NORTHEAST NOW (Assamese)

বিকৃত যৌন সম্পৰ্ক স্থাপন কৰিবলৈ কৰিবলৈ বাধ্য কৰিলে উইং কামাণ্ডাৰে : বিস্ফোৰক অভিযোগ মহিলা পাইলটৰ

September 11, 2024 10:02 am · এন ই নাও নিউজ
Updated: September 11, 2024 10:14 am

এইবাৰ ভাৰতীয় বায়ুসেনাতো উত্থাপিত হৈছে ধৰ্ষণৰ অভিযোগ। এগৰাকী জ্যেষ্ঠ উইং কমাণ্ডাৰৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে এগৰাকী মহিলা পাইলটে।

দুয়োজন বিষয়া জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত কৰ্মৰত। ইতিমধ্যে এই ঘটনাত মহিলা বিষয়াগৰাকীয়ে বদগাম থানাত এফআইআৰ দাখিল কৰিছে। ইফালে ভাৰতীয় বায়ুসেনাইও আভ্যন্তৰীণ তদন্তৰ নিৰ্দেশ দিছে।

অভিযোগকাৰীৰ দাবী, বিগত দুবছৰ ধৰি উইং কমাণ্ডাৰগৰাকীয়ে তেওঁক মানসিক আৰু শাৰীৰিকভাৱে হাৰাশাস্তি কৰি আহিছে। ২০২৩ চনৰ ৩১ ডিচেম্বৰত ঘৰত কোনো লোক উপস্থিত নথকাৰ সময়ত উইং কামাণ্ডাৰ গৰাকীয়ে ধৰ্ষণ কৰা বুলি দাবী কৰে যুৱতীগৰাকীয়ে।

মহিলা পাইলটগৰাকীয়ে কয় উইং কামাণ্ডাৰে নতুন বছৰৰ উপহাৰ দিয়াৰ প্ৰতিশ্ৰুতিৰে জোৰ কৰি মোক তেখেতৰ ঘৰলৈ লৈ যায়। সেই সময়ত তেওঁৰ ঘৰত আন মানুহ নাছিল। সেই সুযোগতে তেওঁ মোক ধৰ্ষণ কৰে। ইয়াৰ পিছত তেওঁ মোৰ অফিচলৈ আহি কেইবাবাৰো বিকৃত যৌন সম্পৰ্ক স্থাপন কৰিবলৈ বাধ্য কৰে।

Related News