কৃষি আইন বাতিলৰ পিছতো আন্দোলন প্ৰত্যাহাৰ কৰিবলৈ সন্মত হোৱা নাই প্ৰতিবাদী কৃষকসকলে।
কৃষি আইন তিনি খন বাতিল হ’লে কেতবোৰ বিশেষ দাবী চৰকাৰে পূৰণ নকৰা পৰ্যন্ত কৃষকসকলে আন্দোলন চলাই নিয়াৰ পোষকতা কৰিছে।
আজি কৃষক নেতা গুৰনাম সিং চাৰুনিয়ে এই কথা প্ৰকাশ কৰে। কৃষক নেতাগৰাকীয়ে কয় যে যেতিয়ালৈকে চৰকাৰে নূন্যতম সমৰ্থন মূল্য নিৰ্ধাৰণ, বিদ্যুৎ মাচুল সংশোধনৰ খচৰা বিধেয়ক প্ৰত্যাহাৰ, প্ৰতিবাদী কৃষকৰ বিৰুদ্ধে চৰকাৰে আৰোপ কৰা গোচৰ প্ৰত্যাহাৰ নকৰে তেতিয়ালৈকে আন্দোলন চলাই যোৱা হ’ব।
উল্লেখ্য কৃষকৰ এনে দাবী সমূহ আলোচনা কৰাৰ বাবে চৰকাৰে কৃষকৰ পাঁচজনীয়া দলৰ সৈতে আলোচনা অব্যাহত ৰাখিছে।
আজি পুনৰ চৰকাৰৰ সৈতে কৃষকৰ প্ৰতিনিধি দলৰ আলোচনা হ’ব বুলি সংযুক্ত কৃষক মৰ্চাৰ এগৰাকী নেতাই প্ৰকাশ কৰিছে।
উল্লেখ্য ২৯ নৱেম্বৰৰ দিনা সংসদৰ শীতকালীন অধিৱেশনৰ সময়তে সংসদৰ দুয়োটা সদনেই বাতিল কৰিছিল তিনিখনকৈ কৃষি আইন।সংসদত কোনো ধৰণৰ আলোচনাৰ অৱতাৰণা নকৰাকৈয়ে কেৱল মৌখিক ভোটতে কৃষি আইন কেইখন বাতিল কৰা কৰা হৈছিল।
বিৰোধী দলৰ নেতাসকলে নূন্যতম সমৰ্থন মূল্যকলৈ সদনত আলোচনা হ’ব লাগে বুলি দাবী জনাইছিল যদিও সেই দাবীৰ প্ৰতি চৰকাৰে কোনো গুৰুত্ব প্ৰদান নকৰাত সদনত হুলূস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল। লোকসভাত মাত্ৰ চাৰি মিনিটৰ ভিতৰতে কৃষি আইন কেইখন বাতিল কৰা হৈছিল।
আইন কেইখন লোকসভাত দাখিল কৰা হৈছিল ১২.০৬ বজাত আৰু ১২.১০ বজাত লোকসভাত কৃষি আইন বাতিল বিধেয়ক খন গৃহীত কৰা হৈছিল। ৰাজ্যসভাতো অতি চমু আলোচনাৰ অনন্ততে কৃষি আইন কেইখন বাতিল কৰা হৈছিল।
তৃণমূল কংগ্ৰেছৰ সাংসদ ডেৰেক অ’ ব্ৰিয়েনে আইন কেইখন বাতিলৰ পূৰ্বে আলোচনা অনুষ্ঠিত নকৰা কাৰ্যক গণতন্ত্ৰৰ পৰিপন্থী কাৰ্য আখ্যা দিছিল।
নূন্যতম সমৰ্থন মূল্য সন্দৰ্ভতো আলোচনাৰ দাবী উত্থাপন কৰিছিল বিৰোধী সাংসদসকলে। কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়েও তিনি খন কৃষি আইন বাতিলৰ পূৰ্বে কোনো আলোচনা নকৰাত ক্ষোভ প্ৰকাশ কৰিছিল।