NORTHEAST NOW (Assamese)

ভাৰতত ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিছে ক’ৰ’নাৰ সংক্ৰমণ, যোৱা ২৪ ঘণ্টাত ৩৮,০৭৪ গৰাকী আক্ৰান্ত

November 10, 2020 1:07 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

ভাৰতত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ সংখ্যা লাহে লাহে হ্ৰাস পাবলৈ আৰম্ভ কৰিছে। যোৱা ২৪ ঘণ্টাত নতুনকৈ ৩৮,০৭৪ গৰাকী আক্ৰান্ত হোৱাৰ পিছতে এই অনুমান কৰা হৈছে।

দেশত আক্ৰান্তৰ সংখ্যা প্ৰায় ৮৬ লাখৰ ওচৰ চাপিছে। মুঠ আক্ৰান্তৰ সংখ্যা হৈছে ৮৫,৯১,৭৩১ গৰাকী।

উল্লেখণীয় দিশ এইটোৱে যে দেওবাৰৰ তুলনাত সোমবাৰৰ দিনটোত আক্ৰান্তৰ সংখ্যা ৭ হাজাৰলৈ হ্ৰাস পাইছে।

আনহাতে মৃত্যুৰ সংখ্যাও দিনক দিনে হ্ৰাস পোৱা বুলি স্বাস্থ্য মন্ত্ৰ্যালয়ে জনাইছে। সোমবাৰৰ দিনটোত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ৪৪৮ গৰাকী।

বৰ্তমানলকৈ সৰ্বমুঠ ১,২৭,০৫৯ গৰাকী লোকৰ ক’ৰ’নাৰ ফলত মৃত্যু ঘটিছে।

স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি মুঠ আক্ৰান্তৰ ৭৯,৫৯,৪০৬ গৰাকীয়ে ভাইৰাছবিধৰ পৰা আৰোগ্য লাভ কৰিছে।

যোৱা ২৪ ঘণ্টাত ৪২,০৩৩ গৰাকী ক’ৰ’নাৰ পৰা সুস্থ হৈ ঘৰলৈ উভতিছে।

দেশত এতিয়া সক্ৰিয় ৰোগীৰ সংখ্যা ৬ লাখৰ তললৈ হ্ৰাস পোৱা বুলি মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা জানিবলৈ দিয়া হয়।

সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৫,০৫,২৬৫ গৰাকী।

Related News