• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ধেমাজিৰ চিলাপথাৰত ডাইনী কাণ্ড, মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ প্ৰতিক্ৰিয়া

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 29, 2023 8:14 pm
4.2k
VIEWS
Share on FacebookShare on Twitter

ধেমাজি জিলাৰ চিচিবৰগাঁও ৰাজহ চক্ৰৰ  বৰলুং পঞ্চায়তৰ বিজয়পুৰ বালিজান গাঁৱত যোৱা ১৭ মেত   সংঘটিত হৈছে মানৱ সভ্যতাক লজ্জানত কৰা ডাইনী কাণ্ডৰ  ঘটনা।

মাটিবাৰী সম্পৰ্কীয় এক বিবাদক কেন্দ্ৰ কৰি মিচং উপাধিৰ এগৰাকী মহিলাক তেওঁৰে সম্পৰ্কীয়  কেইজনমান লোকে ডাইনী সজাই চলাইছিল নিৰ্মম অত্যাচাৰ । 

ঘটনাৰ পিছত দীৰ্ঘদিন মহিলাগৰাকী চিকিৎসাধীন হৈ আছিল । মহিলাগৰাকী চিকিৎসালয়ৰ পৰা ওলাই অহাৰ পিছত পোহৰলৈ আহে সমগ্ৰ ঘটনা । 

ৰাজ্যজুৰি তোলপাৰ লগায় এই আমানৱীয় বৰ্ব্বৰ কাণ্ডই । 

সেই সন্দৰ্ভত মহিলাগৰাকীৰ পৰিয়ালৰ লোকে চিচিবৰগাঁও আৰক্ষী চকীত দিয়া এজাহাৰৰ ভিত্তিত চিলাপথাৰ থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৩২৫, ৩৫৪, ৫০৬ আৰু ৩৪ ধাৰা আৰু Assam Witch Hunting (Prohibition, Prevention and Protection) Act-2015 ৰ ৭ ধাৰাত ১০৫/২৩ নম্বৰৰ এক গোচৰ পঞ্জীয়ন কৰে যদিও মূল অভিযুক্ত কেইজন পলাতক হৈ আছিল ।  

ধেমাজি আৰক্ষীৰ লগতে অৰ্ধসামৰিক বাহিনীৰ এটা প্ৰায় এশ জনীয়া দলে  অভিযান চলাই  আজি পুৱা প্ৰায় ৩.৩০ বজাত ঘটনাৰ মূল অভিযুক্ত বিজয়পুৰ বালিজান গাঁৱৰ বুধিন মিচং, নামনি বালিজান গাঁৱৰ ভৱ মিচং আৰু বিজয়পুৰ বালিজানৰ টংকেশ্বৰ মিছঙকে ধৰি চাৰিগৰাকী মহিলাসহ মুঠ সাতগৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। 

এই ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে বৰ্তমান সময়তো  ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ বাবে ডাইনীৰ অপযশ জাপি নিৰীহ লোকক নিৰ্যাতন চলায় অহা কাৰ্যক অমানৱীয় আখ্যা দিয়াৰ লগতে চৰকাৰ তথা প্ৰশাসনে সাধাৰণ জনতাক সুৰক্ষা দিব নোৱাৰাটো এক মানৱ অধিকাৰ উলংঘনৰ ঘটনা বুলি তেওঁ দোহাৰে।

ডঃ শইকীয়াই কয় যে প্ৰকৃত শিক্ষা আৰু সজাগতাৰে সমাজৰ পৰা এনে কুসংস্কাৰ নিৰ্মূল কৰিব লাগিব। উল্লেখযোগ্য যে ২০০৯ বৰ্ষৰ পৰা ডঃ দিব্যজ্যোতি শইকীয়াৰ বলিষ্ঠ সংগ্ৰামৰ ফলস্বৰে ডাইনী কাণ্ড  প্ৰতিৰোধ আইন “দ্যা আছাম ৱিট্চ হানটিং(পিপিপি) এক্ট ২০১৫”  সমগ্ৰ অসম জুৰি ২০১৮ বৰ্ষৰ পৰা  বলবৎ  কৰা হয়।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd