ৰহস্য! ১৫ কোটি টকাৰ বাবে হত্যা কৰা হৈছিল সতীশ কৌশিকক? অচিনাক্ত মহিলাৰ দাবীত চাঞ্চল্য

হৃদৰোগ নহয়, সতীশ কৌশিকক ঔষধ সেৱন কৰাই হত্যা কৰা হৈছিল! শনিবাৰে ৰাতিপুৱাৰ পৰা এনে ধৰণৰ বাতৰি পোৱা গৈছিল। দিল্লী প্ৰশাসনৰ ইন্টেলিজেন্স ব্যুৰোৱে তালাচী চলাই অভিনেতাজনৰ ফাৰ্ম হাউচৰ পৰা কিছু ‘ঔষধ’ বিচাৰি পাইছিল। ইয়াৰ পিছতে তেওঁলোকৰ সন্দেহ ঘণীভূত হৈ পৰে।

উক্ত সন্দেহ শনিবাৰে আৰু গভীৰ হৈ উঠে। বাতৰি অনুসৰি, এগৰাকী অচিনাক্ত মহিলাই তেওঁৰ স্বামীৰ বিৰুদ্ধে দিল্লী আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত অভিযোগ দাখিল কৰিছে। তেওঁ অভিযোগ কৰে যে সতীশে তেওঁৰ স্বামীৰ পৰা ১৫ কোটি টকা পাবলগীয়া আছিল। তেওঁৰ স্বামীয়ে টকা খিনি দিব বিচৰা নাছিল। ইপিনে, সতীশে তেওঁৰ পৰা টকাখিনি ঘূৰাই বিচাৰি আছিল। ইয়াৰ পিছতে হেনো সেই বিশেষ ঔষধ খুৱাই সতীশক হত্যা কৰা হৈছে।

লগতে পঢ়ক: গুৱাহাটী উচ্চ ন্যায়ালয়: মহিলা ন্যায়াধীশৰ অলংকাৰকলৈ কৰা মন্তব্যৰ বাবে অৱমাননাৰ গোচৰত দোষী সাব্যস্ত অধিবক্তা

মহিলাগৰাকীয়ে লগতে দাবী কৰিছে যে তেওঁ ২০১৯ চনত এজন ব্যৱসায়ীক বিয়া কৰাইছিল। তেওঁৱেই এই হত্যাকাণ্ডৰ আঁৰৰ নায়ক। তেওঁ সতীশ কৌশিকৰ সৈতে পৰিচিত আছিল। প্ৰয়াত অভিনেতাজনে ব্যৱসায়ীজনক ভাৰত আৰু ডুবাইত নিয়মীয়াকৈ লগ পাইছিল।

তেওঁৰ মতে, কৌশিক ২০২২ৰ ২৩ আগষ্টত ডুবাইত তেওঁলোকৰ ঘৰলৈ আহিছিল। তেওঁ ব্যৱসায়ীজনৰ পৰা ১৫ কোটি টকা ঘূৰাই বিচাৰিছিল। অভিযোগকাৰী মহিলাগৰাকীয়ে লগতে কয় যে সেই সময়ত কৌশিক আৰু তেওঁৰ স্বামীৰ মাজত হোৱা বিবাদত তেওঁ উপস্থিত আছিল।

প্ৰবীণ অভিনেতাজনে এক তীব্ৰ বিত্তীয় সংকটৰ মাজেৰে দিন পাৰ কৰিছিল। তেওঁক ধনৰ অতি প্ৰয়োজন। তিনি বছৰ আগতে তেওঁ ব্যৱসায়ীজনক ব্যৱসায়ৰ বাবে ১৫ কোটি টকা দিছিল। কৌশিকে সেইটোৱেই ঘূৰাই বিচাৰিছিল।

বাক-বিতণ্ডাৰ সময়ত সতীশে এইটোও কৈছিল যে তেওঁৰ ধন তিনি বছৰত বিনিয়োগ কৰা হোৱা নাছিল। তেওঁ কোনো লাভাংশও পোৱা নাছিল। অৰ্থাৎ তেওঁ প্ৰতাৰিত হৈছে।

লগতে পঢ়ক: চৌদি আৰৱ-ইৰাণৰ সম্পৰ্ক পুনৰুদ্ধাৰৰ বাবে চীনৰ মধ্যস্থতা; অস্বস্তিত আমেৰিকা

তেওঁ আৰক্ষীক ডুবাইৰ এটা পাৰ্টিত অভিযুক্ত ব্যৱসায়ী আৰু কৌশিকৰ এখন ছবিও দেখুৱাইছে। মহিলাগৰাকীয়ে অভিযোগ কৰিছে যে আণ্ডাৰৱৰ্ল্ড ডন দাউদ ইব্ৰাহিমৰ পুত্ৰও পাৰ্টিত উপস্থিত আছিল।

অভিযোগ অনুসৰি, তেওঁৰ স্বামী বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত। তেওঁ কৌশিকক প্ৰতিশ্ৰুতি দিছিল যে তেওঁ সোনকালেই টকা পৰিশোধ কৰিব। পিছত, কথাৰ মাজতে তেওঁ পত্নীক কৈছিল যে অতিমাৰীৰ সময়ত তেওঁ কৌশিকৰ ধন অপচয় কৰিছিল। তেওঁ ঋণৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবেই হেনো সতীশক ষড়যন্ত্ৰ কৰে।