প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে সুদৃঢ় সামাজিক সম্পৰ্ক আৰু উন্নত স্বাস্থ্যৰ জৰিয়তে দীৰ্ঘ আৰু সুস্থ জীৱনৰ আশা কৰিব পাৰি।
নিসংগতা: এক গুৰুতৰ বৈশ্বিক সমস্যা
WHOৰ সামাজিক সম্পৰ্ক আয়োগৰ প্ৰতিবেদনত কোৱা হৈছে যে নিসংগতা বৰ্তমান মানৱ সমাজৰ এক ডাঙৰ সমস্যা হৈ পৰিছে। বিশ্বৰ প্ৰতি ছয়জনৰ ভিতৰত এজন লোক নিসংগতাৰ বলি হৈছে, যিটো বিশেষকৈ কম আৰু মধ্যম আয়ৰ দেশসমূহত (LMICs) অধিক পৰিলক্ষিত হৈছে। WHOৰ সঞ্চালক প্ৰধান ড০ টেড্ৰ’ছ আধানম গেব্ৰেইছাছে কৈছে, “এই ডিজিটেল যুগত, যেতিয়া সংযোগৰ সম্ভাৱনা অপৰিসীম, তথাপিও বহু লোকে নিজকে বিচ্ছিন্ন আৰু অকলশৰীয়া অনুভৱ কৰিছে।” তেওঁ আৰু কয়, “নিসংগতা আৰু সামাজিক বিচ্ছিন্নতাক গুৰুত্ব নিদিলে ই স্বাস্থ্যসেৱা, শিক্ষা আৰু নিয়োগৰ ক্ষেত্ৰত গভীৰ প্ৰভাৱ পেলাব।”
যুৱক-যুৱতীৰ মাজত নিসংগতাৰ প্ৰভাৱ
২০১৪ৰ পৰা ২০২৩ চনৰ ভিতৰত কৰা এক সমীক্ষাৰ তথ্য অনুসৰি, ১৩ৰ পৰা ২৯ বছৰ বয়সৰ ১৭ৰ পৰা ২১ শতাংশ লোকে নিসংগতাৰ শিকাৰ হৈছে, যিটো কিশোৰ-কিশোৰীৰ মাজত সৰ্বাধিক। কম আয়ৰ দেশসমূহত প্ৰায় ২৪ শতাংশ লোকে নিসংগতাৰ সমস্যাৰ সন্মুখীন হৈছে, যিটো উচ্চ আয়ৰ দেশসমূহৰ তুলনাত (১১ শতাংশ) প্ৰায় দুগুণ।
নিসংগতাৰ কাৰণ আৰু প্ৰভাৱ
বিশেষজ্ঞৰ মতে, ডিজিটেল যুগত মানৱ সম্পৰ্কক শক্তিশালী কৰাৰ পৰিৱৰ্তে কিছু ক্ষেত্ৰত দুৰ্বল কৰিছে। সামাজিক মাধ্যম আৰু প্ৰযুক্তিৰ অত্যধিক ব্যৱহাৰৰ ফলত বহু যুৱক-যুৱতী বাস্তৱ জীৱনৰ সম্পৰ্কৰ পৰা বিচ্ছিন্ন হৈ পৰিছে। নিসংগতাই কেৱল মানসিক স্বাস্থ্যৰ ক্ষতি কৰাই নহয়, ই শাৰীৰিক ৰোগৰো কাৰণ হৈ পৰিছে। ইয়াৰ ফলত হতাশা, উদ্বেগ, টোপনিৰ সমস্যা, স্মৃতিশক্তিৰ ক্ষতি, উচ্চ ৰক্তচাপ, হৃদৰোগ, ষ্ট্ৰোক, ডায়েবেটিছ আৰু জ্ঞানশক্তিৰ অৱনতিৰ দৰে সমস্যাৰ সৃষ্টি হয়। ইয়াৰ উপৰিও নিসংগতাই আত্মহত্যাৰ সম্ভাৱনা বৃদ্ধি কৰে আৰু অকাল মৃত্যুৰ আশংকা বঢ়ায়।
নিসংগতা প্ৰতিৰোধৰ উপায়
নিসংগতাৰ সমস্যাৰ পৰা হাত সাৰিবলৈ সামাজিক সম্পৰ্কৰ গুৰুত্ব অতি প্ৰয়োজনীয়। WHOৰ প্ৰতিবেদনত পৰামৰ্শ দিয়া হৈছে যে বন্ধু-বান্ধৱৰ সৈতে সময় কটোৱা, ওচৰ-চুবুৰীয়াৰ সৈতে সুস্থ সম্পৰ্ক গঢ়ি তোলা, আৰু সামাজিক কামত অংশগ্ৰহণৰ জৰিয়তে নিসংগতা হ্ৰাস কৰিব পৰা যায়। যদি সমস্যা গুৰুতৰ হয়, তেন্তে মানসিক স্বাস্থ্য বিশেষজ্ঞ বা চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি জৰুৰী।
সমাজৰ ভূমিকা
নিসংগতাৰ সমস্যা সমাধানৰ বাবে ব্যক্তি, পৰিয়াল আৰু সম্প্ৰদায়ৰ সহযোগিতা অপৰিহাৰ্য। সমাজৰ সকলো স্তৰৰ লোকে এই সমস্যাৰ প্ৰতি সচেতন হৈ সামাজিক সংযোগ বৃদ্ধিৰ দিশত কাম কৰিব লাগিব। প্ৰতিবেদনত জোৰ দি কোৱা হৈছে যে সুস্থ সম্পৰ্ক গঢ়ি তুলিলে কেৱল ব্যক্তিৰ জীৱনৰ মানদণ্ডই উন্নত নহয়, সমাজ আৰু দেশৰ সামগ্ৰিক উন্নতিতো ই ইতিবাচক ভূমিকা পালন কৰে।
নিসংগতাৰ এই বৈশ্বিক সমস্যাৰ প্ৰতি সকলোৰে সচেতনতা আৰু সম্মিলিত প্ৰচেষ্টাৰ জৰিয়তে এক সুস্থ আৰু সংযুক্ত সমাজ গঢ়ি তোলাৰ সম্ভাৱনা সৃষ্টি হ’ব পাৰে।