• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এটা পৰিয়ালৰ বাবে বিক্ৰী কৰা হ’ব নেকি গুৱাহাটী বিশ্ববিদ্যালয়? ননী-শ্যামকানুৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ ৰাজু চেতিয়া ফুকনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 25, 2025 11:53 am
195
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ প্ৰধান অভিযুক্ত নৰ্থইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত গ্ৰেপ্তাৰ হোৱাৰ পিছতে তেওঁৰ জ্যেষ্ঠ ভাতৃ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ ননী গোপাল মহন্তৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন হ’বলৈ ধৰিছে। উপাচাৰ্য ডঃ ননী গোপাল মহন্তই গুৱাহাটী বিশ্ববিদ্যালয়ত দুৰ্নীতিৰ পোহাৰ মেলাৰ বহু বিস্ফোৰক অভিযোগ উত্থাপন হৈছে। প্ৰথমে তৃণমূল কংগ্ৰেছ অসম প্ৰদেশ সমিতিৰ নেতা দুলু আহমেদে উপাচাৰ্য ডঃ মহন্তৰ বিৰুদ্ধে বহু গুৰুতৰ অভিযোগ উত্থাপন কৰে।

এই অভিযোগৰ পিছতে উপাচাৰ্য ডঃ মহন্তই দুলু আহমেদৰ বিৰুদ্ধে মানহানি গোচৰ তৰিম বুলি ঘোষণা কৰিও অদ্যপি গোচৰ তৰিবলৈ সাহস কৰা নাই। অভিযোগকাৰী দুলু আহমেদৰ মতে উপাচাৰ্য ডঃ মহন্তই মানহানি গোচৰ তৰাটো দূৰৰে কথা এখন আইনী জাননীও প্ৰেৰণ কৰিবলৈ সাহস কৰা নাই। দুলু আহমেদৰ পিছতে উপাচাৰ্য ডঃ মহন্তৰ বিৰুদ্ধে অন্য কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন হৈছে। এইবাৰ অভিযোগ উঠিছে যে ডঃ ননী গোপাল মহন্তই প্ৰদান কৰা এটা ডক্টৰেট বিনিময়ত অৰুণাচল প্ৰদেশ চৰকাৰৰ পৰা মোটা অংকৰ ধনৰ স্প’নছৰশ্বীপ লাভ কৰিছিল ভাতৃ শ্যামকানু মহন্তৰ নৰ্থইষ্ট ফেষ্টিভেলে।

Apply Now

 অভিযোগ অনুসৰি যোৱা ২৫ এপ্ৰিলত অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী চৌনা মেইনক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছিল গুৱাহাটী বিশ্ববিদ্যালয়ে। ইয়াৰ পিছতে উপাচাৰ্য ডঃ ননী গোপাল মহন্তৰ ভাতৃ শ্যামকানু মহন্তই তেওঁৰ নৰ্থইষ্ট ফেষ্টিভেলৰ বাবে লাভ কৰিছিল অৰুণাচল প্ৰদেশ চৰকাৰৰ স্প’নছৰশ্বীপ। সামাজিক মাধ্যমৰ চাইট ফেচবুকত এই গুৰুতৰ অভিযোগ কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰে এগৰাকী প্ৰাক্তন ছাত্ৰই। বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ৰাজু চেতিয়া ফুকনে এই গুৰুতৰ অভিযোগ কৰি লিখিছে,

“গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ননীগোপাল মহন্ত কেনেকৈ জড়িত আছিল নৰ্থ ইষ্ট ফেষ্টিভেলত। মহন্ত পৰিয়ালৰ কুকীৰ্তিৰ অন্য এক কাহিনী।

