NORTHEAST NOW (Assamese)

ক্ৰমাগতভাৱে পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণতো আসন কমিব নেকি NDAৰ?

May 21, 2024 9:05 pm · পৰেশ মালাকাৰ

পঞ্চম পৰ্যায়ৰ ভোট গ্ৰহণৰ পিছত দেশৰ ৰাজনৈতিক পৰিস্থিতি কোন দিশে? পঞ্চম পৰ্যায়ত আঠখন ৰাজ্যৰ মাত্ৰ ৪৯ সমষ্টিত কালি ভোটগ্ৰহণ অনুষ্ঠিত হৈছে।পঞ্চম পৰ্যায়ৰ ভোট গ্ৰহণৰ সবিশেষ আলোচনা কৰাৰ আগতে চতুৰ্থ পৰ্যায়ৰ ভোট গ্ৰহণৰ পিছৰ পৰিস্থিতিটোৰ বিষয়েও আমি অলপ আলোচনা কৰা উচিত।বিভিন্ন ৰাজনৈতিক বিশ্লেষক আৰু পণ্ডিতে নিৰ্বাচনৰ ৰেহ-ৰূপ বেলেগ বেলেগ ধৰণে ব্যাখ্যা কৰিছে। কিন্তু উত্তৰ ভাৰতৰ ৰাজনৈতিক পৰিস্থিতি বুজি পোৱা, তাৰ তৃণমূলৰ ৰাজনীতিৰ লগত সম্পৰ্ক থকা বহু ৰাজনৈতিক বিশ্লেষক আৰু সাংবাদিকৰ আলোচনাৰ পৰা ইতিমধ্যে কিছু কথা ওলাই আহিছে, বিশেষকৈ যোগেন্দ্ৰ যাদৱৰ ৰাজনৈতিক পৰ্যালোচনাৰ পৰা।প্ৰথম, দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত বিজেপি আৰু এনডিএ ২০১৯ চনৰ তুলনাত ইণ্ডিয়া এলায়েঞ্চতকৈ অতি কমেও ৪০ খন আসনত পিছ পৰি থাকিব লাগে বুলি এওঁলোকে কৈছে। চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনত অন্ধ্ৰ প্ৰদেশ আৰু টেলেংগানা অন্তৰ্ভুক্ত হোৱা কাৰণে, বিশেষকৈ অন্ধ্ৰ প্ৰদেশৰ কাৰণে বিজেপিৰ বৰ বেছি ক্ষতি নহ’ব যেন লাগে। বিজেপি মানে এন ডি এৰ।

কিয়নো এইবাৰ ইয়াত টিডিপি শক্তিশালী।গতিকে চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচন ড্ৰ হ’ব বুলি আণ্ডাজ কৰা হৈছে।কিন্তু পঞ্চম পৰ্যায়ৰ নিৰ্বাচনত বিজেপিৰ মানে এন ডি এৰ বিশেষ ক্ষতি হ’ব বুলি সকলোৱে মত পোষণ কৰিছে।কিয়নো যোৱাবাৰ এই পৰ্যায়ত অনুষ্ঠিত হোৱা নিৰ্বাচনত এন ডি এই ৪৯ খন আসনৰ ভিতৰত ৪১খন আসনেই পাইছিল। তাৰ ভিতৰত বিজেপিয়ে অকলে ৩২খন আসন পাইছিল। এইবাৰ কোনোপধ্যেই তেওঁলোকে তাৰ পুনৰাবৃত্তি কৰিব নোৱাৰিব।তাৰ কাৰণ কেইবাটাও।এই পৰ্যায়টোত উত্তৰ প্ৰদেশত নিৰ্বাচন অনুষ্ঠিত হৈছে ১৪ টা সমষ্টিত।যোৱাবাৰ ৰাইবেৰেলীৰ বাহিৰে এই আসনবোৰৰ আটাইকেইখন আসনে বিজেপিয়ে পাইছিল।

এইবাৰ বিজেপিয়ে আশা কৰিছিল যে ৰাম মন্দিৰৰ নিৰ্মাণ তেওঁলোকৰ কাৰণে মূল নিৰ্বাচনী বিষয় হ’ব। ৰাম মন্দিৰৰ ঢৌয়ে সকলোকে উটুৱাই নিব।ৰাম মন্দিৰ নিৰ্মাণৰ পিছত তেনে এটা পৰিবেশ হোৱা নাছিল বুলিও ক’ব নোৱাৰি।কিন্তু সময় বাগৰাৰ লগে লগে ৰাম মন্দিৰৰ আবেগ নোহোৱা হৈ আহিল।এতিয়া আৰু ৰাম মন্দিৰ এটা নিৰ্বাচনী বিষয় হৈ থকা নাই।আনহাতে অখিলেশ আৰু ৰাহুল গান্ধীৰ মাজত হোৱা ঐক্য মানে ইণ্ডিয়া এলায়েঞ্চৰ দৃঢ়তা, মূল্যবৃদ্ধি,কৰ্মসংস্থানহীনতা আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ লগত মোদী-শ্বাহৰ ৰাজনৈতিক সমীকৰণৰ গড়মিলে পৰিস্থিতি বিজেপিৰ বাবে আগৰ দৰে অনুকূল কৰি ৰখা নাই। তেওঁলোকে এই ১৪ খন আসনৰ প্ৰায় ৬/৭ খন আসন হেৰুৱাব বুলি বহুতেই আশংকা কৰিছে।

ইয়াৰ পিছত আহিল মহাৰাষ্ট্ৰ।মহাৰাষ্ট্ৰত পঞ্চম পৰ্যায়ত শেষৰ ১৩ টা সমষ্টিৰ বাবে ভোট গ্ৰহণ অনুষ্ঠিত হৈছে।আমি সকলোৱে জানো যে এতিয়া মহাৰাষ্ট্ৰত শিৱসেনা আৰু এন চি পি উলম্বকৈ দুভাগত বিভক্ত।নিৰ্বাচনী আয়োগে সিন্ধে আৰু অজিত পাৱাৰক যথাক্ৰমে আচল শিৱসেনা আৰু এন চি পি বুলি স্বীকৃতি দিছে।কিন্তু মহাৰাষ্ট্ৰৰ জনসাধাৰণেহে এতিয়া স্বীকৃতি দিব কোন আচল কোন নকল।সেয়ে শাৰদ পাৱাৰ আৰু উদ্ধৱ থাকৰে গোটে এইবাৰ নিৰ্বাচনত মৰোঁ- জীওঁ-সোঁ-আধিকৈ লাগিছে।ই ইণ্ডিয়া এলায়েঞ্চৰ মাজতো এক নতুন উৎসাহ আনিছে। উদ্ধৱ থাকৰেৰ ভাষণবোৰে সাধাৰণ মানুহৰ মন চুই গৈছে। সেয়ে ৰাজনৈতিক পণ্ডিত সকলৰ মতামত যে কালি অনুষ্ঠিত হোৱা নিৰ্বাচনত, মহাৰাষ্ট্ৰত ইণ্ডিয়া এলায়েঞ্চে অতি কমেও ৬/৭ খন আসন পাব লাগে।বাকী পশ্চিম বংগ, বিহাৰ, উৰিষ্যা,ঝাৰখণ্ড আদিত যি নগন্য সংখ্যক আসনত কালি নিৰ্বাচন অনুষ্ঠিত হৈছে, তাত পৰিস্থিতি বৰ বেছি ইফাল সিফাল হ’ব বুলি ক’ব নোৱাৰি।

খুব বেছি ইণ্ডিয়া এলায়েঞ্চে এখন বা দুখন আসন হয়তো আগতকৈ বেছি পাব পাৰে।এতিয়ালৈকে হোৱা নিৰ্বাচনৰ ৰেহৰূপ চাই এই সিদ্ধান্তলৈ আহিব পৰা হৈছে যে বিজেপিয়ে অকলে চাৰিশ পাৰ হোৱা দূৰৈৰ কথা কোনো পধ্যেই ২৭৩ পোৱাৰ সম্ভাৱনা নাই। কিন্তু চৰকাৰ এন ডি এৰ হ’ব নে ইণ্ডিয়াৰ হ’ব সেইটো এতিয়ালৈকে কোনেও খাটাংকৈ ক’ব পৰা নাই।কেন্দ্ৰত কোনে পৰৱৰ্তী চৰকাৰ গঠন কৰিব এতিয়া সেইটো নিৰ্ভৰ কৰিব ঘাইকৈ অন্ধ্ৰ প্ৰদেশ আৰু টেলেংগানাৰ ওপৰত।কিন্তু এই সমীকৰণ ওলটপালট হৈ যাব পাৰে বাকী দুটা পৰ্যায়ৰ ভোট কাৰ ফালে বেছিকৈ পৰে তাৰ ওপৰত।কিন্তু ইতিমধ্যে কেইটামান কথা স্পষ্ট হৈ গৈছে।প্ৰথম কথা দহ বছৰ শাসন কৰা দল এটাই নিজৰ কাৰ্যকালৰ সফলতাৰ কথা কৈ ভোটাৰৰ ওচৰলৈ যাব পৰা নাই।হিন্দুত্ব আৰু ৰাম মন্দিৰৰ কথাইও দেশৰ সৰহ সংখ্যক ভোটাৰৰ মন জয় কৰিব পৰা নাই।প্ৰধানমন্ত্ৰী মোদীকে আদি কৰি বিজেপিৰ তাৰকা প্ৰচাৰক সকলৰ ভাষণত কেৱল বিৰোধীৰ কুৎসা ৰটনা কৰাহে দেখা গ’ল। নিৰ্বাচনী আয়োগ নিৰপেক্ষ হোৱা হ’লে বাৰে বাৰে তেওঁলোকে প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰত বাধা দিলেহেঁতেন বা তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱা প্ৰাৰ্থী নিৰ্বাচনত জয়ী হ’লেও তেওঁলোকৰ সাংসদ পদ ৰদ কৰিলেগেঁতেন।এতিয়াও তেনে সম্ভাৱনা নথকা নহয়।

ভাল কথা হ’ল- ইণ্ডিয়া এলায়েঞ্চ বোলা যুক্ত মৰ্চা এটা গঠন হোৱাটো।যদিও তেওঁলোকে যিমান শক্তিশালী ৰূপত আত্ম-প্ৰকাশ কৰিব লাগিছিল সিমান শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিব নোৱাৰিলে।আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে জনসাধাৰণ, বিকল্প প্ৰচাৰ মাধ্যম আৰু নাগৰিক সমাজে।দেখা যাওক আগন্তুক দুটা পৰ্যায়ৰ নিৰ্বাচনত কি হয়? কিন্তু এটা কথা ঠিক ইমান দীঘলীয়া নিৰ্বাচন এটাই সকলোকে আমনি লগাই দিছে।

Related News