• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কিয় হয় মুখৰ ভিতৰত এনেকুৱা ঘাঁ? কেনেকৈ লাভ কৰিব আৰোগ্য?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 16, 2024 10:46 am
5.1k
VIEWS
Share on FacebookShare on Twitter

আজি কালি সকলো বয়সৰ লোকেই প্ৰায়ে মুখৰ ভিতৰত হোৱা ঘাঁৰ সমস্যাত ভুগে।। প্ৰথমতে মুখৰ ভিতৰত ফোহা হোৱা যেন লাগে। তাৰ পিছত সেই অংশটো ৰঙা হৈ পৰে। এই ঘূৰণীয়া ৰঙা অংশটো ভিতৰত বগা বগা ফোঁহাৰ দৰে ঘাঁ দেখা যায়। 

এই বগা ঘাঁই অতি পীড়া দিয়ে। খাবলৈ, কথা পাতিবলৈও অতি কষ্ট হয়। আনকি দাঁত ব্ৰাছ কৰাটো কঠিন হৈ পৰে। 

বিশেষজ্ঞসকলে কয় যে মুখৰ ঘাঁৰ আঁৰত বহু কাৰণ থাকিব পাৰে। কোষ্ঠকাঠিন্য, পানীলগা, হৰম’নৰ সমস্যাৰ বাবেও এনে সমস্যা হ’ব পাৰে। শৰীৰত ভিটামিন চি, ভিটামিন বি, আইৰণ, জিংক আৰু ফ’লেটৰ অভাৱৰ বাবেও মুখৰ আলচাৰ বা ঘাঁ হ’ব পাৰে।

যদি এই মুখৰ ঘাঁ বা ফোহাবোৰ বেছি গুৰুতৰ নহয়, তেন্তে ঘৰুৱা উপায়েৰে চিকিৎসা কৰিব পাৰি। মুখৰ ঘাঁ বা আলচাৰ সোনকালে ভাল কৰিব পৰা কেইটামান ঘৰুৱা উপায় তলত দিয়া হ’ল –

১. কুহুমীয়া পানীত অলপ নিমখ মিহলাই কুলকুলি কৰক। ই মুখৰ ঘাঁ সোনকালে ভাল কৰে। দিনটোত তিনিৰ পৰা চাৰিবাৰ মান এনে কৰিলে বিষ আৰু ঘাঁ দুয়োটা কমি যাব। নিমখৰ এন্টিবেক্টেৰিয়েল গুণ আছে, যাৰ ফলত দূষিত ঠাইৰ পৰা বীজাণু নাইকিয়া হয়। 

২. কলা চাহ বা ব্লেক টিত থকা টেনিনে মুখৰ ঘাঁ সোনকালে ভাল কৰে। কলা চাহৰ বেগটো একাপ গৰম পানীত তিয়াই থওক। কিছু সময়ৰ পাছত পানী আৰু চাহৰ বেগটো ঠাণ্ডা হ’লে ঘাঁটোত চাহৰ বেগটো লগাব। 

৩. লং চোবাই খালে মুখৰ ভিতৰত হোৱা বিষ আৰু ঘাঁ সোনকালে ভাল হয়। লঙত থকা এন্টিবেক্টেৰিয়েল আৰু বিষনাশক গুণে ঘাঁ আৰু বিষ দুয়োটা হ্ৰাস কৰাত সহায় কৰিব। 

৪. মৌৰ এন্টিবেক্টেৰিয়েল গুণ আছে। গতিকে ঘাঁ হোৱা স্থানত মৌজোল লগাব পাৰে। দিনটোত কেইঘণ্টামানৰ মূৰে মূৰে মৌ লগালে উপকাৰ পোৱা যায়। 

৫. যিকোনো ঘাঁৰ বাবে হালধী সৰ্বোত্তম প্ৰতিকাৰ হ’ব পাৰে। কেঁচা হালধী খুন্দি আক্ৰান্ত ঠাইত কিছু সময় লগাই থ’ব। কিছুদিন এনেদৰে ব্যৱহাৰ কৰিলে ঘাঁৰ বিষ কমি যাব। 

৬. আলচাৰ নিৰাময়ৰ বাবেও বেকিং চোডা অতি উপযোগী। এচামুচ বেকিং চোডা একাপ পানীত মিহলাই কুলকুলি কৰিব পাৰে। 

 

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd