• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘ধিক্কাৰ দিৱস’ত দল-সংগঠন, সচেতন নাগৰিকৰ উপস্থিতিত উঠিল স্বাধীন অসমৰ প্ৰসংগ

‘ধিক্কাৰ দিৱস’ত একত্ৰিত হ’ল কেইবাটাও ৰাজনৈতিক দলৰ নেতা, সামাজিক সংগঠনৰ প্ৰতিনিধি, শিল্পী-সাহিত্যিক

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
January 7, 2019 9:03 pm
Dhikkar Divas

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাত ‘ধিক্কাৰ দিৱস’ৰ দৃশ্য। ফটো : য়ু বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জাতিধ্বংসী বিধেয়কখনেই স্বাধীন অসমৰ দাবীক পুনৰ প্ৰাসংগিক কৰি তুলিব নেকি? আজি নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ সপক্ষে জেপিচিয়ে ইয়াৰ প্ৰতিবেদন দাখিল কৰাৰ পিছত চৰম পৰ্য্যায় পোৱা অসমীয়া মানুহৰ  ক্ষোভে তাৰেই ইংগিত দিছে।

আজি যুটীয়া সংসদীয় সমিতিয়ে অসম তথা উত্তৰ-পূবৰ জনগণৰ মতৰ বিৰুদ্ধে গৈ বিধেয়কখনৰ সপক্ষে প্ৰতিবেদন দাখিল কৰাৰ প্ৰতিবাদত আমবাৰীৰ ৰাজপথত ৰূপায়িত হয় ধিক্কাৰ দিৱস। ক’লা পতাকা প্ৰদৰ্শন, উত্তোলনেৰে এই দিৱসৰ কাৰ্য্যসূচী আৰম্ভ হয়। ক’লা পতাকা উত্তোলন কৰে বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁয়ে।

Dhikkar Divas_1
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাত ‘ধিক্কাৰ দিৱস’ত বিভিন্ন ৰাজনৈতিক-অৰাজৈনতিক দলৰ নেতা, বুদ্ধিজীৱী, সামাজিক সংগঠনৰ প্ৰতিনিধি, শিল্পী-সাহিত্যিক।

আনহাতে আজিৰ ধিক্কাৰ দিৱসত সচেতন নাগৰিকৰ উপস্থিতিতে উত্থাপন হ’ল ‘স্বাধীন অসম’ৰ প্ৰসংগ। কিছু সংখ্যক লোকে যে জাতিটোক বচাবৰ বাবে ‘স্বাধীন অসম’ প্ৰতিষ্ঠাই শেষ পথ বুলি ভাবিবলৈ লৈছে তাৰ উমান পোৱা গ’ল।

কাৰ্য্যসূচীটোত ভাষণ প্ৰদান কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে কয়, “ভাৰতীয় সংসদীয় আৰু যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত আমি ন্যায় পোৱাটো অসম্ভৱ, চাগে অসমীয়া জাতিয়ে আকৌ স্বাধীনতাৰ প্ৰস্তাৱ উত্থাপন কৰিব লাগিব। সংবিধান সভাত অসমৰ প্ৰতিনিধিয়ে উত্থাপন কৰা, আহোম সভাই উত্থাপন কৰা, ভীমবৰ দেউৰীয়ে দিয়া স্বতন্ত্ৰতাৰ প্ৰস্তাৱ আকৌ উত্থাপন কৰিব আৰু প্ৰয়োজন হ’লে আমি এখন স্বাধীন দেশ গঠন কৰিব লাগিব”।

একেদৰে অনুষ্ঠানৰ মূল গুৰি ধৰা বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোহাঁয়েও ৰাষ্ট্ৰই আমাৰ কোনো কথাই নুশুনিলে স্বাধীনতাৰ দাবী তুলিবলৈ নিশ্চয়কৈ বাধ্য হ’ব লাগিব বুলি মন্তব্য কৰে।

কিন্তু তেওঁ এতিয়া ভাৰতৰ সংবিধানৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰ অক্ষুণ্ণ ৰখাৰ হকেহে অসমৰ ৰাইজে যুঁজি আছে বুলি ভাষণত কয়। লগতে এই যুঁজখন ‘অসমৰ সুৰক্ষাৰ হকে’ হোৱাৰ লগতে ই ‘ভাৰতৰো সুৰক্ষাৰ হকে’ কৰা যুঁজ বুলিও তেওঁ এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

স্বাধীন অসমৰ প্ৰসংগটোত অৱশ্যে তেওঁ স্বাধীন অসমৰ বাবে আন্দোলনৰ প্ৰস্তাৱ ল’বলৈ হ’লে সকলো সংগঠনে লগ লাগি আলোচনা মৰ্মেহে ল’ব লাগিব বুলি স্পষ্ট কৰি দিয়ে।

অনুষ্ঠানত উপস্থিত আন কেইবাজনো বিশিষ্ট ব্যক্তিৰ মুখতো আজি শুনা গ’ল স্বাধীন অসমৰ প্ৰসংগ।

 

অৱশ্যে, এই ক্ষেত্ৰত দ্বিমত পোষণ কৰে বিশিষ্ট বুদ্ধিজীৱী তথা অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান হৰেকৃষ্ণ ডেকাই। তেওঁ এই আন্দোলন যিহেতু সংবিধানৰ গণ্ডীৰ ভিতৰত থাকি সংবিধানৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰক ৰক্ষা কৰাৰ বাবে কৰা হৈছে। গতিকে ইয়াত ভাৰতৰ পৰা অসমক বিচ্ছিন্ন কৰাৰ প্ৰসংগ আহিব নালাগে বুলি মন্তব্য কৰে।

ইপিনে, আজিৰ এই ‘ধিক্কাৰ দিৱস’ৰ কাৰ্যসূচীত বিভিন্ন ৰাজনৈতিক দলৰ পৰা আৰম্ভ কৰি জাতীয়-জনগোষ্ঠীয় আৰু বহুকেইটা সামাজিক সংগঠনৰ প্ৰতিনিধি আৰু কেইবাৰাকীও শিল্পী-সাহিত্যিকে অংশগ্ৰহণ কৰে। উপস্থিত থাকে দুই প্ৰাক্তন মুখ্য মন্ত্ৰী ক্ৰমে প্ৰফুল্ল কুমাৰ মহন্ত আৰু তৰুণ গগৈও।

সকলোৰে বক্তব্যত কেৱল বিজেপি চৰকাৰৰ অসম বিৰোধী স্থিতিক গৰিহণা। এই অনুষ্ঠানৰ পৰাই জাতিৰ সংকটৰ সময়ত জাতি-ধৰ্ম-দল-সংগঠন নিৰ্বিশেষে সকলোকে একত্ৰিতভাৱে আন্দোলন চলাই নিয়াৰ বাবে সকলোলৈ আহ্বান জনায় উপস্থিত প্ৰতিগৰাকী বিশিষ্ট ব্যক্তিয়ে।

আনহাতে, আজিৰ এই অনুষ্ঠানত আৰম্ভণিতে সেই স্থানত উত্তোলন কৰা ক’লা পতাকা আৰক্ষীয়ে বলপূৰ্বক খুলি লৈ যোৱাক কেন্দ্ৰ কৰি আৰক্ষী আৰু একাংশ লোকৰ মাজত খণ্ডযুদ্ধও হয়।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী মেডিকেল কলেজত সদ্যোজাত শিশুৰ মৃত্যুৱে উদঙাইছে চৰকাৰী চিকিৎসা ব্যৱস্থাৰ স্বৰূপ

গুৱাহাটী মেডিকেল কলেজত সদ্যোজাত শিশুৰ মৃত্যুৱে উদঙাইছে চৰকাৰী চিকিৎসা ব্যৱস্থাৰ স্বৰূপ

August 19, 2025 9:15 pm
ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

August 19, 2025 8:05 pm
বানে স্তব্ধ কৰিছে মায়া নগৰী মুম্বাইৰ জনজীৱন : বন্ধ স্কুল-কলেজ, ৰেল-বিমান সেৱা ব্যাহত, ১২ গৰাকীৰ মৃত্যু

বানে স্তব্ধ কৰিছে মায়া নগৰী মুম্বাইৰ জনজীৱন : বন্ধ স্কুল-কলেজ, ৰেল-বিমান সেৱা ব্যাহত, ১২ গৰাকীৰ মৃত্যু

August 19, 2025 7:50 pm
গুৱাহাটীত স্থাপন হ’ব IIM, ৫৫০ কোটি টকা আবণ্টনেৰে লোকসভাত গৃহীত বিধেয়ক

গুৱাহাটীত স্থাপন হ’ব IIM, ৫৫০ কোটি টকা আবণ্টনেৰে লোকসভাত গৃহীত বিধেয়ক

August 19, 2025 7:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী মেডিকেল কলেজত সদ্যোজাত শিশুৰ মৃত্যুৱে উদঙাইছে চৰকাৰী চিকিৎসা ব্যৱস্থাৰ স্বৰূপ

গুৱাহাটী মেডিকেল কলেজত সদ্যোজাত শিশুৰ মৃত্যুৱে উদঙাইছে চৰকাৰী চিকিৎসা ব্যৱস্থাৰ স্বৰূপ

August 19, 2025 9:15 pm
ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

August 19, 2025 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd