• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰ্বাচনত বৃহৎ বাইকৰেলী, ঘটিব সুৰাৰ পয়োভৰ! : সেয়েহে কমিল নেকি পেট্ৰ’ল-ডিজেল-সুৰাৰ মূল্য?

অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি হ’লেও হওঁক; সুৰাত ২৫ শতাংশ ৰেহাই; আনন্দত মতলীয়া সুৰাপায়ী!

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 13, 2021 9:00 pm
petrol wine bjp
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমাগত ২০২১ৰ বিধান সভা নিৰ্বাচন। এটা মাত্ৰ মাহৰ পাছতে অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন।

শাসনলৈ অহাৰ পূৰ্বে সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে পেট্ৰ’ল ডিজেলৰ মূল্যবৃদ্ধি ৰোধ কৰাটো প্ৰধানতঃ মূল ইচ্ছ্যু আছিল বিজেপিৰ। কিয়নো কংগ্ৰেছ চৰকাৰ ব্যৰ্থ আছিল সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত।

Apply Now

কিন্তু প্ৰায় ৫ টা বৰ্ষ সামগ্ৰীৰ মূল্য হ্ৰাস নকৰাকৈ বৰঞ্চ দৈনিক এটকা দুটকাকৈ বৃদ্ধি কৰি থকাৰ ফলত সামগ্ৰীসমূহৰ মূল্য আকাশলঙ্ঘী হ’লগৈ।

নিৰ্বাচনৰ পূৰ্বে সামগ্ৰীসমূহৰ মূল্য হ্ৰাস কৰাটো প্ৰতিখন চৰকাৰৰ একপ্ৰকাৰ অভ্যাসত পৰিণত হৈছে। তাৰ পৃথক নহয় শাসনাধীন বিজেপি চৰকাৰ।

কালি অসমৰ জনসাধাৰণে গভীৰ আগ্ৰহৰে ৰৈ আছিল হিমন্ত বিশ্ব শৰ্মাৰ বাজেট ভাষণলৈ। সকলোৱে আশা কৰিছিল অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হ্ৰাস কৰা সম্পৰ্কে বক্তব্যত উল্লেখ কৰিব দক্ষ মন্ত্ৰীগৰাকীয়ে।

কিন্তু মন্ত্ৰীগৰাকীৰ মুখত কেৱল পেট্ৰ’ল-ডিজেল-সুৰাৰ প্ৰসংগহে উচ্চাৰিত হ’ল। মাজনিশাৰ পৰা কাৰ্যকৰী হোৱাকৈ পেট্ৰ’ল-ডিজেলৰ প্ৰতি লিটাৰৰ মূল্য ৫ টকাকৈ হ্ৰাস কৰাৰ বিপৰীতে সুৰাত ২৫ শতাংশ ৰেহাইৰ কথা উল্লেখ কৰিলে মন্ত্ৰীগৰাকীয়ে।

এই ঘোষণাৰ পাছতে সুৰাপায়ীসকল আনন্দত মতলীয়া হৈ পৰা পৰিলক্ষিত হৈছে। ১০০ টকাৰ কুৱাৰ্টাৰ বটল এতিয়া তেওঁলোকে লাভ কৰিব ৭৫ টকাত।

একাংশ সুৰাপায়ীয়ে হয়তো মনতে সিদ্ধান্ত লৈ লৈছে বিজেপি চৰকাৰকে এইবাৰ তেওঁলোকে শাসনলৈ আনিব।

কিন্তু সেইসকলক উদ্দেশ্যি ক’ব বিচাৰিছো লকডাউনৰ সময়ছোৱাত ২৫ শতাংশ মূল্য বৃদ্ধি কৰাৰ বাবেহে এতিয়া ২৫ শতাংশ ৰেহাই দিয়াৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে।

ইপিনে, পূৰ্বৰে পৰা এক গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে যে নিৰ্বাচনৰ সময়ত ঠায়ে ঠায়ে ৰাজনৈতিক দলসমূহে সুৰা বিতৰণ কৰে বিভিন্ন ৰাজনৈতিক দলে। সুৰাৰ মূল্য বৃদ্ধিৰ পাছত তেওঁলোকৰ মনবোৰ সংকুচিত হৈছিল যদিও কালি হিমন্ত বিশ্ব শৰ্মাই কৰা ঘোষণাৰ পাছতে তেওঁলোকৰো যেন মুখত এমুকুৰা হাঁহি বিয়পিছে।

আনহাতে, নিৰ্বাচনী প্ৰচাৰৰ এটা গুৰুত্বপূৰ্ণ অধ্যায় হৈছে হাজাৰ হাজাৰ বাইক লৈ ৰাজনৈতিক দলসমূহৰ শক্তি প্ৰদৰ্শন। এই হাজাৰ হাজাৰ বাইকত বিনামূলীয়া তেল দিয়াটো ৰাজনৈতিক দলসমূহৰ একপ্ৰকাৰ নিয়ম। বহু যুৱক তেল লাভৰ আশাতে ৰেলীত অংশগ্ৰহণৰ অভিনয় কৰি আদবাটৰে পৰা উভটি অহাৰো উদাহৰণ নথকা হৈছে।

এতিয়া ৰাজনৈতিক দলৰ নেতাসমূহৰো পেট্ৰ’ল ডিজেলৰ মূল্য কিছু পৰিমাণে হ’লেও হ্ৰাস পোৱাত হাজাৰ হাজাৰ বাইকত তেল ভৰাওঁতে ধন ৰাহি হ’ব।

অৱশ্যে, নিৰ্বাচনৰ পূৰ্বে অত্যাৱশ্যকীয় সামগ্ৰী যেনে চাউল, দাইল, আলু-পিয়াজ, মিঠাতেলকে ধৰি অন্যান্য সামগ্ৰীৰ দাম কিছু পৰিমাণে হ’লেও কমাব বুলি একাংশই আশা প্ৰকাশ কৰিছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd