কি কাৰণে জেলৰ ভাত খাইছিল বলীউডৰ এইসকল তাৰকাই ? জানো আহক

বলীউড জগতত এনে কিছুমান বিখ্যাত তাৰকা আছে যিসকলে জেলৰ শাস্তি ভোগ কৰিছে। ইয়াৰ ভিতৰত কিছুমান তাৰকাই কিছুদিনৰ বাবে আৰু আন কিছুমান তাৰকাই দীৰ্ঘ সময়ৰ বাবে কাৰাগাৰত বন্দীত্বৰ জীৱন যাপন কৰিছে। এই সকল তাৰকাৰ ভিতৰত আছে সঞ্জয় দত্ত, চলমান খান,  জন আব্ৰাহম, মণিকা বেদী ইত্যাদি।

ফাৰ্দিন খান :  ড্ৰাগছৰ গোচৰত জেললৈ গৈছিল ফাৰ্দিন খান। এই ঘটনা সংঘটিত হৈছিল ২০০১ চনত। তেওঁৰ বিৰুদ্ধে উত্থাপন হৈছিল ড্ৰাগছ ক্ৰয় কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ। এই কাৰণতে কেৰিয়াৰো ধ্বংস হয় তাৰকাগৰাকীৰ।

সঞ্জয় দত্ত : অবৈধ অস্ত্ৰ ৰখাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল সঞ্জয় দত্ত। ১৯৯৩ চনৰ মুম্বাই বিস্ফোৰণত ব্যৱহৃত অস্ত্ৰ তেওঁৰ হাতত উদ্ধাৰ হৈছিল। যাৰ বাবে তেওঁ জেললৈ যাবলগীয়া হৈছিল।

সূৰজ পাঞ্চলি : সূৰজ পাঞ্চলিৰ প্ৰেমিকা জিয়া খানে আত্মহত্যা কৰিছিল। চুইচাইড নোটত সূৰজে শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছিল জিয়া খানে। যাৰ বাবে জিয়া খানৰ আত্মহত্যাৰ গোচৰত জেললৈ যাবলগীয়া হৈছিল সূৰজ।

ৰিয়া চক্ৰৱৰ্তী : সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনাৰ পিছত ৰিয়াৰ বিৰুদ্ধে পোনপটীয়াকৈ আত্মহত্যাৰ বাবে উচটনি দিয়াৰ অভিযোগ উত্থাপন হৈছিল। তাৰ পিছত ড্ৰাগছৰ গোচৰত জেললৈ যাবলগীয়া হৈছিল ৰিয়া চক্ৰৱৰ্তী।

ছলমান খান : ছলমান খানৰ বিৰুদ্ধে নীল গাই চিকাৰৰ গোচৰ আছিল। যাৰ বাবে তেওঁ জেললৈ যাবলগীয়া হৈছিল। ইয়াৰ পিছতে পুনৰ অসাৱধানতাৰে গাড়ী চলাই ফুটপাথত এজন যুৱকক খুন্দিয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল। অৱশ্যে ইয়াৰ দায়িত্ব গা পাতি লৈছিল ছলমান খানৰ গাড়ী চালকে।

জন আব্ৰাহাম : জন আব্ৰাহামক ২০০৬ চনত অসাৱধানতাৰে গাড়ী চলোৱাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছিল।

মনিকা বেদী : আণ্ডাৰৱৰ্ল্ড ডন আবু চেলিমৰ সৈতে সম্পৰ্ক আছিল মনিকাৰ। এই অভিযোগৰ বাবে ২০০১ চনত মণিকাক প্ৰেমিকৰ সৈতে একেলগে গ্ৰেপ্তাৰ কৰা হৈছিল।