NORTHEAST NOW (Assamese)

শদিয়াত বানপানীত খাদ্যৰ অভাৱত ভুগি বনৰীয়া হাতীৰ মৃত্যু

July 15, 2019 9:09 pm · মানস প্ৰতিম গগৈ

ৰাজ্যত অব্যাহত থকা প্ৰবল বানপানীৰ মাজতে তিনিচুকীয়া জিলাৰ শদিয়াৰ দেউপানী নদীৰ চাপৰিৰ বিস্তীৰ্ণ অঞ্চল জলমগ্ন হোৱাৰ ফলত বৰ্তমান বন্যপ্ৰাণীসমূহ খাদ্য আৰু আশ্ৰয় বিচাৰি বিভিন্ন অঞ্চললৈ ঢাপলি মেলিছে। ইয়াৰ মাজতে আজি  খাদ্যৰ অভাৱত ভুগি এটা বনৰীয়া হাতীৰ মৃত্যু হয়।

উল্লেখযোগ্য যে কিছুদিন পূৰ্বে ডিব্ৰু- ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীৰ এটা বৃহৎ জাক শদিয়া মহকুমা আঞ্চলিক বন বিভাগৰ অন্তৰ্গত ঘুৰমৰা দেওপানী উত্তৰ অঞ্চল সংৰক্ষিত বনাঞ্চলত আশ্ৰয় লৈ আছিল৷

উক্ত হাতীৰ জাকটোৰ পৰা বিচ্ছিন্ন হৈ পৰা এটা পোৱালী মখনা হাতীৰ মৃতদেহ প্ৰত্যক্ষ কৰি অঞ্চলটোৰ স্থানীয় লোকে বন বিভাগক খবৰ দিয়াত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃত হাতীৰ পোৱালীটোক উদ্ধাৰ কৰে।

মৰণোত্তৰ পৰীক্ষাত খাদ্য অভাৱৰ বাবেই হাতীটোৰ অসুস্থ হৈ মৃত্যু ঘটে বুলি প্ৰকাশ কৰা হয়। পিছত বন বিভাগৰ লোকে উক্ত স্থানতে জে চি বিৰ সহায়ত হাতী পোৱালীটোক পুতি থয়৷

Related News