২৫ এপ্ৰিল, ২০২৩ত (সঠিক বছৰটো ২০২৩ হ’ব পাৰে, আপোনাৰ পাঠত ২০২৫ আছে) অনুষ্ঠিত হৈ যোৱা গুৱাহাটী বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহত সকলোৰে অগোচৰে সংঘটিত হ’ল এক নজিৰবিহীন ঘটনা। সেই দিনটোতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হৈছিল অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী চৌনা মেইন (CHOWNA MEIN)ক। সকলোৱে জ্ঞাত যে অৰুণাচলত বৰ্তমান বিজেপি চৰকাৰ চলি আছে। কি যোগ্যতাৰ ভিত্তিত অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী গৰাকীক দিয়া হ’ল সন্মানীয় ডক্টৰেট ডিগ্ৰী? সকলোৰে মনত সেই খু-দুৱনি থাকি গৈছিল। যি ডক্টৰেট ডিগ্ৰীৰ কাৰণে আজিলৈকে যোগ্যতাৰ তুলাচনীত উঠা নাছিল জুবিন গাৰ্গকে আদি কৰি অসমৰ কোনো এজন বৰেণ্য ব্যক্তি বা জননায়ক। তাৰ আঁৰৰ সমস্ত কাহিনী জানিবলৈ আমি অপেক্ষা কৰিব লগা হ’ল ছেপ্তেম্বৰলৈ। আটাইতকৈ ডাঙৰ কথাটো হ’ল যে ২৫ এপ্ৰিলত চৌনা মেইনে (Chowna Mein) গ্ৰহণ কৰিলে সন্মানীয় ডক্টৰেট ডিগ্ৰী আৰু ছেপ্তেম্বৰ মাহত অৰুণাচল চৰকাৰৰ পৰা শ্যামকানু মহন্তই লাভ কৰিলে নৰ্থ ইষ্ট ফেষ্টিভেলৰ বাবে আটাইতকৈ ডাঙৰ SPONSORSHIP!!

উপাচাৰ্য ননীগোপাল মহন্তই কনিষ্ঠ ভাতৃ শ্যামকানু মহন্তক এনেকৈয়ে বিভিন্ন ধৰণে সহায় কৰি আহিছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিভিন্ন নিৰ্মাণ কাৰ্যতো শ্যামকানু মহন্তই অংশগ্ৰহণ কৰা আৰু ভ্ৰাতৃ উপাচাৰ্য হোৱা হেতু দুই নম্বৰী কায়দাৰে বিভিন্ন কাম হস্তগত কৰাৰ কথাবোৰ পোহৰলৈ আহিছেই। সেয়া এক অন্য বিষয়। কিন্তু শ্যামকানু মহন্তৰ নৰ্থ ইষ্ট ফেষ্টিভেলৰ পুঁজি যোগান দিয়াবলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মানীয় ডক্টৰেট ডিগ্ৰী বিক্ৰী কৰাটো এক ভয়ংকৰ ঘটনা লগতে অপৰাধ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ দৰে পবিত্ৰ অনুষ্ঠান এটাক মহন্ত পৰিয়ালৰ সোণৰ কণী পৰা হাঁহ হ’বলৈ দিয়াটো উচিত নে? আজি ডক্টৰেট ডিগ্ৰী বিক্ৰী কৰিছে, কাইলৈ মহন্ত পৰিয়ালৰ স্বাৰ্থৰ কাৰণে সমগ্ৰ বিশ্ববিদ্যালয় খনকে যে বিক্ৰী কৰি নিদিব সেই সম্ভাৱনাও নুই কৰিব নোৱাৰি।

আমি ননীগোপাল মহন্তক আহ্বান জনাওঁ যে, যদি অলপমানো নাকত লাজটো বাকী আছেগৈ অকণো সময় পলম নকৰি উপাচাৰ্য পদৰ পৰা পদত্যাগ কৰক। লগতে বিশ্ববিদ্যালয়ৰ সমূহ বিবেকবান ছাত্ৰ-ছাত্ৰীক, বিশ্ববিদ্যালয় খন ৰক্ষাৰ বাবে ৰাজপথলৈ ওলাই আহিবলৈ আহ্বান জনালোঁ।

গুৱাহাটী বিশ্ববিদ্যালয় মানে এতিয়া গৱেষণা নহয়, গুৱাহাটী বিশ্ববিদ্যালয় এতিয়া অসমৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত পৰিয়ালটোৰ ধন ঘটাৰ উৎস।

উপাচাৰ্য ডঃ ননী গোপাল মহন্তই প্ৰাক্তন ছাত্ৰ ৰাজু চেতিয়া ফুকনৰ এই বিস্ফোৰক অভিযোগৰ কি উত্তৰ দিয়ে সেয়া লক্ষণীয় হ’ব। তৃণমূল কংগ্ৰেছ, অসমৰ নেতা দুলু আহমেদৰ বিৰুদ্ধে মানহানি গোচৰ দিম বুলি দম্ভালি মাৰি শেষত মূৰপোলোকা মৰা দৰেও এইবাৰো নিশ্চুপ হৈ থাকিব নেকি? লগতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে উপাচাৰ্য ডঃ ননী গোপাল মহন্তৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতিৰ অভিযোগবোৰ তদন্ত কৰিব নে? ডঃ ননী গোপাল মহন্তৰে সৈতে থকা গভীৰ বন্ধুত্বৰ বাবে এই চকু মুদা কুলিৰ দৰে আচৰণ কৰি থাকিব নেকি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই? এইসমূহ প্ৰশ্নৰো উদয় হৈছে ৰাজ্যৰ সচেতন লোকৰ মাজত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পানীৰ ওপৰত ওপঙি থাকিব বিমানবন্দৰ! নিৰ্মাণ হ’ব ভাৰতৰ প্ৰথমটো ভাসমান এয়াৰপোৰ্ট

পানীৰ ওপৰত ওপঙি থাকিব বিমানবন্দৰ! নিৰ্মাণ হ’ব ভাৰতৰ প্ৰথমটো ভাসমান এয়াৰপোৰ্ট

June 30, 2026 10:09 am
প্ৰাকৃতিক দুৰ্যোগৰ সুযোগ লৈ অৰুণাচলত লুটপাত! ভূমিস্খলনত আৱদ্ধ বাহনৰ পৰা যন্ত্ৰাংশ চুৰি দুৰ্বৃত্তৰ

প্ৰাকৃতিক দুৰ্যোগৰ সুযোগ লৈ অৰুণাচলত লুটপাত! ভূমিস্খলনত আৱদ্ধ বাহনৰ পৰা যন্ত্ৰাংশ চুৰি দুৰ্বৃত্তৰ

June 30, 2026 10:06 am
দোহাত আমেৰিকা আৰু ইৰাণৰ বৈঠকৰ পূৰ্বে হৰমুজ প্ৰণালীক লৈ তীব্ৰ উত্তেজনা! প্ৰতি বেৰেলত ৭৩ ডলাৰলৈ বৃদ্ধি ব্ৰেণ্ট ক্ৰুডৰ মূল্য

দোহাত আমেৰিকা আৰু ইৰাণৰ বৈঠকৰ পূৰ্বে হৰমুজ প্ৰণালীক লৈ তীব্ৰ উত্তেজনা! প্ৰতি বেৰেলত ৭৩ ডলাৰলৈ বৃদ্ধি ব্ৰেণ্ট ক্ৰুডৰ মূল্য

June 30, 2026 9:24 am
অঘটন ঘটিল! টাইব্ৰেকাৰত পৰাস্ত হৈ বিশ্বকাপৰ পৰা বাহিৰ জাৰ্মানী; পৰৱৰ্তী ৰাউণ্ডলৈ পেৰাগুৱে

অঘটন ঘটিল! টাইব্ৰেকাৰত পৰাস্ত হৈ বিশ্বকাপৰ পৰা বাহিৰ জাৰ্মানী; পৰৱৰ্তী ৰাউণ্ডলৈ পেৰাগুৱে

June 30, 2026 8:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পানীৰ ওপৰত ওপঙি থাকিব বিমানবন্দৰ! নিৰ্মাণ হ’ব ভাৰতৰ প্ৰথমটো ভাসমান এয়াৰপোৰ্ট

পানীৰ ওপৰত ওপঙি থাকিব বিমানবন্দৰ! নিৰ্মাণ হ’ব ভাৰতৰ প্ৰথমটো ভাসমান এয়াৰপোৰ্ট

June 30, 2026 10:09 am
প্ৰাকৃতিক দুৰ্যোগৰ সুযোগ লৈ অৰুণাচলত লুটপাত! ভূমিস্খলনত আৱদ্ধ বাহনৰ পৰা যন্ত্ৰাংশ চুৰি দুৰ্বৃত্তৰ

প্ৰাকৃতিক দুৰ্যোগৰ সুযোগ লৈ অৰুণাচলত লুটপাত! ভূমিস্খলনত আৱদ্ধ বাহনৰ পৰা যন্ত্ৰাংশ চুৰি দুৰ্বৃত্তৰ

June 30, 2026 10:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd