স্বাস্থ্য এক অতিকৈ গুৰুত্বপূৰ্ণ বিষয়। সুস্থ-সৱল ব্যক্তিবিনে সমাজ উন্নতিৰ পথত যাব নোৱাৰে। কিন্তু এই কথাবোৰ জানিও চৰকাৰে দেশৰ স্বাস্থ্য ব্যৱস্থাত পয়মাল কৰিবলৈ ওলাইছে।
আমি মূল কথাটোলৈ আহিছো– যোৱা ২৯ জুলাইত লোক সভাত আৰু ২ আগষ্টত ৰাজ্য সভাত National Medical Council Bill, 2019খন গৃহীত হয়। এই বিলে Indian Medical Council Act 1956 বাতিল কৰাৰ লগতে মেডিকেল কাউন্সিল অৱ ইণ্ডিয়া (MCI) ভংগ কৰি ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ (National Medical Council, চমুকৈ NMC) গঠনৰ পোষকতা কৰিছে।
আগৰ ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ এটা গণতান্ত্ৰিক অনুষ্ঠান আছিল, ইয়াৰ ৭৫% সদস্যই গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ দ্বাৰা নিৰ্বাচিত হোৱা বিপৰীতে ২৫%হে মনোনীত সদস্য আছিল। মূলতঃ দেশৰ চিকিৎসকসকলৰদ্বাৰা নিৰ্বাচিত প্ৰতিনিধিয়ে এই অনুষ্ঠান পৰিচালনা কৰিছিল। এই অনুষ্ঠান পৰাপক্ষত চৰকাৰী ৰাজনৈতিক ব্যৱস্থাৰ পৰা মুক্ত আছিল। কিন্তু চৰকাৰে ইয়াক ভংগ কৰি গঠন কৰা NMCত এখন Advisory Council থকাৰ লগতে চাৰিখন Autonomous Council থাকিব।
২৫জনীয়া Advisory Councilৰ অধ্যক্ষ চৰকাৰে নিৰ্বাচিত কৰিব নিজৰ পছন্দ অনুযায়ী। বাকী ২৪জনে ex-officio সদস্যৰূপে কাৰ্যনিৰ্বাহ কৰিব, য’ত Autonomous Councilৰ প্ৰতিজন চেয়াৰমেনো অন্তৰ্ভুক্ত হ’ব।
কোৱা হৈছে, Advisory Councilএ Autonomous Councilক নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰিব। চৰকাৰে পূৰ্বৰ আয়োগ ভংগ কৰাৰ সপক্ষে যুক্তি দিছে এইবুলি যে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰদ্বাৰা সদস্যৰ লগতে অধ্যক্ষও নিৰ্বাচিত হোৱা হেতুকে আয়োগত দুৰ্নীতি বৃদ্ধি পাইছিল।
আৰু কৈছে যে, ফলত সদস্যসকলে নিজেই নিজৰ বিচাৰ কৰে– যিটো অযুক্তিকৰ।
এতিয়া আমাৰ প্ৰশ্নটো হৈছে বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ প্ৰধান মন্ত্ৰীৰপৰা আদি কৰি সাংসদলৈকে কি প্ৰক্ৰিয়াৰে নিৰ্বাচিত হৈ আহিছে? গণতান্ত্ৰিক নিৰ্বাচনৰ যোগেদি!
তেন্তে তেওঁলোকৰ যুক্তিৰ আধাৰতে আমি মানি ল’ম নেকি যে তেওঁলোকো দুর্নীতিগ্ৰস্ত! এনেও ইফালে RTI Act 2005কো সংশোধনৰ যোগেদি হত্যা কৰা হ’লেই? গণতান্ত্ৰিক অনুষ্ঠান এটাৰ ক্ষেত্ৰত ইমান অবিশ্বাস!
এতিয়া আহো ‘নিজক নিজে বিচাৰ কৰা’ যুক্তিলৈ– বিলখনৰ মতে Advisory Councilএ Autonomous Councilক নিয়ন্ত্ৰণ কৰিব। ইফালে সেই Autonomous Councilৰ অধ্যক্ষকেইজনে Advisory Councilৰ সদস্যও হ’ব। তেনেহ’লে ইও দেখোন নিজকে নিজে বিচাৰ কৰা নুসূচালে নে? তেনেহ’লে এয়া উদ্ভট যুক্তি নহয় নে?
যিহেতু Advisory Councilৰ মূল অধ্যক্ষজন চৰকাৰে নিৰ্বাচিত কৰিব, চৰকাৰো গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে অহা, তেনেহ’লে চৰকাৰে নিজেই নিজৰ বিচাৰ কৰা নহ’লনে?
এই অধ্যক্ষজনক চৰকাৰে ভৱিষ্যতে নিজৰ খেয়াল-খুচি মতে পৰিচালনা নকৰিবনে? ৰাজনৈতিক চামছাসকলৰদ্বাৰা এই আয়োগ প্ৰভাৱিত কেনেকৈ নহ’ব?
অৰ্থাৎ এটা গণতান্ত্ৰিক অনুষ্ঠান ধ্বংস কৰি চৰকাৰৰ যে গণতন্ত্ৰৰ ওপৰত ভৰসা নাই তাকেই আচলতে প্ৰমাণ কৰিলে। চৰকাৰে বিচৰা হ’লে আগৰ MCIইকে বাহাল ৰাখি দুৰ্নীতি ৰোধৰ ক্ষেত্ৰত কঠোৰ কাৰ্য্যব্যৱস্থা ল’ব পাৰিলেহেঁতেন।
এনেকৈ চিধা-চিধি এটা গণতান্ত্ৰিক অনুষ্ঠানক ধ্বংস কৰাটো কেতিয়াও এখন গণতান্ত্ৰিক ৰাষ্ট্ৰৰ বাবে শুভলক্ষণ হ’ব নোৱাৰে।
দ্বিতীয়তে গোটেই অনুষ্ঠানটো কেন্দ্ৰীয় চৰকাৰে হাইজেক কৰি ৰাজ্যসমূহৰ পৰা কাঢ়ি নিলে। কিয়নো কোৱা হৈছে যে ২৫জনৰ মাত্ৰ ৬জনহে ৰাজ্যসমূহৰ মেডিকেল এডভাইজৰি ব’ৰ্ডৰ পৰা আৱৰ্তন প্ৰক্ৰিয়াৰ (rotational basis) দ্বাৰা নিয়োগ কৰাৰ ব্যৱস্থা কৰিব।
ফলত প্ৰতিখন ৰাজ্যই একেসময়তে সুযোগ নাপাব। কিমান দিনৰ মূৰত কোনো এখন ৰাজ্যই প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ পাব তাৰ নিশ্চয়তা নাই।
ই দেখ-দেখকৈ ৰাজ্যৰ সমানুপাতিকভিত্তিক যি যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা, তাৰ সম্পূৰ্ণ পৰিপন্থী। ফলত পুনৰ এবাৰ চৰকাৰে যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাক নসাৎ কৰিলে। যিটো আমি তথ্য জনাৰ অধিকাৰ আইন,২০০৫ৰ সংশোধনৰ ক্ষেত্ৰতো প্ৰত্যক্ষ কৰিছিলো।
তৃতীয়তে, এই বিলে ৰাষ্ট্ৰৰ চিকিৎসা সেৱাক ব্যক্তিগতকৰণৰ দিশত আগুৱাই নিলে। কিয়নো এই বিলে নতুনকৈ মেডিকেল কলেজ স্থাপন, স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ আগতে যি নীতি-নিৰ্দেশনা আছিল, সেইবোৰ একেবাৰেই শিথিল আৰু সহজ কৰি পেলালে। ফলত ব্যক্তিগত খণ্ডক যধে-মধে চিকিৎসাৰ অনুষ্ঠান খুলি অধিক লাভ অর্জন কৰিবলৈ সুযোগ দিলে।
চৰকাৰে নিজস্ব মেডিকেল প্ৰতিষ্ঠানবিলাক অধিক উন্নত কৰা সলনি ব্যক্তিগত মেডিকেল অনুষ্ঠানৰ প্ৰতি ইমান মৰমৰ আঁৰত কি ৰহস্য লুকাই আছে?
চতুৰ্থতে, আগতে চৰকাৰে ৮৫% বেচৰকাৰী আৰু Deemed বিশ্ববিদ্যালয়ৰ মাচুলৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ ৰাখিছিল, নতুন আইনৰ ফলত ই ৫০%লৈ হ্রাস পালে। ফলত বেচৰকাৰী চিকিৎসা শিক্ষা প্ৰদান কৰা অনুষ্ঠানবোৰে নিজৰ মন অনুযায়ী মাচুল বৃদ্ধি কৰিবলৈ সুবিধা পাব।
চৰকাৰী মেডিকেল কলেজত সুযোগ নোপোৱা বহু মধ্যবিত্ত পৰিয়ালৰ সন্তানক চিকিৎসা শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত ই নিশ্চিতভাৱে আগন্তুক দিনত প্ৰত্যাহ্বানৰূপে থিয় দিব।
গতিকে এই আইন যে পুঁজিপতিৰ স্বাৰ্থতহে তাক দুনাই কোৱাটো নিষ্প্ৰয়োজন।
আটাইতকৈ ভয়ংকৰ কথাটোলৈ আহো– এই আইনে সমূহ চিকিৎসাৰ স্নাতক MBBS ডিগ্ৰী শিক্ষাৰ্থীৰ বাবে National Exit Test (NEXT) বাধ্যতামূলক কৰিছে।
স্নাতকোত্তৰ পাঠ্যক্ৰমত নামভৰ্ত্তি আৰু চিকিৎসা সেৱা প্ৰদানৰ বাবে প্ৰয়োজনীয় অনুজ্ঞাপত্ৰ লাভ কৰিবলৈ এই পৰীক্ষা উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক কৰিলে। বৰ্তমান ভাৰতবৰ্ষত চিকিৎসক আৰু ৰোগীৰ অনুপাতটো হৈছে– ১:১৬৫৫, বিপৰীতে বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ নিৰ্ধাৰিত আদৰ্শ অনুপাত হৈছে– ১:১০০০ (।)
চৰকাৰে ভাৰতবৰ্ষত চিকিৎসকৰ সংখ্যা বৃদ্ধি কৰিবলৈ NMC আইন,২০১৯ত ৩২নং দফা সংযোজন কৰিছে বুলি যুক্তি দিছে। এই দফা অনুযায়ী, যিকোনো আধুনিক চিকিৎসা সেৱাৰ লগত জড়িত প্ৰফেছনেল ব্যক্তিক ছমাহ প্ৰশিক্ষণৰ অন্তত আধুনিক এল’পেথিক (Allopathic) চিকিৎসা সেৱা প্ৰদান কৰিবলৈ অনুজ্ঞাপত্ৰ দিয়া হ’ব।
এই দফাৰ ফলত যিকোনো লেবৰেটৰিয়ান, ফাৰ্মাচিষ্ট, তেজ পৰীক্ষা কৰোঁতা আদি ব্যক্তিয়ে মাত্ৰ ছমাহ প্ৰশিক্ষণৰ অন্তত চিকিৎসা সেৱা আগবঢ়াব পাৰিব। এনে চিকিৎসকসকলক গ্রাম্য অঞ্চলত নিযুক্তি দিয়া কথা কোৱা হৈছে।
এইটো অতি ভয়ানক কথা, কেনেকৈ?
১) চৰকাৰে এফালে কষ্টৰে ৫ বছৰীয়া MBBS পাঠ্যক্ৰম সম্পূৰ্ণ কৰা শিক্ষাৰ্থীক কঠিন NEXT পৰীক্ষা উত্তীৰ্ণ হ’লেহে চিকিৎসা সেৱাৰ বাবে অনুজ্ঞাপত্ৰ দিয়া কথা কৈছে, আকৌ আনফালে চিকিৎসকৰ অভাৱ পূৰাবলৈ ছমাহ/এবছৰীয়া/দুবছৰীয়া শিক্ষা লাভ কৰা ব্যক্তিক মাত্ৰ ছমাহ প্ৰশিক্ষণৰ অন্তত অনুজ্ঞাপত্ৰ দিয়া কথা কৈছে, দুয়োটা কাহানিও একে পৰ্য্যায়ৰ হ’ব নোৱাৰে। গতিকে শিক্ষাৰ্থীক EXIT পৰীক্ষাৰদ্বাৰা বঞ্চিত কৰি চিকিৎসকৰ অভাৱ পূৰণ কৰা কথাটো সম্পূৰ্ণৰূপে স্ব-বিৰোধ আৰু মূৰ্খামি।
২) মাত্ৰ ছমাহ প্ৰশিক্ষণৰ ফলতেই গ্ৰাম্য অঞ্চলত চিকিৎসা সেৱা প্ৰদান কৰিবলগীয়া এইসকল চিকিৎসক কিমান কাৰ্য্যক্ষম হ’ব বা উপযুক্ত চিকিৎসা প্ৰদান কৰিব পাৰিব, সেয়া অতিকৈ সন্দেহৰ বিষয়। মানে, গ্ৰাম্য অঞ্চলৰ মানুহে দক্ষ চিকিৎসকৰদ্বাৰা চিকিৎসা পোৱাটো চৰকাৰে নিবিচাৰে নেকি? চহৰাঞ্চলৰ সৈতে সমকক্ষ মানৰ চিকিৎসা লাভ কৰা অধিকাৰ গ্ৰাম্য অঞ্চলৰ বাসিন্দাৰ নাই নেকি?
৩) এই ব্যৱস্থাৰ ফলত এচাম ধুৰন্ধৰ ভুৱা ডাক্তৰৰ আৱিৰ্ভাব ঘটাটো নিশ্চিত। ফলত সমগ্র স্বাস্থ্য ব্যৱস্থাত যে খেলিমেলি তথা অৰাজকতা সৃষ্টি হ’ব সেয়া খাটাং। গতিকে চৰকাৰৰ প্ৰকৃত উদ্দেশ্য কি, সেয়াহে এই মুহূৰ্তত বিচাৰ্য্যৰ বিষয়। আঁৰত যে বৃহৎ ফাঁকি লুকাই আছে, সেই চিন্তাও অমূলক নহয়। আনহাতে কিমান দিনলৈ অনুজ্ঞাপত্ৰ বাহাল থাকিব, তাৰো কোনো নিশ্চয়তা আইনখনত উল্লেখ নাই। অদূৰ ভৱিষ্যতে চৰকাৰী স্বাস্থ্য সেৱা যে এই আইনৰ ফলত ধ্বংসৰ মুখলৈ যাব, ই আমাৰ দৃষ্টিত এক প্ৰকাৰৰ নিশ্চিত হৈ পৰিছে।
স্বাস্থ্যৰ দৰে অতীৱ প্ৰয়োজনীয়, নাগৰিকৰ মৌলিক অধিকাৰৰ সৈতে জড়িত এটা ব্যৱস্থাৰ ক্ষেত্ৰত চৰকাৰৰ এই দায়িত্বজ্ঞানহীন সোপাধিলা নীতি কিয়?
(লেখক যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ, তেখেতৰ ফ’ন নম্বৰ- ৯১০১৪৯১৩০৩)