• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 22, 2026 6:46 pm
30
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰ ৰে’ল ষ্টেচনত মঙলবাৰে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া প্ৰতিবাদী সমাৱেশত অংশ ল’বলৈ ওলোৱা একাংশ বানপীড়িত লোকক ষ্টেচন চৌহদতে আৰক্ষী আৰু চি আৰ পি এফে বাধা দিয়াৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাক লৈ ষ্টেচন চৌহদত ক্ষোভ প্ৰকাশ কৰে প্ৰতিবাদীসকলে।

উল্লেখ্য, অহা ২৩ ছেপ্টেম্বৰত ৰাইজৰ দলৰ নেতৃত্বত গুৱাহাটীত এক বৃহৎ গণ সমাৱেশৰ আহ্বান জনোৱা হৈছে। বিগত জুলাই মাহৰ প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা প্ৰতিটো পৰিয়ালক ১০ লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ দাবীত এই সমাৱেশৰ আয়োজন কৰা হৈছে।

Apply Now

এই সমাৱেশত অংশ লোৱাৰ উদ্দেশ্যে আজি তিনিচুকীয়া-ৰঙিয়া এক্সপ্ৰেছযোগে গুৱাহাটীলৈ যাত্ৰা কৰিবলৈ ওলাইছিল শিৱসাগৰৰ শতাধিক বানপীড়িত লোক। কিন্তু ষ্টেচন চৌহদত প্ৰৱেশ কৰাৰ পাছতেই আৰক্ষী আৰু চি আৰ পি এফে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলি একাংশ লোকক আগবাঢ়িবলৈ বাধা দিয়াৰ অভিযোগ উঠিছে।

ঘটনাক কেন্দ্ৰ কৰি ষ্টেচন চৌহদতে ক্ষোভ প্ৰকাশ কৰে সাধাৰণ ৰাইজে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক বিদ্যুৎ শইকীয়াই চৰকাৰ আৰু প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি অভিযোগ কৰে যে বানপীড়িতক ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰত চৰকাৰ ব্যৰ্থ হোৱাৰ বিপৰীতে তেওঁলোকে নিজৰ অধিকাৰ বিচাৰি প্ৰতিবাদ কৰিবলৈ ওলোৱাৰ সময়ত আৰক্ষী মোতায়েন কৰি কণ্ঠ ৰোধ কৰাৰ চেষ্টা চলোৱা হৈছে।

বিদ্যুৎ শইকীয়াৰ অভিযোগ অনুসৰি, বানে সৰ্বস্ব হেৰুওৱা লোকসকলে ক্ষতিপূৰণৰ দাবীত ৰাজধানীলৈ গৈ গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিব বিচাৰিছিল। কিন্তু তেওঁলোকক বাটতে বাধা দিয়াৰ চেষ্টা চলাইছে প্ৰশাসনে। এনে পদক্ষেপে বানপীড়িত ৰাইজৰ সংগ্ৰাম স্তব্ধ কৰিব নোৱাৰে বুলিও তেওঁ মন্তব্য কৰে।

ঘটনাটোক লৈ বিধায়ক অখিল গগৈয়েও অসন্তুষ্টি প্ৰকাশ কৰিছে। বানপীড়িত লোকসকলক প্ৰতিবাদী সমাৱেশত অংশগ্ৰহণৰ ক্ষেত্ৰত বাধা দিয়াৰ অভিযোগ উত্থাপন কৰি তেওঁ এই কাৰ্যক গৰিহণা দিয়ে।

ইফালে, শিৱসাগৰ ৰে’ল ষ্টেচন চৌহদত কিছু সময়লৈ পৰিস্থিতি উত্তপ্ত হৈ থাকে। আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ বাধাৰ মাজতো অৱশেষত একাংশ বানপীড়িত লোকে গুৱাহাটী অভিমুখে যাত্ৰা কৰিবলৈ সক্ষম হয়।

বানত ক্ষতিগ্ৰস্ত লোকৰ ক্ষতিপূৰণৰ দাবীক কেন্দ্ৰ কৰি গঢ় লৈ উঠা এই প্ৰতিবাদৰ পূৰ্বে শিৱসাগৰত সৃষ্টি হোৱা এই পৰিস্থিতিয়ে পুনৰ চৰকাৰৰ প্ৰতিবাদ মোকাবিলাৰ পদ্ধতি আৰু ৰাইজৰ গণতান্ত্ৰিক অধিকাৰক লৈ নতুনকৈ চৰ্চা সৃষ্টি কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

October 15, 2026 6:20 pm
লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

October 15, 2026 5:09 pm
পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

October 15, 2026 4:09 pm
দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

October 15, 2026 3:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

October 15, 2026 6:20 pm
লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

October 15, 2026 5:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd