• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কিছুমান মানুহক কুকুৰে কিয় বেছিকৈ ভুকে বা খেদে? কাৰণবোৰ জানি উপকৃত হ’ব পাৰে আপুনি

এন ই নাও নিউজ by এন ই নাও নিউজ
January 17, 2020 1:59 pm
Dog bark at people
31
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সকলো অচিনাকি মানুহৰ প্ৰতি কুকুৰৰ প্ৰতিক্ৰিয়া একে নহয়। এইটো প্ৰায়ে দেখা সত্য যে কিছুমান মানুহক দেখিলে কুকুৰে বেছিকৈ ভুকে আৰু কিছুমানক সিমান নুভুকে।

কুকুৰৰ এই আচৰিত আচৰণটোৰ বিষয়ে সাধাৰণ মানুহৰ উৎসুকতা থকাৰ উপৰি প্ৰাণীৰ আচৰণ সম্পৰ্কীয় অধ্যয়নৰো ই এটা দিশ।

Apply Now

সাধাৰণভাৱে অচিনাকি মানুহ দেখিলেই কুকুৰে অত্যধিক ভুকা আচৰণটোৰ অনুপযুক্তভাৱে সামাজিককৰণ (poor socialization)ৰ সৈতে সম্পৰ্ক আছে। কুকুৰ এটা পোহা বা ডাঙৰ কৰা প্ৰক্ৰিয়াটোত তাক উপযুক্তভাৱে বিভিন্ন মানুহৰ সংগ নিদিয়া বাবে এয়া হয়।

ৰাস্তাত মুকলিকৈ ঘূৰি ফুৰা কুকুৰতকৈ বান্ধত থকা বা পোহনীয়া কুকুৰে মানুহক অধিক ভুকা আৰু আক্ৰমণ কৰাটোৱেও এই অনুপযুক্তভাৱে সামাজিককৰণ (poor socialization)ৰ সূত্ৰটো প্ৰমাণ কৰে।

কিন্তু সামাজিককৰণ উপযুক্তভাৱে হোৱা কুকুৰেও কিছুমান লোকৰ প্ৰতি আন কিছুমানতকৈ অধিক আক্ৰমণাত্মক হয় আৰু ভুকে, খেদে বা কামোৰে।

ইয়াৰ এটা সৰ্বসন্মত কাৰণ বিচাৰি উলিয়াব পৰা নাই যদিও কুকুৰৰ এই আচৰণৰ আঁৰত যে ব্যক্তিৰ পৰা বাৰ্তা হিচাপে যোৱা ভিন্ন ধৰণৰ মানসিক অৱস্থাৰ ছিগনেল সেয়া প্ৰায়সকলেই মানি লৈছে।

প্ৰায়সকল অধ্যয়নকাৰীয়েই কোৱা কথাটো হ’ল- অচিনাকি কুকুৰ এটা দেখি মানুহৰ মানসিক অৱস্থাৰ পৰিৱৰ্তন হয়। যেতিয়া মানুহ এজন হঠাতে ভীতিৰ মুখামুখি হয়, তেতিয়া শৰীৰে বিভিন্ন ধৰণৰ হৰম’ন আৰু অন্যান্য ধৰণৰ দেহৰস নিঃসৰণ কৰে।

এইবোৰ অত্যন্ত সূক্ষ্ম অনুভূতিশীল কুকুৰে ছিগনেল হিচাপে অনুধাৱন কৰিব পাৰে। যদিও veterinary medical community-ৰ মাজত ইয়াৰ সত্যতাক লৈ ভিন্নমত আছে, ২০১৭ চনত প্ৰকাশিত এটা অধ্যয়নেও এই কথাটোক সমৰ্থন কৰিছে।

অধ্যয়নটোত ভীতিগ্ৰস্ত মানুহ আৰু সুখী অৱস্থাত থকা মানুহৰ উদ্দীপক (stimuli) সংগ্ৰহ কৰি বেলেগ বেলেগ কুকুৰৰ বাবে দি চোৱা হৈছিল। পৰীক্ষাটোত ভীতিগ্ৰস্ত মানুহৰ উদ্দীপক দিয়া কুকুৰকেইটাৰ আচৰণ আনকেইটাতকৈ বহুগুণে চাপযুক্ত (stressful) হিচাপে বাণীবদ্ধ হয়। অধ্যয়নটোৱে এই ইংগিত দিছে যে ভীতিগ্ৰস্ত এজন লোকক কুকুৰে চিনাক্ত কৰিব পাৰে।

গতিকে ভীতিগ্ৰস্ত লোক এজনৰ উপস্থিতিত কুকুৰটোৱে নিজৰ বা তাৰ গৰাকীৰ নিৰাপত্তাহীনতা বা বিপদ অনুভৱ কৰে আৰু ভুকে বা আক্ৰমণ কৰিব খোজে। আনকি পূৰ্বে লগ পোৱা মানুহ এজনৰ প্ৰতিও কুকুৰটোৱে এনেকুৱা আচৰণ কৰিব পাৰে, যদিহে তাৰ পূৰ্বৰ অভিজ্ঞতা এই ধৰণৰ হয়। কুকুৰটোক কিবা প্ৰকাৰে সম্পূৰ্ণ আশ্বস্ত নকৰা পৰ্য্যন্ত মানুহজনৰ প্ৰতি তাৰ আচৰণৰ পৰিৱৰ্তন সাধাৰণতে নঘটে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd