NORTHEAST NOW (Assamese)

গণিতত কিয় দিয়া নহয় নোবেল বঁটা? প্ৰেম প্ৰস্তাৱ প্ৰত্যাখ্যানৰ বাবেই বাদ দিয়া হ’ল গণিতক!

November 27, 2024 6:27 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

পৃথিৱীৰ আটাইতকৈ ডাঙৰ পুৰস্কাৰ হৈছে নোবেল। মানৱ কল্যাণৰ সৈতে জড়িত বিষয়ৰ গুৰুত্ব বিচাৰ কৰাটোৱেই হৈছে নোবেল বঁটাৰ মূল কথা।

ডাইনামাইটৰ উদ্ভাৱক ছাৰ আলফ্ৰেড নোবেলৰ নামেৰে এই বঁটা প্ৰদান কৰা হয়। তেওঁৰ মুঠ সম্পত্তিৰ প্ৰায় ৯৪ শতাংশ এই বঁটাৰ বাবে দান কৰিছিল।

আলফ্ৰেড নোবেলে তেওঁৰ পুৰস্কাৰৰ তালিকাত বিজ্ঞানৰ তিনিটা শাখা অন্তৰ্ভুক্ত কৰিছিল: পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু চিকিৎসা বিজ্ঞান। কিন্তু বিজ্ঞানৰ এটা গুৰুত্বপূৰ্ণ শাখা বাদ দিলে তেওঁ। সেয়া হ’ল গণিত।

আলফ্ৰেড নোবেলে নোবেল বঁটাৰ বাবে গণিত বিষয়টোক কিয় অন্তৰ্ভুক্ত কৰা নাছিল? ইয়াৰ উত্তৰ বিচাৰি থাকোঁতে বহুতো জনশ্ৰুতি পোহৰলৈ আহিছে।

ইয়াৰে আটাইতকৈ জনপ্ৰিয় কথাটো হল যে যদিও আলফ্ৰেড নোবেলে আলেকজেণ্ড্ৰা নামৰ এগৰাকী মহিলাৰ প্ৰেমত পৰিছিল। মহিলাগৰাকীয়ে আলফ্ৰেড নোবেলৰ প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰি এজন গণিতজ্ঞৰ সৈতে বিবাহপাশত আবদ্ধ হয়।  যাৰ বাবে নোবেল বঁটাত গণিতক অন্তৰ্ভুক্ত নকৰিলে বিজ্ঞানীগৰাকীয়ে।

আন্ফাতে, আলফ্ৰেড নোবেল নিজেই আছিল এজন পদাৰ্থবিজ্ঞানী আৰু ৰসায়নবিদ। তেওঁ গৱেষণাত গণিতৰ বিশেষ ব্যৱহাৰ কৰা নাছিল। গতিকে এই সন্মানৰ বাবে তেওঁ গণিত বাছি লোৱা নাছিল। অৱশ্যে এই সকলোবোৰেই মুখে মুখে চলা কাহিনী। ইয়াৰ কোনো প্ৰমাণ নাই।

Related News