• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘কা’ আইন বাতিল কৰিব নেকি বিজেপিয়ে? : ভূপেন বৰাৰ প্ৰশ্ন

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 6, 2024 7:38 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ পৰিয়ালৰ সম্পত্তিৰ হিচাপৰ অভিযোগক লৈ চলা চৰ্চা তল পেলাবৰ বাবে সময়ে সময়ে কেতবোৰ নতুন ইছ্যু উদ্ভাৱন কৰে। অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ স্বাৰ্থ সুৰক্ষিত কৰিবৰ বাবে কংগ্ৰেছ দলে সদায় কাৰ্য ব্যৱস্থা হাতত লৈ আহিছে আৰু ইয়াৰ পৰা তিলমানো বিচ্যুতি ঘটা নাই আৰু ঘটিবলৈ নিদিয়ে। হিমন্ত বিশ্ব শৰ্মাৰ দৰে নেতা দীৰ্ঘদিন ধৰি অসম চুক্তি ৰূপায়ণ মন্ত্ৰী হৈ থকাৰ পিছতো তেওঁ চুক্তিত থকা জাতীয় স্বাৰ্থসমূহ সুৰক্ষিত নকৰিলে। তাৰ বিপৰীতে অসম বিৰোধী ‘কা’ৰ দৰে আইন অসমবাসীৰ ওপৰত জাঁপি দিলে। এতিয়া ৬নং দফা কাৰ্যকৰী কৰাৰ কথা কৈছে। তাৰমানে অসমৰ ৰাইজে এইটো বুজিব নেকি যে ‘কা’ আইনখন বাতিল কৰিব বা নস্যাৎ কৰিব। আজি বিহালীত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই এক সংবাদমেলৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰীলৈ এই প্ৰশ্ন কৰে।

উপ-নিৰ্বাচনৰ কাৰ্যালয় মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংবাদিকৰে হোৱা মত-বিনিময়ত বৰাই কয় যে ৪ বছৰে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ ৬নং দফা সন্দৰ্ভত দাখিল কৰা প্ৰতিবেদন চৰকাৰে পেলাই থলে। কেন্দ্ৰীয় চৰকাৰে এই প্ৰতিবেদনখন গ্ৰহণেই নকৰিলে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় কেবিনেটত এই প্ৰতিবেদনখন গ্ৰহণ কৰি লোৱাৰ ব্যৱস্থা কৰক। কাৰণ এইখন এখন ত্ৰিপাক্ষিক চুক্তি। অসমৰ ৰাইজৰ মনত আছে বিপ্লৱ শৰ্মাৰ অসম চুক্তিৰ ৬নং দফা সন্দৰ্ভত প্ৰস্তুত কৰা প্ৰতিবেদন দাঢ়ি-কমা এৰি নোযোৱাকৈ ৰূপায়ণ কৰিব বুলি গৃহমন্ত্ৰী অমিত শ্বাহ আৰু হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল। ৬৭টা পৰামৰ্শৰ ভিতৰত ১০টা বাদ দিম বুলি ক’বলৈ নৈতিক অধিকাৰ শৰ্মাই ক’ত পালে? তেওঁলোকৰ যি মন যায় তাকেই কৈ থাকিব আৰু অসমৰ মানুহে মানি থাকিব, সেই কথা সম্ভৱ নহয়। আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে দায়িত্ব সহকাৰে ৬নং দফা ৰূপায়ণ হোৱাতো বিচাৰিছো আৰু ২০২৪ৰ ডিচেম্বৰ মাহৰ ভিতৰত অন্তত ৫টা ঘোষণা কাৰ্যকৰী কৰি দেখুৱাওক।

Apply Now

বৰাই কয়- হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ প্ৰতিষ্ঠানবিৰোধী ঢৌত জৰ্জৰিত হৈ পৰাৰ সময়ত হঠাৎ লখিমপুৰৰ কেবিনেটত এনেধৰণৰ আধৰুৱা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উজনি অসমত ৩০টা জনগোষ্ঠীয় সংগঠনে অসমৰ জাতীয় সমস্যাসমূহ সমাধান আৰু খিলঞ্জীয়াৰ ভৱিষ্যত সুৰক্ষাৰ বাবে একত্ৰিত হৈ অহা অক্টোবৰ মাহত অভিৱৰ্তন অনুষ্ঠিত কৰিব বুলি ঘোষণা কৰাৰ লগে লগে থৰহৰি কম্পমান হৈছে হিমন্ত বিশ্ব শৰ্মা। অকল সেয়াই নহয়, জাতীয় ইছ্যুসমূহক উপলুঙা কৰাৰ বাবে আলফাৰ দৰে সংগঠনে ভাবুকি প্ৰদৰ্শন কৰি ২৫টাকৈ বোমা সংস্থাপনৰে এক সকিয়নী দিয়াৰ পিছত আছুৰ দৰে সংগঠনেও বিজেপিৰ অসম বিৰোধী ষড়য়ন্ত্ৰক বুজি পোৱাত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰখনে জনসমৰ্থন হেৰুওৱাৰ কথাটো বুজি পাইছে। ইয়াৰ লগতে মন কৰিব মুখ্যমন্ত্ৰীৰ পত্নীয়ে কাজিৰঙাত ৰিজ’ৰ্ট আৰু মাটি দখল কৰা, মাজুলীৰ শেহতীয়া মাটি ক্ৰয়ৰ কথাবোৰ মানুহৰ মুখে মুখে চলাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই এতিয়া ইছ্যু ডাইভাৰ্ট কৰি ৰাজনীতি কৰিব বিচাৰিছে। শৰ্মাৰ এই দুইতলীয়া নীতি আৰু অসমৰ ৰাইজক আভুৱা ভৰাৰ অপচেষ্টাক আমি প্ৰত্যাহ্বান জনাই ক’ব বিচাৰো যে শৰ্মাৰ সাহস থাকিলে থলুৱাৰ চাকৰি ৮০ শতাংশ সংৰক্ষণ, মাটিৰ অধিকাৰ সুৰক্ষিত কৰি দেখুৱাওক। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মুখ্যমন্ত্ৰী হোৱাৰ দিন ধৰি খিলঞ্জীয়া বিৰোধী নীতি গ্ৰহণ কৰি আহিছে বুলি উল্লেখ কৰি বৰাই কয় যে দিনদিয়েক পূৰ্বে দৰমহা কৰ্তন কৰি ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়া কৰা কাৰ্যও এনে খিলঞ্জীয়া বিৰোধী নীতিৰেই অংশ।

বিজেপিৰ ইমানেই যদি খিলঞ্জীয়া প্ৰীতি আছে তেন্তে কেন্দ্ৰত ১০ বছৰ আৰু অসমত ৮ বছৰ বিজেপিৰ ডাবোল ইঞ্জিনৰ চৰকাৰ থকাৰ পিছতো কিয় ৬ জনগোষ্ঠীৰ জনজাতিকৰণ ইমানদিনে কৰিব নোৱাৰিলে বুলিও হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd