• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home মনোৰঞ্জন চলচ্চিত্ৰ

অসমীয়া চিনেমাৰ বাবে কিয় সময় নাই অসমৰ ছবিগৃহ সমূহৰ?

কোকিল শইকীয়া by কোকিল শইকীয়া
August 4, 2025 4:09 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমীয়া চিনেমা উদ্যোগটোক শক্তিশালী কৰি তোলাৰ স্বাৰ্থত যোৱা বছৰ মাঘ বিহুৰ দিনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ পাঞ্জাবাৰী অঞ্চলৰ জোনাকী কমপ্লেক্সত উদ্বোধন কৰিছিল আইদেউ ছবিগৃহ নামে এটা চৰকাৰী ছবিগৃহ।

অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমে নিৰ্মাণ কৰা ছবিগৃহটো উদ্বোধনৰ সময়ত অসমীয়া চিনেমাৰসিক আৰু অসমীয়া চিনেমা জগতৰ লগত জড়িত শিল্পী আৰু কলা-কুশলীসকলে ভাবিছিল যে এতিয়াৰে পৰা অসমীয়া চিনেমা উদ্যোগটোৱে সন্মুখীন হোৱা কিছু সমস্যা লাঘৱ কৰিব এই নৱ নিৰ্মিত চৰকাৰী ছবিগৃহটোৱে। কিয়নো, দীৰ্ঘদিন ধৰি বহিৰাগত ব্যৱসায়ী আৰু কোম্পানীয়ে চলাই অহা অসমৰ ভালেমান ব্যক্তিগত ছবিগৃহত অসমীয়া চিনেমা দেখুৱাবলৈ অনীহা প্ৰকাশ কৰি আহিছে। এই ছবিগৃহবোৰত ভালদৰে চলি থকা অসমীয়া চিনেমা আঁতৰাই হিন্দী চিনেমা চলোৱাৰো অভিযোগ আছে। বিভিন্ন সময়ত অসমীয়া চিনেমা দেখুৱাবলৈ অনীহা প্ৰকাশ কৰাৰ বাবে এই চিনেমা হল সমূহে প্ৰতিবাদৰো সন্মুখীন হৈছে। তেনে পৰিস্থিতিত অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমে নিৰ্মাণ কৰা আইদেউ ছবিগৃহই হাঁহি বিৰিঙাই তুলিছিল চিনেমাৰ লগত জড়িত শিল্পী-কলাকুশলী সকলক।

Apply Now

উল্লেখ্য যে আজি কিছু বছৰৰ পৰা অসমীয়া চলচ্চিত্ৰ উদ্যোগটো পুনৰ ঠন ধৰি উঠিছে। প্ৰতিবছৰে মুক্তি পাইছে ইখনৰ পিছত সিখনকৈ ছুপাৰহিট চিনেমা। মৌলিক চৰিত্ৰ আৰু ন ন কাৰিকৰী দিশ, নতুন অভিনয় শৈলী, সম্পৰীক্ষামূলক কাহিনী লৈ আমিষ, বৰনদী ভটিয়াই, বিদূৰভাই, ভাইমনদা, মালামাল বয়জ আদি চিনেমাই দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। মিছন চাইনা, ৰঘুপতি আদিৰ দৰে মচলাধৰ্মী ছবিয়েও একে সময়তে বাণিজ্যিক সফলতা লাভ কৰিছে।

এইদৰে অসমীয়া ছবি পুনৰ ঠন ধৰি উঠা আৰু অসমীয়া দৰ্শকে পুনৰ অসমীয়া চিনেমা চাবলৈ অহাৰ পৰাই পৰিচালক-প্ৰযোজনক সকলে ন উদ্যমেৰে অসমীয়া চিনেমা নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছে। শেহতীয়াকৈ মুক্তি পাইছে এখন বাস্তৱধৰ্মী অসমীয়া ছবি ‘কলাজ’। পৰিচালক অমৰ দীপ গগৈৰ পৰিচালনা আৰু সুমিত্ৰা হাজৰিকাৰ পৰিচালনাত মুক্তি পোৱা এই ছবিখনে অসমীয়া দৰ্শকৰ মন আকৌ এবাৰ জয় কৰাৰ সম্ভাৱনা আছিল যদিও ছবিগৃহসমূহে কলাজক এলাগী কৰা দেখা পোৱা গৈছে। আনকি চৰকাৰী উদ্যোগত নিৰ্মাণ কৰা আইদেউ ছবিগৃহয়ো ছবিখনৰ বাবে এটা ভাল সময় দিয়া নাই। আইদেউ ছবিগৃহই দিনৰ ১.৩০ বজাত ছবি খনৰ বাবে সময় নিৰ্দ্ধাৰণ কৰি দিছে। তাৰ সলনি বলীউডৰ ছবি ‘চন অৱ চৰ্দাৰ ২’ বাবে এটা ভাল সময় দিছে। উল্লেখ কৰাৰ প্ৰয়োজন নাই যে বন্ধৰ বাৰ নাথাকিলে দিনৰ ১.৩০ ছাত্ৰ-ছাত্ৰী বা কৰ্মব্যস্ত ব্যক্তিয়ে চিনেমা চাবলৈ ছবিগৃহলৈ যাব নোৱাৰে। সাধাৰণতে ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতী আৰু চাকৰিয়াল সকলে দিনৰ কামৰ পৰা আজৰি হৈ সন্ধিয়াহে চিনেমাৰ বাবে সময় উলিয়াব পাৰে। কিন্তু সেই কথালৈ যেন ভ্ৰুক্ষেপ নাই আইদেউ ছবিগৃহ কিম্বা অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমৰ। আনহাতে, দৰ্শক নোহোৱাৰ উজুহাতত সোনকালেই আইদেউ ছবিগৃহৰ পৰা আঁতৰাই পেলোৱা হ’ব ‘কলাজ’ নামৰ অসমীয়া ছবিখন।

উল্লেখ্য যে যোৱা বছৰ আইদেউ ছবিগৃহটো উদ্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লিখিছিল – “৫.৫৫ কোটিৰো অধিক টকা ব্যয়েৰে ২৪০খন আসনযুক্ত এই ছবিগৃহই অসমীয়া চলচ্চিত্ৰৰ সোণসেৰীয়া যাত্ৰাক বিশেষ গতি দিয়াৰ লগতে মানসম্পন্ন ছবি প্ৰদৰ্শনৰে দৰ্শকৰ আদৰ বুটলিবলৈ সক্ষম হ’ব।” সেয়েহে এতিয়া প্ৰশ্ন উত্থাপন হৈছে  নতুন পৰিচালকে নিৰ্মাণ কৰা এখন চিৰিয়াছ অসমীয়া ছবিক এলাগী কৰি বলীডউডৰ ছবিক আগস্থান দি এনেকৈয়ে অসমীয়া চিনেমাৰ জয়যাত্ৰাৰ অংশীদাৰ হ’ব নেকি অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম তথা আইদেউ ছবিগৃহৰ কৰ্তৃপক্ষ?

ইপিনে অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমে বলৱৎ কৰা অসমৰ চলচ্চিত্ৰ নীতি ধোৱা চাঙত তুলিছে অসমৰ চিনেমা হল সমূহে।  অসমীয়া চলচ্চিত্ৰ নীতি অনুসৰি অসমৰ চিনেমা হলত অসমীয়া চিনেমাক অগ্ৰাধিকাৰ দিব লাগে যদিও ‘চন অৱ চৰ্দাৰ ২’ জনপ্ৰিয়তাৰ দোহাই দি এতিয়া অসমৰ চিনেমাহল সমূহে আঁতৰাই দিছে কলাজ নামৰ ছবিখন। কিন্তু এই নীতি কাৰ্যকৰী হৈছে নে নাই সেয়া তদাৰক কৰাৰ সলনি এই ক্ষেত্ৰত নিৰ্বিকাৰ হৈ আছে অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম।

কোকিল শইকীয়া

কোকিল শইকীয়া

সাংবাদিক, নৰ্থ-ইষ্ট নাও

Stay Connected

  • 117k Fans

Recent News

বৈঠকৰ পূৰ্বেই লেবাননত ইজৰাইলৰ বোমা বৰ্ষণ, ইৰানৰ সৈতে হ’বলগীয়া শান্তি আলোচনা বাতিল আমেৰিকাৰ

বৈঠকৰ পূৰ্বেই লেবাননত ইজৰাইলৰ বোমা বৰ্ষণ, ইৰানৰ সৈতে হ’বলগীয়া শান্তি আলোচনা বাতিল আমেৰিকাৰ

June 19, 2026 5:41 pm
গুৱাহাটীৰ পঞ্জাবাৰীৰ পৰা অপহৃত ১৩ বছৰীয়া স্কুলীয়া ছাত্ৰীক অৱশেষত উদ্ধাৰ মেঘালয়ত

গুৱাহাটীৰ পঞ্জাবাৰীৰ পৰা অপহৃত ১৩ বছৰীয়া স্কুলীয়া ছাত্ৰীক অৱশেষত উদ্ধাৰ মেঘালয়ত

June 19, 2026 5:21 pm
পুষ্পা ২ ৰ প্ৰদৰ্শনীত ভয়ংকৰ পদপিষ্টৰ ঘটনা : ২২ জুনত আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ অভিনেতা আল্লু অৰ্জুনক

পুষ্পা ২ ৰ প্ৰদৰ্শনীত ভয়ংকৰ পদপিষ্টৰ ঘটনা : ২২ জুনত আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ অভিনেতা আল্লু অৰ্জুনক

June 19, 2026 4:53 pm
টেলিগ্ৰামত ভুৱা প্ৰশ্নকাকতৰ বেহা! দ্বিতীয়বাৰৰ নিট পৰীক্ষাৰ পূৰ্বে ৰাজস্থানত গ্ৰেপ্তাৰ ছাত্ৰ

টেলিগ্ৰামত ভুৱা প্ৰশ্নকাকতৰ বেহা! দ্বিতীয়বাৰৰ নিট পৰীক্ষাৰ পূৰ্বে ৰাজস্থানত গ্ৰেপ্তাৰ ছাত্ৰ

June 19, 2026 4:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বৈঠকৰ পূৰ্বেই লেবাননত ইজৰাইলৰ বোমা বৰ্ষণ, ইৰানৰ সৈতে হ’বলগীয়া শান্তি আলোচনা বাতিল আমেৰিকাৰ

বৈঠকৰ পূৰ্বেই লেবাননত ইজৰাইলৰ বোমা বৰ্ষণ, ইৰানৰ সৈতে হ’বলগীয়া শান্তি আলোচনা বাতিল আমেৰিকাৰ

June 19, 2026 5:41 pm
গুৱাহাটীৰ পঞ্জাবাৰীৰ পৰা অপহৃত ১৩ বছৰীয়া স্কুলীয়া ছাত্ৰীক অৱশেষত উদ্ধাৰ মেঘালয়ত

গুৱাহাটীৰ পঞ্জাবাৰীৰ পৰা অপহৃত ১৩ বছৰীয়া স্কুলীয়া ছাত্ৰীক অৱশেষত উদ্ধাৰ মেঘালয়ত

June 19, 2026 5:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd