চাৰিখন ভৰিৰে জন্ম হ’ল নৱজাতকৰ; লাখ লাখ শিশুৰ ভিতৰত মাত্ৰ এজনহে আক্ৰান্ত হয় এই বিৰল ৰোগত

Woman delivers baby girl with ‘Four’ legs দুখন নহয়, চাৰিখন ভৰিৰ সৈতে জন্ম হ’ল এক নৱজাতকৰ। মধ্য প্ৰদেশৰ গোৱালিয়ৰৰ কমলাৰাজ চিকিৎসালয়ত এটা চাৰি ভৰিৰ কেঁচুৱাৰ জন্ম হৈছে। বাতৰিটো ক্ষিপ্ৰতাৰে বিয়পি পৰিছে। সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছে। তাৰ পিছতে শিশুটোক চাবলৈ চিকিৎসালয়ৰ চৌহদত বহুলোক ভিৰ কৰিছে।

চিকিৎসকসকলে জানিবলৈ দিছে যে শিশুটোক কঠোৰ নিৰাপত্তাৰ অধীনত চিকিৎসালয়খনত ৰখা হৈছে।

চিকিৎসালয়ৰ মতে, নৱজাতকক নিউ ব’ৰ্ণ কেয়াৰ ইউনিটত ৰখা হৈছে। চাৰিখন ভৰিৰে জন্ম হোৱাটো অস্বাভাৱিক। চিকিৎসীয় পৰিভাষাত, ইয়াক ইশিওপাগাছ বুলি কোৱা হয়। লাখ লাখ শিশুৰ ভিতৰত মাত্ৰ এজনহে কেতিয়াবা এনে ৰোগৰ দ্বাৰা আক্ৰান্ত হয়।

লগতে পঢ়ক: মহাবিদ্যালয়ৰ হোষ্টেলতে আত্মহত্যা অভিযান্ত্ৰিকৰ ছাত্ৰৰ; আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত

জয়ৰোগ চিকিৎসালয়ৰ গ্ৰুপ ছুপাৰিন্টেন্ট আৰ কে ধাকড়ে জনায় যে নৱজাতকৰ শাৰীৰিক বিকৃতি আছে। কিছুমান ভ্ৰূণ অত্যাধিক হৈ গৈছে। চিকিৎসীয় ভাষাত, ইয়াক ইশিওপাগাছ বুলি কোৱা হয়।

এনে ৰোগত গৰ্ভজাত কেঁচুৱাৰ তলৰ অংশ অধিক বিকশিত হয়। এনে সমস্যাৰ সৈতে এক নিযুত শিশুৰ ভিতৰত মাত্ৰ এজনহে জন্ম হয়। ই এক বিৰল ৰোগ। এই ধৰণৰ ৰোগ অস্ত্ৰোপচাৰৰ জৰিয়তে সকাহ পাব পাৰি। শিশুক স্বাভাৱিক কৰিব পাৰি। অস্ত্ৰোপচাৰৰ দ্বাৰা কন্যা শিশুটিৰ অতিৰিক্ত দুখন ভৰি আঁতৰাব লাগিব।

লগতে পঢ়ক: ড্ৰাগছ সম্পৰ্কীয় বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰত এইবাৰ অভিনেত্ৰী ৰাকুল প্ৰীত সিঙক ইডিৰ চমন!

চিকিৎসালয়ৰ মতে, কেঁচুৱাজনী বৰ্তমান সম্পূৰ্ণ স্বাস্থ্যৱান আৰু স্বাভাৱিক। গোৱালিয়ৰৰ ছিকন্দৰ কাম্পু অঞ্চলৰ বাসিন্দা আৰতি কুশৱাহাই চাৰিখন ভৰিৰ এটা সন্তানটো জন্ম দিছে। মাতৃগৰাকীৰ ভনীয়েকে কৈছে যে তেওঁ আগেয়েও দুগৰাকী কন্যা সন্তান জন্ম দিছিল। কিন্তু তেওঁলোক স্বাস্থ্যৱান আছিল। তৃতীয় সন্তানটোৱে চাৰিটা ভৰিৰে জন্ম পায়। তেওঁলোকৰ পৰিয়ালৰ আৰ্থিক অৱস্থা বৰ ভাল নহয়। অস্ত্ৰোপচাৰ কৰাৰ দৰে সামৰ্থ্য নাই। সেয়ে পৰিয়ালটোৱে ৰাজ্য চৰকাৰৰ পৰা আৰ্থিক সহায় বিচাৰিছে।