NORTHEAST NOW (Assamese)

পুনৰ লকডাউন হ’ব নেকি অসমত? : কি ক’লে নতুন স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই?

May 11, 2021 8:11 pm · কল্পজ্যোতি শইকীয়া
Updated: May 11, 2021 8:13 pm

দিনক দিনে কৰোনাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ লগতে আক্ৰান্তৰ সংখ্যাও বৃদ্ধি পাইছে ৰাজ্যত। তেনে সময়তে ৰাজ্যৰ জনসাধাৰণৰ মাজত সঘনে উচ্চাৰিত হৈছে লকডাউনৰ প্ৰসংগ।

আকৌ এবাৰ লকডাউন সন্মুখীন হ’ব লাগিব নেকি ৰাজ্যৰ জনসাধাৰণ! আজি সন্ধিয়া অনুষ্ঠিত হোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমখন কেবিনেট বৈঠকৰ পিছতে এই সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নতুন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।

কেবিনেট বৈঠকৰ পাছতে নতুন স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ৰাজ্যত লকডাউন বলৱৎ কৰা নহয় বুলি স্পষ্ট কৰি দিছে।

অৱশ্যে, কোভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চৰকাৰ প্ৰশাসনে পূৰ্বতকৈ কঠিন হ’ব বুলিও মন্তব্য কৰিছে স্বাস্থ্য মন্ত্ৰী মহন্তই।

কোভিড পৰিস্থিত উন্নত নোহোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত বলৱৎ থকা সান্ধ্য আইনৰ ম্যাদ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে বুলিও তেওঁ মন্তব্য কৰে।

ইপিনে, দিনৰ দুই বজাৰ সলনি ১ বজাত দোকান বন্ধ কৰাৰ চিন্তা চৰ্চা চলি আছে বুলিও তেওঁ প্ৰকাশ কৰিছে।

কাইলৈ পুৱা ১০:৩০ বজাত ৰাজ্যৰ মুখ্য সচিবে এই সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি অসমৰ জনসাধাৰণক পৰৱৰ্তী কোভিড নীতি-নিৰ্দেশনাৰ কথা জনাব।

Related News