সংসদত কোনে বন্ধ কৰিছিল ৰাহুল গান্ধীৰ মাইক? স্পষ্ট কৰিলে ওম বিৰলাই

যোৱা লোকসভাত আদালতে শাস্তি ঘোষণা কৰাৰ পিছতে ততাতৈয়াকৈ বাতিল কৰা হৈছিল ৰাহুল গান্ধীৰ সাংসদ পদ। আনকি ইয়াৰ পূৰ্বে ৰাহুল গান্ধীয়ে ভাষণ দিয়াৰ সময়ত মাইক বন্ধ কৰি দিয়াৰো অভিযোগ উত্থাপন হৈছিল।

এইবাৰো পুনৰ ৰাহুল গান্ধীৰ মাইক বন্ধ কৰি দিয়া অভিযোগ উত্থাপন হৈছে। অভিযোগ উত্থাপন হৈছে যে NIT-UG ৰ প্ৰশ্নকাকত ফাদিল হোৱা সম্পৰ্কত সংসদত ভাষণ দিবলৈ লওতেই কংগ্ৰেছ নেতাগৰাকীৰ মাইক বন্ধ কৰি দিয়া হৈছিল। এই সম্পৰ্কত বিৰোধীৰ প্ৰশ্ন আৰু তীব্ৰ বাক্যবাণৰ সন্মুখীন হৈছিল অধ্যক্ষ ওম বিৰলা।

ইয়াৰ পিছতে নিজৰ মত স্পষ্ট কৰিছে অধ্যক্ষ ওম বিৰলাই।

সোমবাৰে সংসদৰ অধিৱেশনত মাইক বন্ধৰ অভিযোগ সন্দৰ্ভত ওম বিৰলাই নিজৰ স্থিতি স্পষ্ট কৰি কয় যে সংসদৰ মাইক্ৰ’ফোন বন্ধ কৰাৰ ক্ষমতা অধ্যক্ষৰ নাই।

তেওঁ কয় যে “অধ্যক্ষই কেৱল নিৰ্দেশনাহে দিব পাৰে। যিজন সদস্যৰ নাম কোৱা হয় তেওঁ সদনত কথা ক’ব পাৰে। অধ্যক্ষৰ নিৰ্দেশ অনুসৰি মাইক নিয়ন্ত্ৰণ কৰা হয়। কিন্তু অধ্যক্ষৰ হাতত ৰিম’ট কণ্ট্ৰ’ল বা মাইক্ৰ’ফোনৰ চুইচ নাই।”