• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাৰম্বাৰ মন্ত্ৰিত্বৰ পৰা কিয় উপেক্ষিত ডিব্ৰুগড়ৰ বিজেপি বিধায়ক প্ৰশান্ত ফুকন?

‘জাতি-জনগোষ্ঠীৰ পৰা আহিব নোৱাৰিলো বাবে মোক মন্ত্ৰিত্ব পদ দিয়া নাই’ আক্ষেপ প্ৰশান্ত ফুকনৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 17, 2020 8:59 pm
PrashantaPhukan

প্ৰধান মন্ত্ৰী মোদীৰ সৈতে বিজেপিৰ জ্যেষ্ঠ বিধায়ক প্ৰশান্ত ফুকন। ফাইল ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাইলৈ হ’ব সোণোৱাল মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ আৰু অচিৰেই হ’ব মন্ত্ৰীসভাৰ বহুকেইটা দপ্তৰৰ মন্ত্ৰিত্ব পদৰ ৰদবদল।

কাইলৈ সোণোৱাল কেবিনেটত অন্তৰ্ভুক্ত হ’ব দুখনকৈ নতুন মুখ। কিন্তু যোৱা কেইবাটাও দশক বিজেপিৰ জয়গান গাই অহা ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকন এইবাৰো মন্ত্ৰিত্ব পদৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

Apply Now

বিজেপি দলৰ অসমত ভেটি সুদৃঢ় হৈ নুঠাৰ পৰা বৰ্তমানলৈকে অতি নিষ্ঠাৰে লবীহীনভাৱে দলৰ হৈ কাম কৰি অহা তথা কংগ্ৰেছৰ ক্ষমতাকালীন ২০০৬ ৰ পৰা বৰ্তমালৈকে ফুকনে ডিব্ৰুগড় বিধানসভা সমষ্টিৰ পৰা একেৰাহে বিজেপি দলৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিছে। সমষ্টিটোতো তেওঁৰ গণভেটি যথেষ্ট শক্তিশালী হোৱা পৰিলক্ষিত হয়।

ইয়াৰোপৰি, কংগ্ৰেছৰ শাসনকালত তেওঁ বিধানসভাৰ মজিয়াত শাসকীয় দলৰ বিৰুদ্ধে বিভিন্ন ইচ্ছ্যুৰ ওপৰত অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিছিল। আনকি খুটিতাল আৰু পুতলা বন্দুক হাতত লৈ তথা ডিঙিত পিঁয়াজৰ মালা পিন্ধি বিধানসভাত প্ৰৱেশ কৰি অসমবাসী ৰাইজৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰাৰ উপৰিও ৰাজনৈতিক মহলত বিষয়টোৱে অধিক চৰ্চা লাভ কৰিছিল।

বিজেপি দলৰ হৈ অহোপুৰুষাৰ্থ কৰি অহা বিধায়ক ফুকন পূৰ্বেও মন্ত্ৰিত্বৰ পৰা বঞ্চিত হৈছিল। যোৱা বৰ্ষৰ ২৬ এপ্ৰিলত মন্ত্ৰিত্বৰ পৰা বঞ্চিত হোৱাৰ বাবেই ক্ষোভ প্ৰকাশ কৰি বিধায়কজনে অসম বিজেপিৰ পঞ্চায়ত নিৰ্বাচন ৰণকৌশল সমিতিৰ সভাপতি পদৰ লগতে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ অধ্যক্ষ পদ ত্যাগ কৰা বুলি মুখ্য মন্ত্ৰী আৰু ৰাজ্যিক বিজেপিৰ সভাপতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল।

পুনৰবাৰ তেওঁৰ নামটো মন্ত্ৰী হিচাপে বিবেচিত নোহোৱাত আমাৰ সাংবাদিকে তেওঁক সোধাত তেওঁ কয়, ‘নাই নাই, সেইটো সম্পূৰ্ণ মুখ্য মন্ত্ৰীৰ এক্তিয়াৰৰ কথা। মুখ্য মন্ত্ৰীয়ে যিধৰণে চিন্তা-চৰ্চা কৰিছে সেই ধৰণে আগবাঢ়ি যাব লাগিব। তেওঁ আমাৰ টীমৰ লিডাৰ।‘

তাৰ পাছত আমাৰ সাংবাদিকে ‘বিজেপিৰ অসমত ভেটি সু-দৃঢ় হৈ নুঠাৰে পৰা অতি নিষ্ঠা সহকাৰে দলৰ হৈ কাম কৰি আহিছে। এই ক্ষেত্ৰত আপোনাক মন্ত্ৰিত্ব প্ৰদানৰ ক্ষেত্ৰত উপেক্ষা কৰি অহা বুলি ভাবে নেকি?’ বুলি প্ৰশ্ন কৰাত তেওঁ কয় :

‘সকলোখিনি কথা ঠিকেই আছে। আপুনি কোৱা কথাটোও ঠিক যে দলত অতি নিষ্ঠা সহকাৰে সেৱা আগবঢ়াই আহিছো। তাৰ ভিতৰতো দুৰ্ভাগ্যৰ কথা যে মই কোনো জাতি-জনগোষ্ঠীৰ পৰা আহিব নোৱাৰিলো। জাতি-জনগোষ্ঠীৰ পৰা আহিব পৰাহেঁতেন নিশ্চয় মন্ত্ৰী হ’লোহেঁতেন। জাতি-জনগোষ্ঠীৰ পৰা আহিব নোৱাৰিলো বাবে মোক মন্ত্ৰিত্ব পদ দিয়া নাই।‘

তেওঁ আৰু কয়, ‘আহোম জনগোষ্ঠীৰ কোনো নাছিল বাবে তপন গগৈৰ ঠাইত যোগেন মহনক দিলে, চাহ জনগোষ্ঠীৰ পল্লৱৰ ঠাইত সঞ্জয় কিষাণক দিলে। সকলোৱে মিলাই মেলি চলিব লাগিব।ৰাজনীতিত উপেক্ষা নহয় বাৰু। আজি নহয়, কাইলৈ কিজানি তাতকৈ ভাল পদ মোক দিব। দলত আছো যিখিনি কৰিব লাগে কৰি যাম। চৰকাৰখন যাতে ভালদৰে চলিব পাৰে, অহাবাৰ যাতে ১০০ খন আসন লৈ আহিব পাৰে সেইটোহে মোৰ আচল চিন্তা বয়স অনুযায়ী।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘মোৰ সংসাৰ চলোৱাৰ খৰচ লাগে’, এতিয়া বিয়াঘৰত নাচি উপাৰ্জন কৰে এইগৰাকী বলীউডৰ ছুপাৰষ্টাৰে

‘মোৰ সংসাৰ চলোৱাৰ খৰচ লাগে’, এতিয়া বিয়াঘৰত নাচি উপাৰ্জন কৰে এইগৰাকী বলীউডৰ ছুপাৰষ্টাৰে

September 8, 2026 12:43 pm
‘গাৰ্লফ্ৰেণ্ডে দিয়ে ০% সুত, আৰু আমাৰ এফ ডি ১৪.৪%’, মেট্ৰ’ত এইটো কেনেকুৱা বিজ্ঞাপন! দেশজুৰি আলোড়ন

‘গাৰ্লফ্ৰেণ্ডে দিয়ে ০% সুত, আৰু আমাৰ এফ ডি ১৪.৪%’, মেট্ৰ’ত এইটো কেনেকুৱা বিজ্ঞাপন! দেশজুৰি আলোড়ন

September 8, 2026 11:33 am
আদালতৰ ৰোষত জ্ঞানেশ কুমাৰৰ ডি এম কন্যা! কটা যাব তেওঁৰ আৰু আৰক্ষীৰ দৰমহা, কিন্তু কিয়?

আদালতৰ ৰোষত জ্ঞানেশ কুমাৰৰ ডি এম কন্যা! কটা যাব তেওঁৰ আৰু আৰক্ষীৰ দৰমহা, কিন্তু কিয়?

September 8, 2026 10:35 am
আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

September 8, 2026 10:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মোৰ সংসাৰ চলোৱাৰ খৰচ লাগে’, এতিয়া বিয়াঘৰত নাচি উপাৰ্জন কৰে এইগৰাকী বলীউডৰ ছুপাৰষ্টাৰে

‘মোৰ সংসাৰ চলোৱাৰ খৰচ লাগে’, এতিয়া বিয়াঘৰত নাচি উপাৰ্জন কৰে এইগৰাকী বলীউডৰ ছুপাৰষ্টাৰে

September 8, 2026 12:43 pm
‘গাৰ্লফ্ৰেণ্ডে দিয়ে ০% সুত, আৰু আমাৰ এফ ডি ১৪.৪%’, মেট্ৰ’ত এইটো কেনেকুৱা বিজ্ঞাপন! দেশজুৰি আলোড়ন

‘গাৰ্লফ্ৰেণ্ডে দিয়ে ০% সুত, আৰু আমাৰ এফ ডি ১৪.৪%’, মেট্ৰ’ত এইটো কেনেকুৱা বিজ্ঞাপন! দেশজুৰি আলোড়ন

September 8, 2026 11:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd