• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কোন হ’ব ইৰাণৰ পৰৱৰ্তী নেতা? জানক তিনি সাম্ভাৱ্য উত্তৰাধিকাৰীৰ বিষয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 1, 2026 11:03 am
31
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

খামেনিৰ মৃত্যুৰ পাছত এতিয়া ইৰাণৰ পৰৱৰ্তী নেতা কোন হ’ব তাক লৈ সমগ্ৰ বিশ্বতে ব্যাপক চৰ্চা চলিছে। আমেৰিকা আৰু ইজৰাইলৰ যৌথ আক্ৰমণত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনিৰ মৃত্যু হোৱা বুলি নিশ্চিত হোৱাৰ পিছত দেশখনে এক অনিশ্চিত ভৱিষ্যতৰ দিশে অগ্ৰসৰ হৈছে। এই সংকটৰ মুহূৰ্তত আমেৰিকা আৰু ইজৰাইলে ইৰাণত শাসন পৰিৱৰ্তনৰ আহ্বান জনাইছে। আনহাতে ইৰাণৰ ইছলামিক ৰিভলিউচনাৰী গাৰ্ড কৰ্পছে ক্ষমতা দখলৰ আশাত আক্ৰমণ আৰম্ভ কৰিছে। ইয়াৰ মাজতে ইৰাণৰ দুজন প্ৰতিদ্বন্দী বিৰোধী নেতাইও নতুন ইৰাণত নিজৰ স্থিতি সবল কৰিবলৈ চেষ্টা চলাইছে। আমেৰিকাৰ আক্ৰমণৰ পিছত বিৰোধী নেত্ৰী মৰিয়ম ৰজাভি আৰু নিৰ্বাসিত ৰাজকুমাৰ ৰেজা পহলেভীয়ে ইৰাণীসকলক ঐক্যবদ্ধ হ’বলৈ আহ্বান জনাই পৃথক বাৰ্তা প্ৰেৰণ কৰিছে যদিও ভৱিষ্যতৰ দৃষ্টিভংগীৰ ক্ষেত্ৰত দুয়োৰে মাজত মতপাৰ্থক্য স্পষ্ট হৈ পৰিছে।

ইৰাণৰ সংবাদ সংস্থা ইৰনাই জনোৱা মতে যেতিয়ালৈকে দেশখনে নতুন নেতা নিৰ্বাচন নকৰে তেতিয়ালৈকে ৰাষ্ট্ৰপতি, ন্যায়পালিকাৰ মুৰব্বী আৰু গাৰ্ডিয়ান কাউন্সিলৰ এজন সদস্যক লৈ গঠিত এখন নেতৃত্ব পৰিষদে সাময়িকভাৱে সৰ্বোচ্চ নেতাৰ দায়িত্ব পালন কৰিব। ইফালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে খামেনিৰ মৃত্যুৰ কথা ঘোষণা কৰি কৈছে যে ইৰাণৰ নেতৃত্ব দিবলৈ কিছুমান উপযুক্ত প্ৰাৰ্থী আছে। চিবিএছ নিউজৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ট্ৰাম্পে কয় যে তেওঁ কাক পছন্দ কৰে সেই বিষয়ে তেওঁ জানে যদিও বৰ্তমান কাৰো নাম ৰাজহুৱা কৰিব নিবিচাৰে। পেৰিছত অৱস্থিত নেচনেল কাউন্সিল অব ৰিজিষ্টেন্স অব ইৰাণৰ নিৰ্বাচিত ৰাষ্ট্ৰপতি মৰিয়ম ৰজাভিয়ে ইৰাণীসকলক দেশৰ শাসকীয় ধৰ্মীয় শাসন ওফৰাই পেলাই এক গণতান্ত্ৰিক গণৰাজ্য গঠন কৰিবলৈ আহ্বান জনাইছে। তেওঁ ধৰ্মীয় ফেচিবাদৰ শাসনত দেশখনে অধিক যন্ত্ৰণা ভোগ কৰি থকা বুলি মন্তব্য কৰিছে।

Apply Now

ৰজাভিয়ে বিশেষকৈ দেশৰ যুৱ প্ৰজন্মক এই অস্থিৰতাৰ মাজত সাধাৰণ নাগৰিকক সুৰক্ষা দিবলৈ আহ্বান জনাইছে। তেওঁৰ দল এনচিআৰআইয়ে নিজকে এক নিৰ্বাসিত চৰকাৰ হিচাপে উপস্থাপন কৰিছে আৰু তেওঁলোকৰ হাতত এখন ছয় মহীয়া অন্তৱৰ্তীকালীন প্ৰশাসনৰ পৰিকল্পনা থকা বুলি জানিবলৈ দিছে। এই প্ৰশাসনে দেশত মুক্ত নিৰ্বাচন অনুষ্ঠিত কৰি জনসাধাৰণৰ হাতত ক্ষমতা অৰ্পণ কৰিব। ৰজাভিয়ে কয় যে এতিয়া সংহতিৰ সময় আৰু ইৰাণী জনসাধাৰণে শাহ বা মোল্লা কাৰো শাসন গ্ৰহণ নকৰে। একে সময়তে ইৰাণৰ অন্তিমজন ৰজাৰ পুত্ৰ ৰেজা পহলেভীয়েও এক্সৰ জৰিয়তে জনাইছে যে ইছলামিক গণৰাজ্যৰ পতন হ’লে তেওঁৰ হাতত এক গণতান্ত্ৰিক পৰিৱৰ্তনৰ পৰিকল্পনা আছে। পহলেভীয়ে আমেৰিকাৰ এই পদক্ষেপক এক মানৱীয় হস্তক্ষেপ বুলি অভিহিত কৰি কৈছে যে এয়া ইৰাণী জনসাধাৰণৰ বিৰুদ্ধে নহয় বৰঞ্চ শাসকীয় ব্যৱস্থাৰ বিৰুদ্ধেহে কৰা হৈছে।

দুয়োগৰাকী নেতাই ইৰাণৰ সামৰিক আৰু নিৰাপত্তা বাহিনীক গণতান্ত্ৰিক ক্ষমতা হস্তান্তৰৰ পথ প্ৰশস্ত কৰিবলৈ পোনপটীয়াকৈ আহ্বান জনাইছে। ৰজাভিয়ে নিৰাপত্তা বাহিনীৰ সদস্যসকলক অস্ত্ৰ সম্বৰণ কৰি জনসাধাৰণৰ পক্ষ ল’বলৈ অনুৰোধ জনোৱাৰ বিপৰীতে পহলেভীয়ে সতৰ্ক কৰি দিছে যে যদি তেওঁলোকে শাসনক ৰক্ষা কৰি থাকে তেন্তে তেওঁলোক খামেনিৰ জাহাজৰ লগতে ডুব যাব। বিশেষজ্ঞসকলে আশংকা কৰিছে যে খামেনিৰ অনুপস্থিতিত ইৰাণৰ ইছলামিক ৰিভলিউচনাৰী গাৰ্ড কৰ্পছেও ক্ষমতা দখলৰ চেষ্টা কৰিব পাৰে। যদিও খামেনিয়ে তেওঁৰ উত্তৰাধিকাৰীৰ নাম কেতিয়াও ৰাজহুৱা কৰা নাছিল তথাপিও তেওঁৰ দ্বিতীয় পুত্ৰ মোজতবা খামেনিক ধৰ্মীয় শাসনৰ যুক্তিপূৰ্ণ উত্তৰাধিকাৰী হিচাপে গণ্য কৰা হয়। ৫৬ বছৰীয়া মোজতবা তেওঁৰ পিতৃৰ কঠোৰ নীতিৰ সমৰ্থক বুলি জনা যায়।

আন এজন শক্তিশালী প্ৰাৰ্থী হৈছে ইৰাণৰ বিপ্লৱৰ পিতৃ পুৰুষ ৰুহুল্লাহ খোমেনিৰ নাতি ৫৩ বছৰীয়া হাছান খোমেনি। যোৱা এটা মাহত তেওঁ এজন গুৰুত্বপূৰ্ণ প্ৰাৰ্থী হিচাপে আত্মপ্ৰকাশ কৰিছে আৰু তেওঁক ঘৰুৱা তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অধিক উদাৰ বুলি গণ্য কৰা হয়। ইৰাণৰ সংবিধান অনুসৰি দেশখনত বৰ্তমানৰ ৰাষ্ট্ৰপতি মাছাউদ পেজেশ্বিয়ান আৰু ন্যায়পালিকাৰ মুৰব্বী গোলামহোছেইন মোহছেনি এজেয়ীক লৈ এখন নেতৃত্ব পৰিষদ গঠন কৰা হৈছে। এই পৰিষদে অন্তৱৰ্তীকালীনভাৱে শাসন চলাব যদিও ৮৮ জনীয়া বিশেষজ্ঞ সভা চমুকৈ এসেম্বলী অৱ এক্সপাৰ্টছে অতি সোনকালে এজন নতুন সৰ্বোচ্চ নেতা বাছনি কৰিব লাগিব। এই সভাত কেৱল শিয়া ধৰ্মীয় গুৰুসকল থাকে আৰু তেওঁলোকক আঠ বছৰৰ মূৰে মূৰে নিৰ্বাচন কৰা হয়।

