• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গোৱালপাৰাৰ লালাবড়ীত বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন; বন বিভাগৰ বিৰুদ্ধে ক্ষোভ

NE NOW NEWS নীলমণি শৰ্মা
কৃষ্ণাই , May 24, 2020 9:19 pm

2 min read

গোৱালপাৰাৰ লালাবড়ীত বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন; বন বিভাগৰ বিৰুদ্ধে ক্ষোভ

ফটো : নৰ্থ-ইষ্ট নাও

1.4k
VIEWS
Share on FacebookShare on Twitter

গোৱালপাৰা জিলাত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে বনৰীয়া হাতী মানুহৰ সংঘাত। জিলাখনৰ মৰণৈ থানাৰ অন্তৰ্গত লালাবড়ী বামুনবড়ীত বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী লোক নিহত হয়।

নিহত লোকজন ভক্ত প্ৰসাদ ৰায় (৪০) বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, আজি বিয়লি ৫ মান বজাত ৩০-৩৫ জনীয়া বনৰীয়া হাতীৰ এটা বৃহৎ জাকে বনাঞ্চলৰ পৰা বামুনবড়ী গাঁওখনত প্ৰৱেশ কৰি উপদ্ৰৱ চলায়।

দিনৰ পোহৰতে বনৰীয়া জাকটোক ৰাইজে খেদি পঠিয়াবলৈ চেষ্টা অব্যাহত ৰখাৰ সময়তে জাকটোৱে অতৰ্কিতে উপদদ্ৰৱ চলায় ভক্ত প্ৰসাদ ৰায়ৰ বাসগৃহত।

নিজৰ প্ৰাণৰ ভয়ত ঘৰ এৰি পলায়ন কৰোতে বনৰীয়া হাতীৰ আক্ৰমণত থিতাতে নিহত হয় লোকজন।

ইফালে গাঁওখনত বনৰীয়া হাতীৰ প্ৰৱেশ কৰাৰ সময়তে গোৱালপাৰাৰ বন বিভাগক ৰাইজে ফোনযোগে বহুবাৰ অৱগত কৰিছিল যদিও বহু পলমকৈ ঘটনাস্থলীত উপস্থিতি হোৱাত ৰাইজ ক্ষুভিত হৈ পৰে।

পাছত ঘটনাস্থলীত বন বিভাগৰ লোকৰ লগতে মৰনৈ থানাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে.

উল্লেখ্য যে, সম্প্ৰতি হাতী-মানুহৰ সংঘাতে ভয়াৱহ ৰূপ লৈছে জিলাখনৰ বিভিন্ন প্ৰান্তত। মেঘালয়ৰ পৰা খাদ্যৰ সন্ধানত নামি অহা কেইবাটাও বনৰীয়া হাতীৰ জাকে জিলাখনৰ ৰংজুলি, দৰংগিৰি, দুধনৈ, কৃষ্ণাই, আগিয়া, শোলমাৰী, শ্ৰীসূৰ্যগিৰি, দহিকটা আদি অঞ্চলত দীৰ্ঘদিনৰ পৰা ত্ৰাসৰ সৃষ্টি কৰিছে।

ইমানৰ পিছতো জিলাখনৰ বন বিভাগে বনৰীয়া হাতীক সমূহক পুনৰ বনাঞ্চললৈ খেদি পঠিওৱাত ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে।

Recent News

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd