NORTHEAST NOW (Assamese)

সঁচাকৈয়ে ঘটিছিল অলৌকিক ঘটনা! কি কাৰণে ৰাজস্থানৰ মানুহে ভগৱান জ্ঞান কৰে অমিতাভ বচ্চনক?

February 19, 2025 7:10 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 18, 2025 8:56 pm

আপুনি জানেনে যে ৰাজস্থানৰ এখন চহৰৰ বাসিন্দা সকলে অমিতাভ বচ্চনক ভগৱান বুলি গণ্য কৰে? হয়, এই চহৰখনৰ হাজাৰ হাজাৰ লোকে অমিতাভক ভগৱানৰ দৰে পূজা কৰে। ইয়াৰ আঁৰৰ কাৰণটো জানিলে আপুনিও হ’ব আচৰিত।

শেহতীয়াকৈ বোলছবি পৰিচালক অপূৰ্ব লখিয়াই সংবাদ মাধ্যমৰ আগত এক অদ্ভুত ঘটনাৰ বিষয়ে বৰ্ণনা কৰে।

সেই সময়ত ৰাজস্থানৰ জয়ছালমেৰত অভিষেক বচ্চনৰ ‘মুম্বাই সে আয়া মেৰা দস্তা ছবিৰ শ্বুটিং চলি আছিল। সেই সময়ত জয়ছালমেত তীব্ৰ খৰাঙৰ সৃষ্টি হৈছিল। পানীৰ অভাৱত খেতি পথাৰ শুকাই গৈছিল। বৰষুণৰ বাবে হাহাকাৰ কৰিছিল চহৰখনৰ বাসিন্দাই। ডাৱৰ বা বৰষুণৰ কোনো চিন-মোকাম নাছিল।

চহৰখনে তীব্ৰ খৰাঙৰ লগত যুঁজি থকাৰ সময়তে অমিতাভ বচ্চনে পত্নী জয়া বচ্চন আৰু কন্যা শ্বেতাক লৈ নৱবৰ্ষ উদযাপনৰ বাবে জয়ছলমেৰলৈ আহিছিল। তেওঁলোক গাড়ীৰ পৰা নামি অহাৰ লগে লগে সমগ্ৰ অঞ্চলটো হঠাতে কলা ডাৱৰে আৱৰি ধৰিছিল। ধাৰাসাৰে বৰষুণ হৈছিল। নদীবোৰ পানীৰে ওফন্দি উঠিছিল।

ইয়াৰ পিছত সেই চহৰৰ মানুহে অমিতাভক ভগৱানৰ দূত বুলি গণ্য কৰিবলৈ ধৰিলে। তেওঁলোকে অনুভৱ কৰিছিল যে অমিতাভ বচ্চনে চহৰত খোজ দিয়াৰ পিছতেই তেওঁলোকৰ সমস্যা সমাধান হৈছিল।

সেইদিনা অমিতাভ বচ্চন থকা হোটেলখনৰ বাহিৰত প্ৰায় ৪০ৰ পৰা ৫০ হাজাৰ লোকে ভিৰ কৰিছিল। সকলোৱে অমিতাভ বচ্চনক প্ৰণাম কৰিব বিচাৰিছিল। তেওঁলোকে ধৰি লৈছিল যে ঈশ্বৰ নিজেই তেওঁলোকৰ সন্মুখত অমিতাভৰ ৰূপত উপস্থিত হৈছে। এই ঘটনাত নিজেই ৰোমাঞ্চিত হৈ পৰিছিল পৰিচালকজন।

Related News