টেষ্ট ক্ৰিকেটত বিৰাট কোহলী আৰু ষ্টিভ স্মিথৰ ৰাজত্ব অন্ত পৰিল। বৃহস্পতিবাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ(আই চি চি)এ প্ৰকাশ কৰা শেহতীয়া বেটছমেনৰ ৰেংকিং তালিকাত নিউজিলেণ্ডৰ অধিনায়ক কেন উইলিয়ামছনে শীৰ্ষ স্থান দখল কৰিছে।
শেহতীয়া তালিকাত ভাৰতৰ অধিনায়ক বিৰাট কোহলী দ্বিতীয় আৰু অষ্ট্ৰেলিয়াৰ ষ্টিভ স্মিথে তৃতীয় স্থানত আছে।
ইয়াৰ পূৰ্বে এই তালিকাত যুটীয়াভাৱে কোহলী আৰু উইলিয়ামছন বেটছমেনৰ ৰেংকিঙত শীৰ্ষস্থানত আছিল।
উল্লেখ্য যে, নিউজিলেণ্ডৰ অধিনায়ক উইলিয়ামছনে পাকিস্তানৰ বিৰুদ্ধে খেলা বছৰৰ অন্তিমখন টেষ্টত সুন্দৰ শতকীয় ইনিংছ খেলে। যাৰ বাবে তেওঁ ৰেংকিঙৰ শীৰ্ষ স্থানেৰে বছৰটোৰ অন্ত পেলায়।
উইলিয়ামছনে বিৰাট কোহলীতকৈ ১১ পইণ্ট অধিক সংগ্ৰহ কৰি শীৰ্ষ স্থানত অধিষ্ঠিত হয়।
আই চি চিয়ে জাৰি কৰা বেটছমেনৰ শেহতীয়া ৰেংকিং তালিকাখন তলত দিয়া হ’ল
১. নিউজিলেণ্ডৰ কেন উইলিয়ামছন (৮৯০ পইণ্ট)
২. ভাৰতৰ বিৰাট কোহলী (৮৭৯ পইণ্ট)
৩. অষ্ট্ৰেলিয়াৰ ষ্টিভ স্মিথ (৮৭৭ পইণ্ট)
৪. অষ্ট্ৰেলিয়াৰ মাৰ্নছ লেবুচানে (৮৫০ পইণ্ট)
৫. পাৰিস্তানৰ বাবৰ আজম (৭৮৯ পইণ্ট)
৬. ভাৰতৰ অজিংক ৰাহানে (৭৮৪ পইণ্ট)
৭. অষ্ট্ৰেলিয়াৰ ডেভিড ৱাৰ্ণাৰ (৭৭৭ পইণ্ট)
৮. ইংলেণ্ডৰ বেন ষ্টোকছ (৭৬০ পইণ্ট)
৯. ইংলেণ্ডৰ জ’ ৰুট (৭৩৮ পইণ্ট)
১০. ভাৰতৰ চেতেশ্বৰ পুজাৰা (৭২৮ পইণ্ট)