NORTHEAST NOW (Assamese)

ৰাজ্যত আকৌ নতুনকৈ দিয়া হ’ব নেকি লকডাউন? কি ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

December 25, 2020 5:22 pm · এন ই নাও নিউজ

ব্ৰিটেইনকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তত নতুন ধৰণৰ ক’ৰ’ণা ভাইৰাছে মূৰ দাঙি উঠাৰ সময়তে ভাৰতৰ একাধিক ৰাজ্যত লকডাউন ঘোষণা কৰা হৈছে।

অসমৰ যোৰহাটতো বিদেশৰ পৰা অহা এজন লোকৰ দেহত ক’ৰ’ণা ভাইৰাছ ধৰা পৰিছে।

এনে পৰিস্থিতিত ক’ৰ’ণাৰ নতুন সংক্ৰমণ ৰোধ কৰাৰ বাবে অসম চৰকাৰেও আন কেইবাখনো ৰাজ্যৰ দৰে লক ডাউন ঘোষণা কৰিব নেকি?

এই প্ৰশ্ন এতিয়া ৰাজ্যৰ বহুতৰে মুখে মুখে।

ৰাজ্যবাসীৰ মনত সৃষ্টি হোৱা সন্দেহ দূৰ কৰি আজি স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমত নতুনকৈ লকডাউন ঘোষণা কৰাৰ কোনো পৰিকল্পনা চৰকাৰৰ নাই।

অসমত কোভিড পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰণাধীন বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

তেওঁ লগতে কয় যে ৰাজ্যত এতিয়া ১০০ জনতকৈ কম লোক নিতৌ ক২ৰ’ণাত আক্ৰান্ত হৈছে।

ক’ৰ’ণাকলৈ দুশ্চিন্তা নকৰিবলৈ আহ্বান জনাই হিমন্ত বিশ্বই কয় যে ১ জানুৱাৰীৰ পৰা ৰাজ্যৰ সকলো বিদ্যালয়-মহাবিদ্যালয় খুলি দিয়া হ’ব।

এই ক্ষেত্ৰত চৰকাৰে  জনতাই পালন কৰিবলগীয়া কোভিড প্ৰটোকল শীঘ্ৰে ঘোষণা কৰিব বুলিও তেওঁ কয়।

উল্লেখ্য  ‘কোভিড-১৯ ৰ লগত ৰজিতা খুৱাই ১৫ ডিচেম্বৰৰ পৰা সীমিত ৰূপত হোষ্টেলসমূহ খুলি দিয়া হৈছে। চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকল হোষ্টেললৈ আহিব পাৰিছে।

ইপিনে, প্ৰাথমিক শিক্ষক সন্মিলনীৰ সৈতে হোৱা আলোচনাৰ ভিত্তিত ১ জানুৱাৰীৰ পৰা নাৰ্চাৰীৰ পৰা ষষ্ঠ শ্ৰেণীলৈকে বিদ্যালয়সমূহ খোলা হ’ব বুলি তেওঁ  কিছুদিন পূৰ্বে সংবাদমেলত জানিবলৈ দিছিল।

Related News