ইৰাণত উত্তৰাধিকাৰী নিৰ্বাচনৰ প্ৰক্ৰিয়াটো অতি গোপনে চলি থাকে যাৰ বাবে কোন আগশাৰীৰ প্ৰাৰ্থী হ’ব পাৰে সেইটো ধৰা পেলোৱাটো কঠিন। ১৯৭৯ চনৰ ইছলামিক বিপ্লৱৰ পিছত দেশখনৰ সৰ্বোচ্চ নেতাৰ পদত মাত্ৰ এবাৰহে ক্ষমতা হস্তান্তৰ হৈছিল। ১৯৮৯ চনত ৰুহুল্লাহ খোমেনিৰ মৃত্যুৰ পিছত আলী খামেনি ক্ষমতালৈ আহিছিল। এতিয়া ২০২৫ চনৰ জুন মাহত ইজৰাইলে ইৰাণৰ বিৰুদ্ধে চলোৱা ১২ দিনীয়া যুদ্ধৰ পাছত এই বৃহৎ পৰিৱৰ্তন আহি পৰিছে। ইৰাণৰ শাসন ব্যৱস্থাত সৰ্বোচ্চ নেতাজনৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ তেওঁ দেশৰ সামৰিক বাহিনী আৰু ৰিভলিউচনাৰী গাৰ্ডৰ মুখ্য সেনাপতি হিচাপেও কাম কৰে। এই ৰিভলিউচনাৰী গাৰ্ডক আমেৰিকাই ২০১৯ চনতে এটা সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা কৰিছিল। বৰ্তমান এই জটিল সন্ধিক্ষণত ইৰাণৰ পৰৱৰ্তী গন্তব্যস্থান কি হ’ব সেয়া সমগ্ৰ বিশ্বৰ বাবে এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিদ্ৰোহী তৃণমূল কংগ্ৰেছৰ সাংসদসকলক আমন্ত্ৰণ; সৰ্বদলীয় বৈঠকৰ পৰা ৱাকআউট বিৰোধীৰ

বিদ্ৰোহী তৃণমূল কংগ্ৰেছৰ সাংসদসকলক আমন্ত্ৰণ; সৰ্বদলীয় বৈঠকৰ পৰা ৱাকআউট বিৰোধীৰ

July 19, 2026 2:22 pm
বাদ পৰিল গম্ভীৰ? নতুন প্ৰশিক্ষকৰ সৈতে টি-২০ ছিৰিজ খেলিবলৈ জিম্বাবুৱেলৈ ৰাওনা টিম ইণ্ডিয়া

বাদ পৰিল গম্ভীৰ? নতুন প্ৰশিক্ষকৰ সৈতে টি-২০ ছিৰিজ খেলিবলৈ জিম্বাবুৱেলৈ ৰাওনা টিম ইণ্ডিয়া

July 19, 2026 12:35 pm
একেৰাহে ৩৭খন মেচত অপৰাজিত থকাৰ অভিলেখ; কিদৰে ১৬ বছৰৰ পাছত বিশ্বকাপৰ ফাইনেলত স্পেইন?

একেৰাহে ৩৭খন মেচত অপৰাজিত থকাৰ অভিলেখ; কিদৰে ১৬ বছৰৰ পাছত বিশ্বকাপৰ ফাইনেলত স্পেইন?

July 19, 2026 11:23 am
জৰ্ডানত ইৰাণৰ আক্ৰমণত নিহত ২ মাৰ্কিন সেনা! প্ৰতিশোধত তেহৰাণত পুনৰ এয়াৰ ষ্ট্ৰাইক আমেৰিকাৰ

জৰ্ডানত ইৰাণৰ আক্ৰমণত নিহত ২ মাৰ্কিন সেনা! প্ৰতিশোধত তেহৰাণত পুনৰ এয়াৰ ষ্ট্ৰাইক আমেৰিকাৰ

July 19, 2026 10:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিদ্ৰোহী তৃণমূল কংগ্ৰেছৰ সাংসদসকলক আমন্ত্ৰণ; সৰ্বদলীয় বৈঠকৰ পৰা ৱাকআউট বিৰোধীৰ

বিদ্ৰোহী তৃণমূল কংগ্ৰেছৰ সাংসদসকলক আমন্ত্ৰণ; সৰ্বদলীয় বৈঠকৰ পৰা ৱাকআউট বিৰোধীৰ

July 19, 2026 2:22 pm
বাদ পৰিল গম্ভীৰ? নতুন প্ৰশিক্ষকৰ সৈতে টি-২০ ছিৰিজ খেলিবলৈ জিম্বাবুৱেলৈ ৰাওনা টিম ইণ্ডিয়া

বাদ পৰিল গম্ভীৰ? নতুন প্ৰশিক্ষকৰ সৈতে টি-২০ ছিৰিজ খেলিবলৈ জিম্বাবুৱেলৈ ৰাওনা টিম ইণ্ডিয়া

July 19, 2026 12:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd