অসমৰ ৰাজনীতিৰ মূল অভিকেন্দ্ৰ হৈ পৰিছে বদৰুদ্দিন আজমল। যেন এআইয়ুডিএফ প্ৰধান বদৰুদ্দিন আজমল অসমত নাথাকিলেও শাসকীয় দল বা বিৰোধী দলৰ মুখত বাৰেপতি তেওঁৰ নাম উচ্চাৰিত হৈ এতিয়া আজমল কেন্দ্ৰিক হৈ পৰিছে অসমৰ ৰাজনীতি।
পূৰ্বতে আজমলৰ গুৰুত্ব অসমৰ ৰাজনীতিত কোনো কালেই নাছিল। প্ৰাক্তন মুখ্য মন্ত্রী তৰুণ গগৈয়ে কোৱাৰ দৰে Who is Badaruddin? বুলি অসমৰ ৰাইজে মনে-প্ৰাণে বিশ্বাস কৰিছিল।
ধৰ্মীয় সংখ্যালঘুক ঢাল হিচাপে ব্যৱহাৰ কৰি হঠাৎ আৱিৰ্ভাব হোৱা নেতা হৈছে বদৰুদ্দিন আজমল।
কিন্তু ২০১৬ চনৰে পৰা আজমলৰ গুৰুত্ব লাহে লাহে বৃদ্ধি পাবলৈ ধৰিলে অসমৰ ৰাজনীতিত।
কিন্তু কিয় বিজেপি, কংগ্ৰেছৰ দৰে মূল সুঁতিৰ বৃহৎ ৰাজনৈতিক দলেও আজমলক গুৰুত্ব দিবলৈ বাধ্য হৈছে।
অসমৰ নিৰ্বাচনী ৰাজনীতিত আওপকীয়াকৈ হ’লেও প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে নেকি তেওঁ?
যদি নহয় তেন্তে প্ৰশ্ন হয়, আজমল ইমান কিয় গুৰুত্বপূৰ্ণ অসমৰ ৰাজনীতিত? তেওঁৰ ইমান গুৰুত্ব বঢ়াইছে কোনে?
সঁচাকৈয়ে আজমলৰ ৰাজনৈতিক বিচক্ষণতা বা শক্তিৰ ওপৰত এই গুৰুত্ব প্ৰতিষ্ঠিত হয় নে?
যিদৰে আজমলক লগত লৈ কংগ্ৰেছে বিৰোধী ৰাজনীতি শক্তিশালী কৰিব বিচাৰিছে ঠিক সেইদৰে আজমলক কটাক্ষ কৰি বিৰোধীৰ মাজত বিভাজন আনি শাসকীয় বিজেপিয়েও লাভ আদায় কৰিবলৈ চেষ্টা কৰিছে।
চৰ্চা অনুসৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত আজমলৰ ব্যক্তিগত সম্পৰ্ক অতি মধুৰ। বহু সময়ত মুকলিকৈ বদৰুদ্দিন আজমলৰ সৈতে হিমন্তৰ সু-সম্পৰ্কৰ কথা মুকলিকৈ প্ৰকাশো পাইছিল।
যোৱা ১২ জুলাইৰ দিনা মুম্বাইৰ ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা বদৰুদ্দিন আজমলৰ নিৰন্তৰ খবৰ লৈ আছিল অসমৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ ফেইচবুক আৰু টুইটাৰযোগে এই কথা উল্লেখ কৰিছিল।
কিন্তু সেই বদৰুদ্দিন আজমলকেই ঢাল হিচাপে লৈ অসমবাসীৰ মনত এক ভয় বা ত্ৰাসৰ সৃষ্টি কৰিবলৈ আৰম্ভ কৰিছে মন্ত্ৰী হিমন্তই।
২০১৯ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বেও আজমল অসমৰ মুখ্য মন্ত্ৰী হৈ অসমক দ্বিতীয় কাশ্মীৰত পৰিণত কৰিব বুলি প্ৰায় প্ৰত্যেকখন সভাতে বক্তব্য ৰাখিছিল মন্ত্ৰীগৰাকীয়ে।
এনেকৈয়ো বিষয়টো আলোচিত হৈছে যে হিমন্ত+আজমল = লোককে দেখুৱাই কেটেৰা-জেঙেৰা ভিতৰি নেৰিবা বেথাৰ দৰেহে নেকি কথাটো।
ইয়াৰ মাজতে শাসনাধীষ্ঠ বিজেপিৰ লগত এআইয়ুডিএফৰ কিছু সংঘাত হোৱাও দেখা যায়। সাম্প্ৰদায়িকতাৰ বাবেই বিজেপি আৰু এআইয়ুডিএফৰ মাজত মতভেদ দেখিবলৈ পোৱা গৈছে। বিজেপিৰ বহু নেতাই সাম্প্ৰদায়িক মন্তব্য কৰিলেও সেই একেই সাম্প্ৰদায়িক মন্তব্য কৰাৰ বাবেই বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰি জেইল হাজোতলৈ প্ৰেৰণ কৰা হৈছিল।
ইপিনে, নিজকে সুৰক্ষিত কৰাৰ স্বাৰ্থত এআইয়ুডিএফেও কংগ্ৰেছকে যোগ্য বিকল্প ৰাজনৈতিক শক্তি বুলি ভাবিবলৈ আৰম্ভ কৰিলে। যাৰ বাবে কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰি দলটোৱে নিজৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত অৱতীৰ্ণ হৈছে।
শেহতীয়াকৈ বিজেপিৰ সমৰ্থকসকলে পূৰ্বতে আজমলে গামোচাৰ ওপৰত চকী পাৰি বহা ফটো ভাইৰেল কৰি তেওঁক সমালোচনাৰ লক্ষ্য কৰি লৈছে।
প্ৰশ্ন হয়, আজমল বিজেপিৰ কাৰণে সঁচাকৈয়ে অস্পৃশ্য আছিল নেকি?