• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বদৰুদ্দিন আজমল হঠাতে কিয় ইমান গুৰুত্বপূৰ্ণ হৈ পৰিছে অসমৰ ৰাজনীতিত?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 23, 2020 1:55 pm
AJMOL POLITIICS
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ৰাজনীতিৰ মূল অভিকেন্দ্ৰ হৈ পৰিছে বদৰুদ্দিন আজমল। যেন এআইয়ুডিএফ প্ৰধান বদৰুদ্দিন আজমল অসমত নাথাকিলেও শাসকীয় দল বা বিৰোধী দলৰ মুখত বাৰেপতি তেওঁৰ নাম উচ্চাৰিত হৈ এতিয়া আজমল কেন্দ্ৰিক হৈ পৰিছে অসমৰ ৰাজনীতি।

পূৰ্বতে আজমলৰ গুৰুত্ব অসমৰ ৰাজনীতিত কোনো কালেই নাছিল। প্ৰাক্তন মুখ্য মন্ত্রী তৰুণ গগৈয়ে কোৱাৰ দৰে Who is Badaruddin? বুলি অসমৰ ৰাইজে মনে-প্ৰাণে বিশ্বাস কৰিছিল।

Apply Now

ধৰ্মীয় সংখ্যালঘুক ঢাল হিচাপে ব্যৱহাৰ কৰি হঠাৎ আৱিৰ্ভাব হোৱা নেতা হৈছে বদৰুদ্দিন আজমল।

কিন্তু ২০১৬ চনৰে পৰা আজমলৰ গুৰুত্ব লাহে লাহে বৃদ্ধি পাবলৈ ধৰিলে অসমৰ ৰাজনীতিত।

কিন্তু কিয় বিজেপি, কংগ্ৰেছৰ দৰে মূল সুঁতিৰ বৃহৎ ৰাজনৈতিক দলেও আজমলক গুৰুত্ব দিবলৈ বাধ্য হৈছে।

অসমৰ নিৰ্বাচনী ৰাজনীতিত আওপকীয়াকৈ হ’লেও প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে  নেকি তেওঁ?

যদি নহয় তেন্তে প্ৰশ্ন হয়, আজমল ইমান কিয় গুৰুত্বপূৰ্ণ অসমৰ ৰাজনীতিত? তেওঁৰ ইমান গুৰুত্ব বঢ়াইছে কোনে?

সঁচাকৈয়ে আজমলৰ ৰাজনৈতিক বিচক্ষণতা বা শক্তিৰ ওপৰত এই গুৰুত্ব প্ৰতিষ্ঠিত হয় নে?

যিদৰে আজমলক লগত লৈ কংগ্ৰেছে বিৰোধী ৰাজনীতি শক্তিশালী কৰিব বিচাৰিছে ঠিক সেইদৰে আজমলক কটাক্ষ কৰি বিৰোধীৰ মাজত বিভাজন আনি শাসকীয় বিজেপিয়েও লাভ আদায় কৰিবলৈ চেষ্টা কৰিছে।

চৰ্চা অনুসৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত আজমলৰ ব্যক্তিগত সম্পৰ্ক অতি মধুৰ। বহু সময়ত মুকলিকৈ বদৰুদ্দিন আজমলৰ সৈতে হিমন্তৰ সু-সম্পৰ্কৰ কথা মুকলিকৈ প্ৰকাশো পাইছিল।

যোৱা ১২ জুলাইৰ দিনা মুম্বাইৰ ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা বদৰুদ্দিন আজমলৰ নিৰন্তৰ খবৰ লৈ আছিল অসমৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ ফেইচবুক আৰু টুইটাৰযোগে এই কথা উল্লেখ কৰিছিল।

কিন্তু সেই বদৰুদ্দিন আজমলকেই ঢাল হিচাপে লৈ অসমবাসীৰ মনত এক ভয় বা ত্ৰাসৰ সৃষ্টি কৰিবলৈ আৰম্ভ কৰিছে মন্ত্ৰী হিমন্তই।

২০১৯ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বেও আজমল অসমৰ মুখ্য মন্ত্ৰী হৈ অসমক দ্বিতীয় কাশ্মীৰত পৰিণত কৰিব বুলি প্ৰায় প্ৰত্যেকখন সভাতে বক্তব্য ৰাখিছিল মন্ত্ৰীগৰাকীয়ে।

এনেকৈয়ো বিষয়টো আলোচিত হৈছে যে হিমন্ত+আজমল = লোককে দেখুৱাই কেটেৰা-জেঙেৰা ভিতৰি নেৰিবা বেথাৰ দৰেহে নেকি কথাটো।

ইয়াৰ মাজতে শাসনাধীষ্ঠ বিজেপিৰ লগত এআইয়ুডিএফৰ কিছু সংঘাত হোৱাও দেখা যায়। সাম্প্ৰদায়িকতাৰ বাবেই বিজেপি আৰু এআইয়ুডিএফৰ মাজত মতভেদ দেখিবলৈ পোৱা গৈছে। বিজেপিৰ বহু নেতাই সাম্প্ৰদায়িক মন্তব্য কৰিলেও সেই একেই সাম্প্ৰদায়িক মন্তব্য কৰাৰ বাবেই বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰি জেইল হাজোতলৈ প্ৰেৰণ কৰা হৈছিল।

ইপিনে, নিজকে সুৰক্ষিত কৰাৰ স্বাৰ্থত এআইয়ুডিএফেও কংগ্ৰেছকে যোগ্য বিকল্প ৰাজনৈতিক শক্তি বুলি ভাবিবলৈ আৰম্ভ কৰিলে। যাৰ বাবে কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰি দলটোৱে নিজৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত অৱতীৰ্ণ হৈছে।

শেহতীয়াকৈ বিজেপিৰ সমৰ্থকসকলে পূৰ্বতে আজমলে গামোচাৰ ওপৰত চকী পাৰি বহা ফটো ভাইৰেল কৰি তেওঁক সমালোচনাৰ লক্ষ্য কৰি লৈছে।

প্ৰশ্ন হয়, আজমল বিজেপিৰ কাৰণে সঁচাকৈয়ে অস্পৃশ্য আছিল নেকি?

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

September 27, 2026 9:38 pm
নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

September 27, 2026 8:54 pm
দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

September 27, 2026 8:10 pm
ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

September 27, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

September 27, 2026 9:38 pm
নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

September 27, 2026 8:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd