DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, October 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

খালী পেটত একাপ চাহ! বিপদ নে সম্পদ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 15, 2023 1:43 pm
tea on an empty stomach
4.3k
VIEWS
Share on FacebookShare on Twitter

পুৱা শোৱাপাটিৰ পৰা উঠি যোৱাৰ পিছত কিছু সময়লৈ আমি সকলোৱে এক শাৰীৰিক বা মানসিক অৱসাদ অনুভৱ কৰোঁ। এই অৱসাদ দূৰৰ ঔষধ হিচাপে আমাৰ মনত ভাহি উঠে একাপ চাহ।

পচন্দৰ চাহ কাপত এটা চুমুক, আহ! নিমিষতে যেন দূৰ হৈ গৈছে আমাৰ সকলো অৱসাদ, মগজুৱে যেন লাভ কৰিছে নতুন প্ৰাণ, শান্ত হৈ উঠিছে শৰীৰ!

সময়মতে একাপ চাহ খাবলৈ নাপালেই যেন বিপদ! মুহূৰ্তৰ ভিতৰতে আৱৰি ধৰিব অৱসাদে। পুৱাৰ পৰা সন্ধিয়ালৈকে দিনটোৰ ভিতৰত ৫-৬ বাৰকৈ এই প্ৰাণ সঞ্চাৰী ঔষধ। এয়াই আমাৰ সমাজৰ এক পৰিচিত দৃশ্য।

পিছে পুৱা উঠি খালী পেটতে একাপ চাহ খোৱা উচিত নে! এই সকাহৰ চুমুকটোৱে আমাৰ জীৱনলৈ কোনো ডাঙৰ বিপদ কঢ়িয়াই আনে নেকি? নে চাহকাপত চুমুক দিয়াৰ সময়ত অনুভৱ কৰা সুখানুভূতিৰ দৰেই পুৱাৰ এই চাহকাপ আমাৰ জীৱনৰ বাবে সম্পদ!

বহু সময়ত এই লৈ আপোনাৰ ঘৰখনত কিছু তৰ্ক-বিতৰ্কৰ সূচনা নিশ্চয়কৈ থকা নাই। পিছে, এই ততৰ্ক-বিতৰ্ক পিছলৈ ঠেলি আপুনি বিশেষজ্ঞৰ কথালৈ মন কৰক, কি কয় তেওঁলোকে! বিশেষজ্ঞসকলৰ মতে ৰাতিপুৱা খালী পেটত চাহ একেবাৰেই খাব নালাগে।

কিন্তু কিয়? বিশেষজ্ঞসকলে আগবঢ়াইছে ইয়াৰ সঠিক কাৰণ। তেওঁলোকৰ মতে, চাহত কেফেইন থাকে। আৰু সেয়ে ৰাতিপুৱা খালী পেটত চাহ খালে পাচনতন্ত্ৰৰ সমস্যা হ’ব পাৰে। খোৱাৰ ইচ্ছাও কমি যায়।

বহু লোকৰে গৰম চাহত চুমুক দিয়াৰ অভ্যাস আছে। বিশেষকৈ খালী পেটত কেতিয়াও এনে কৰিব নালাগে। এনে কৰিলে গৰম চাহে জিভা, খাদ্যনলীত অপকাৰ কৰিব পাৰে আৰু হৃদযন্ত্ৰত প্ৰদাহৰ সৃষ্টি কৰিব পাৰে।

আলচাৰৰ সমস্যা থকা লোকে খালী পেটত কেতিয়াও চাহ খাব নালাগে। গুৰুতৰ ক্ষতি হ’ব পাৰে। চাহ খালী পেটত সেৱন কৰিলে সঘনাই প্ৰস্ৰাৱ হ’ব। যাৰ ফলত ডিহাইড্ৰেছন হ’ব পাৰে।

ইফালে একাংশ গৱেষকে আকৌ বাৰে বাৰে গৰম চাহ খালে খাদ্যনলীৰ কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি পায় বুলি দাবী কৰিছে।

অৱশ্যে গৱেষকসকলে এই কথাও প্ৰকাশ কৰিছে যে যিহেতু চাহত কেফেইন আৰু থিয়ানিন থাকে, গতিকে ভৰি থকা পেটত চাহ অতি উপকাৰী। এই উপাদানবোৰে আমাক সজীৱ হৈ থকাত সহায় কৰে। একাগ্ৰতা বৃদ্ধি কৰে।

চাহ একাপ খালে মানুহৰ মগজুত সৃষ্টিশীলতাৰ প্ৰবাহ বৃদ্ধি পায়। এইখিনিতে মনত ৰখা ভাল যে, চাহ ২ মিনিটতকৈ অধিক সময় গৰম কৰিলে চাহত থকা উপকাৰী উপাদানৰ গুণগত মান হেৰাই যায়।

Recent News

protest against NPS

মানি লোৱা নহ’ব নতুন পেঞ্চন নীতি! হাজাৰ হাজাৰ চৰকাৰী কৰ্মচাৰীয়ে কঁপালে দিল্লী

Bangladeshi woman visits UP to meet boyfriend

ভাৰতীয় প্ৰেমিক ওলাল বিবাহিত! ভঙা হৃদয়েৰে স্বদেশলৈ উভতিল বাংলাদেশী মহিলা

Asian Games 2023

এছিয়ান গেমছ: ইতিহাস ৰচি স্বৰ্ণ জিনিলে অবিনাশে, শ্বটপুটত তাজিন্দৰপাল সিঙৰ স্বৰ্ণ জয়

zookeeper killed by lion

দুৰ্ভাগ্য: পিঞ্জৰাত তলা লগাবলৈ পাহৰি সিংহৰ চিকাৰ হ’ল চিৰিয়াখানাৰ সুৰক্ষা কৰ্মী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd