• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বিয়াৰ পিছত স্বামীৰ লগত নাথাকিলেও পত্নীয়ে দাবী কৰিব পাৰিব ভৰণ-পোষণৰ দায়িত্ব : উচ্চতম ন্যায়ালয়

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
January 12, 2025 5:05 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিয়াৰ পিছত পত্নীয়ে স্বামীৰ লগত থাকিবলৈ অস্বীকাৰ কৰিলেও ভৰণ-পোষণৰ অধিকাৰী হ’ব পাৰে। ৰক্ষণাবেক্ষণৰ বাবে উপযুক্ত আৰু যুক্তিসংগত ভিত্তি থকাটোহে প্ৰয়োজনীয়, সহবাসৰ নহয়। এক গোচৰৰ শুনানিৰ সময়ত এই নিৰ্দেশ দিছে দেশৰ উচ্চতম ন্যায়ালয়ে।

এক নতুন গোচৰত উচ্চতম ন্যায়ালয়ে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ ৰায় বাতিল কৰি পৰিয়াল আদালতৰ নিৰ্দেশ পুনৰ প্ৰৱৰ্তন কৰি এই নিৰ্দেশ জাৰি কৰে।

Apply Now

এই গোচৰত আদালতে স্বামীগৰাকীক প্ৰতিমাহে ১০ হাজাৰ টকাৰ ভৰণ-পোষণ পত্নীক দিবলৈ নিৰ্দেশ দিছে।

জানিব পৰা মতে, ২০১৪ চনৰ ১ মে’ত এহাল দম্পতীৰ বিবাহ হৈছিল যদিও ২০১৫ চনৰ আগষ্ট মাহত তেওঁলোকৰ সম্পৰ্ক বিচ্ছিন্ন হয়। স্বামীয়ে দাবী কৰা মতে, ২০১৫ চনৰ ২১ আগষ্টত পত্নীয়ে ঘৰৰ পৰা ওলাই আহি অকলে থাকিবলৈ লয়।

ইফালে স্বামীয়ে পৰিয়াল আদালতত আৱেদন কৰি একেলগে থাকিবলৈ অনুৰোধ জনায়। পত্নীয়ে আদালতত কয় যে তেওঁক মানসিকভাৱে অত্যাচাৰ কৰা হৈছে আৰু তেওঁৰ পৰা ৫ লাখ টকা দাবী কৰা হৈছে।

লগতে অভিযোগ কৰে যে তেওঁৰ স্বামীৰ বিবাহ বহিৰ্ভূত প্ৰেম আছিল আৰু ২০১৫ চনত তেওঁৰ গৰ্ভপাত হোৱাৰ পিছতো স্বামী তেওঁৰ ওচৰলৈ যোৱা নাছিল।

পত্নীয়ে কয় যে তেওঁ স্বামীৰ ঘৰলৈ উভতি যাবলৈ ইচ্ছুক, কিন্তু চৰ্তৰে। তেওঁক ঘৰৰ শৌচাগাৰ ব্যৱহাৰ কৰিবলৈ দিব লাগিব আৰু খাদ্য ৰন্ধা-বঢ়াৰ বাবে কাঠৰ চৌকা বা কয়লাৰ চৌকাৰ সলনি গেছ ব্যৱহাৰ কৰিবলৈ দিব লাগিব।

উল্লেখ্য যে ২০২২ চনৰ ২৩ মাৰ্চত পৰিয়াল আদালতে দুয়োকে একেলগে থাকিবলৈ নিৰ্দেশ দিছিল যদিও পত্নীয়ে সেই নিৰ্দেশ পালন নকৰিলে। তাৰ পৰিৱৰ্তে তেওঁ ঝাৰখণ্ড উচ্চ ন্যায়ালয়ত ৰক্ষণাবেক্ষণৰ বাবে আবেদন জনায়।

উচ্চ ন্যায়ালয়ে ৰায় দিয়ে যে যিহেতু পত্নীয়ে সহবাসৰ আদেশ মানি চলা নাই আৰু আদেশৰ বিৰুদ্ধে আপীল কৰা নাই, সেয়েহে তেওঁ ভৰণ-পোষণৰ অধিকাৰী নহয়।

ইয়াৰ পিছত এই ৰায়ৰ বিৰুদ্ধে পত্নীৰ আবেদন মানি ল’লে উচ্চতম ন্যায়ালয়ে। তাত মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ সঞ্জয় কুমাৰৰ বিচাৰপীঠে শেহতীয়াকৈ কয় যে ৰক্ষণাবেক্ষণ সন্দৰ্ভত সিদ্ধান্ত গোচৰৰ নিৰ্দিষ্ট পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰিব। একেলগে থকা বা নথকাৰ ওপৰত নহয়।

উচ্চতম ন্যায়ালয়ে কয়, ‘ইয়াৰ ক্ষেত্ৰত কোনো চূড়ান্ত নিয়ম প্ৰযোজ্য নহয়, প্ৰতিটো গোচৰৰ পৰিস্থিতি বেলেগ বেলেগ আৰু সেই অনুসৰি বিচাৰ কৰিব লাগিব।’

আদালতে এইটোও ৰায় দিয়ে যে সহবাস আৰু আদেশৰ অমান্যতাই পত্নীক ভৰণ-পোষণৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd