NORTHEAST NOW (Assamese)

কৃষ্ণাইত বন্যহস্তীৰ সন্ত্ৰাসঃ বিধ্বস্ত কৰিলে দুটা পৰিয়ালৰ ঘৰ দুৱাৰ

December 22, 2021 3:28 pm · নীলমণি শৰ্মা ,কৃষ্ণাই

হাতী-মানুহৰ সংঘাতে বিধ্বস্ত কৰা গোৱালপাৰা জিলাত এতিয়া কেৱল হাহাকাৰ ৷ 

প্ৰতি নিশাই বন্য হস্তীয়ে বহু পৰিয়ালৰ ঘৰ দুৱাৰ ভাঙি তহিলং কৰিছে৷ 

যাৰ পৰিপ্ৰেক্ষিতত উক্ত পৰিয়ালবোৰে ঘৰ-দুৱাৰ হেৰুৱাই মুকলি আকাশৰ তলত আশ্ৰয় ল’ব লগা পৰিবেশৰ সৃষ্টি হৈছে ৷

যোৱা নিশাও জিলাখনৰ কৃষ্ণাই আঞ্চলিক বন বিভাগৰ অন্তৰ্গত খাদাজান গাৱঁত দুটাকৈ পৰিয়াল গৃহহাৰা হ’বলগীয়া হৈছে বনৰীয়া হাতীৰ আক্ৰমণত  ৷

নিশা শুই থকা অৱস্থাত প্ৰায় ২৫/৩০ টা বনৰীয়া হাতীয়ে আক্ৰমণ চলাই ৫ টা ঘৰ চূৰমাৰ কৰে ৷

এই আক্ৰমণত কথমপি ৰক্ষা পৰে শাৰীৰিক ভাবে অসুস্থ লোক এজন৷

হাতীৰ আক্ৰমণৰ সময়ত ঘৰৰ ভিতৰত আবদ্ধ হৈ পৰা লোকজনে কোনোমতে নিজৰ প্ৰাণৰক্ষা কৰে ৷

পৰিয়াল দুটাৰ অন্যান্য লোক সকলো পলাই সাৰে ৷

ইয়াৰ পিছত হাতীৰ জাকটোৱে চৌহদতে থকা ঘৰ কেইটা ভাঙি তচনচ কৰে ৷

হাতীৰ জাকটোৱে ঘৰত থকা ধান চাউল বোৰ খাই তহিলং কৰে ৷ হাতীৰ আক্ৰমণৰ পৰা সাৰি নগ’ল পাকঘৰটোও ৷

মুঠতে নিশা হাতীৰ জাকটোৱে দুয়োটা  পৰিয়ালৰ ঘৰ এক প্ৰকাৰ ধ্বংসস্তুপত পৰিণত কৰে ৷

Related News