• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বাৰম্বাৰ মন্ত্ৰিত্বৰ পৰা কিয় উপেক্ষিত ডিব্ৰুগড়ৰ বিজেপি বিধায়ক প্ৰশান্ত ফুকন?

‘জাতি-জনগোষ্ঠীৰ পৰা আহিব নোৱাৰিলো বাবে মোক মন্ত্ৰিত্ব পদ দিয়া নাই’ আক্ষেপ প্ৰশান্ত ফুকনৰ

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , January 17, 2020 8:59 pm

3 min read

PrashantaPhukan

প্ৰধান মন্ত্ৰী মোদীৰ সৈতে বিজেপিৰ জ্যেষ্ঠ বিধায়ক প্ৰশান্ত ফুকন। ফাইল ফটো

26.3k
VIEWS
Share on FacebookShare on Twitter

কাইলৈ হ’ব সোণোৱাল মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ আৰু অচিৰেই হ’ব মন্ত্ৰীসভাৰ বহুকেইটা দপ্তৰৰ মন্ত্ৰিত্ব পদৰ ৰদবদল।

কাইলৈ সোণোৱাল কেবিনেটত অন্তৰ্ভুক্ত হ’ব দুখনকৈ নতুন মুখ। কিন্তু যোৱা কেইবাটাও দশক বিজেপিৰ জয়গান গাই অহা ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকন এইবাৰো মন্ত্ৰিত্ব পদৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

বিজেপি দলৰ অসমত ভেটি সুদৃঢ় হৈ নুঠাৰ পৰা বৰ্তমানলৈকে অতি নিষ্ঠাৰে লবীহীনভাৱে দলৰ হৈ কাম কৰি অহা তথা কংগ্ৰেছৰ ক্ষমতাকালীন ২০০৬ ৰ পৰা বৰ্তমালৈকে ফুকনে ডিব্ৰুগড় বিধানসভা সমষ্টিৰ পৰা একেৰাহে বিজেপি দলৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিছে। সমষ্টিটোতো তেওঁৰ গণভেটি যথেষ্ট শক্তিশালী হোৱা পৰিলক্ষিত হয়।

ইয়াৰোপৰি, কংগ্ৰেছৰ শাসনকালত তেওঁ বিধানসভাৰ মজিয়াত শাসকীয় দলৰ বিৰুদ্ধে বিভিন্ন ইচ্ছ্যুৰ ওপৰত অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিছিল। আনকি খুটিতাল আৰু পুতলা বন্দুক হাতত লৈ তথা ডিঙিত পিঁয়াজৰ মালা পিন্ধি বিধানসভাত প্ৰৱেশ কৰি অসমবাসী ৰাইজৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰাৰ উপৰিও ৰাজনৈতিক মহলত বিষয়টোৱে অধিক চৰ্চা লাভ কৰিছিল।

বিজেপি দলৰ হৈ অহোপুৰুষাৰ্থ কৰি অহা বিধায়ক ফুকন পূৰ্বেও মন্ত্ৰিত্বৰ পৰা বঞ্চিত হৈছিল। যোৱা বৰ্ষৰ ২৬ এপ্ৰিলত মন্ত্ৰিত্বৰ পৰা বঞ্চিত হোৱাৰ বাবেই ক্ষোভ প্ৰকাশ কৰি বিধায়কজনে অসম বিজেপিৰ পঞ্চায়ত নিৰ্বাচন ৰণকৌশল সমিতিৰ সভাপতি পদৰ লগতে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ অধ্যক্ষ পদ ত্যাগ কৰা বুলি মুখ্য মন্ত্ৰী আৰু ৰাজ্যিক বিজেপিৰ সভাপতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল।

পুনৰবাৰ তেওঁৰ নামটো মন্ত্ৰী হিচাপে বিবেচিত নোহোৱাত আমাৰ সাংবাদিকে তেওঁক সোধাত তেওঁ কয়, ‘নাই নাই, সেইটো সম্পূৰ্ণ মুখ্য মন্ত্ৰীৰ এক্তিয়াৰৰ কথা। মুখ্য মন্ত্ৰীয়ে যিধৰণে চিন্তা-চৰ্চা কৰিছে সেই ধৰণে আগবাঢ়ি যাব লাগিব। তেওঁ আমাৰ টীমৰ লিডাৰ।‘

তাৰ পাছত আমাৰ সাংবাদিকে ‘বিজেপিৰ অসমত ভেটি সু-দৃঢ় হৈ নুঠাৰে পৰা অতি নিষ্ঠা সহকাৰে দলৰ হৈ কাম কৰি আহিছে। এই ক্ষেত্ৰত আপোনাক মন্ত্ৰিত্ব প্ৰদানৰ ক্ষেত্ৰত উপেক্ষা কৰি অহা বুলি ভাবে নেকি?’ বুলি প্ৰশ্ন কৰাত তেওঁ কয় :

‘সকলোখিনি কথা ঠিকেই আছে। আপুনি কোৱা কথাটোও ঠিক যে দলত অতি নিষ্ঠা সহকাৰে সেৱা আগবঢ়াই আহিছো। তাৰ ভিতৰতো দুৰ্ভাগ্যৰ কথা যে মই কোনো জাতি-জনগোষ্ঠীৰ পৰা আহিব নোৱাৰিলো। জাতি-জনগোষ্ঠীৰ পৰা আহিব পৰাহেঁতেন নিশ্চয় মন্ত্ৰী হ’লোহেঁতেন। জাতি-জনগোষ্ঠীৰ পৰা আহিব নোৱাৰিলো বাবে মোক মন্ত্ৰিত্ব পদ দিয়া নাই।‘

তেওঁ আৰু কয়, ‘আহোম জনগোষ্ঠীৰ কোনো নাছিল বাবে তপন গগৈৰ ঠাইত যোগেন মহনক দিলে, চাহ জনগোষ্ঠীৰ পল্লৱৰ ঠাইত সঞ্জয় কিষাণক দিলে। সকলোৱে মিলাই মেলি চলিব লাগিব।ৰাজনীতিত উপেক্ষা নহয় বাৰু। আজি নহয়, কাইলৈ কিজানি তাতকৈ ভাল পদ মোক দিব। দলত আছো যিখিনি কৰিব লাগে কৰি যাম। চৰকাৰখন যাতে ভালদৰে চলিব পাৰে, অহাবাৰ যাতে ১০০ খন আসন লৈ আহিব পাৰে সেইটোহে মোৰ আচল চিন্তা বয়স অনুযায়ী।‘

Recent News

IMG-20210122-WA0032

একেৰাহে চতুৰ্থবাৰলৈ আছুৰ দখলত টীয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা

Rameswar Telly

দেশত স্থাপন হ’ব ২ লাখ ফুড প্ৰচেছিং ক্ষুদ্ৰ উদ্যোগ; অসমত কিমান? ক’লে কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd