ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধান মন্ত্ৰীঃ সঘনে উচ্চাৰিত হৈছে ভাৰতীয় মূলৰ ঋষি সুনাকৰ নাম

মাত্ৰ ৪৫ দিনৰ কাৰ্যকালৰ পিছতেই ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ পদৰ পৰা ইস্তফা দি দেশখনৰ আটাইতকৈ কম সময় কাৰ্যভাৰ গ্ৰহণ কৰা প্ৰধান মন্ত্ৰী হিচাপে পৰিগণিত হৈছে লিজ ট্ৰাছ। যোৱা ৬ ছেপ্তেম্বৰত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা লিজ ট্ৰাছে জনাদেশ ভংগ কৰি যোৱা ২০ অক্টোবৰত প্ৰধান মন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছিল। লিজৰ পদত্যাগৰ পিছতেই সম্প্ৰতি নতুন প্ৰধান মন্ত্ৰী নিৰ্বাচনৰ বাবে আগবাঢ়িছে দেশখন।

এতিয়া নতুন প্ৰধান মন্ত্ৰী নিৰ্বাচনৰ বাবে চৰ্চিত হৈ পৰিছে কেইবাজনো লোক। প্ৰধানমন্ত্ৰীৰ সাম্ভাৱ্য পদৰ এই তালিকাখনত সোমাই পৰিছে ভাৰতীয় মূলৰ ব্ৰিটেইন নাগৰিক ঋষি সুনাকৰ নাম। এই তালিকাখনত বহুকেইজন সাম্ভাৱ্য প্ৰাৰ্থীৰ নাম আছে যদিও তালিকাখনৰ শীৰ্ষ স্থানত চৰ্চা লাভ কৰিছে বিশেষ দুজন ব্যক্তিয়ে। ইয়াৰে এজন হৈছে ব্ৰিটেইনৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী বৰিজ জনচন আৰু আনজন হৈছে ভাৰতীয় মূলৰ ঋষি সুনাক। ইতিমধ্যেই মনোনয়ন পত্ৰ দাখিলৰ বাবে প্ৰয়োজন হোৱা ‘কনজাৰ্ভেটিভ পাৰ্টি’ৰ ১০০ জন সদস্যৰ সমৰ্থন লাভ কৰিছে ঋষি সুনাকে।

ব্ৰিটেইনৰ সংবাদ মাধ্যমৰ খবৰ অনুসৰি ঋষি সুনাক ব্ৰিটেইনৰ নতুন প্ৰধান মন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ অধিক সম্ভাৱনাই বিৰাজ কৰিছে। ঋষি সুনাক ব্ৰিটেইনৰ প্ৰধান মন্ত্ৰী ৰূপে নিৰ্বাচিত হ’লে ভাৰতৰ লগত দেশখনৰ বৈদেশিক সম্পৰ্ক অধিক গাঢ় হৈ পৰিব বুলি আশা কৰিছে দেশৰ ৰাজনীতিবিদ, অৰ্থনীতিবিদ আৰু পুঁজিপতি সকলে।