NORTHEAST NOW (Assamese)

আগৰতলাত অ’টোত আহি থকা বিবাহিত মহিলাক দলবদ্ধ ধৰ্ষণ কৰিলে সহযাত্ৰীয়ে

August 13, 2019 7:46 pm · এন ই নাও নিউজ
ফটো নৰ্থ-ইষ্ট নাও

ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত সোমবাৰে অৰ্থাৎ ১২ আগষ্টৰ নিশা এগৰাকী ৩১ বছৰীয়া বিবাহিত মহিলা দলবদ্ধ ধৰ্ষণৰ বলি হ’বলগীয়া হ’ল।

জানিব পৰা মতে ধৰ্ষণকাৰী কেইগৰাকীয়ে মহিলাগৰাকীক ধৰ্ষণৰ পিছত হত্যাৰ চেষ্টা চলাই চোকা অস্ত্ৰৰে আক্ৰমণ কৰাত তেওঁ গুৰুতৰভাৱে আহত হয়।

ঘটনা সম্পৰ্কত শ্ৰীনগৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে। বৰ্তমান মহিলা গৰাকী সংকটজনক অৱস্থাত আগৰতলা চৰকাৰী চিকিৎসা মহাবিদ্যালয় হস্পিতালত ভৰ্তি হৈ আছে বুলি থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে জনায়।

আৰক্ষী বিষয়া গৰাকীয়ে জনোৱা মতে সোমবাৰে নিশা মহিলা গৰাকীয়ে চেকেৰ্কোটত থকা তেওঁৰ ঘৰলৈ আহিবলৈ বাটালাত এখন অটো-ৰিক্সা লয়। অটোখনত পূৰ্বৰে পৰা দুজন যুৱক বহি আছিল।

মহিলা গৰাকীক উঠাই অটোখন গৈ থকা সময়তে উক্ত দুই যুৱকে তেওঁৰ ওপৰত আক্ৰমণ চলায় আৰু আনন্দ নগৰত ৰাস্তাৰ দাতিৰ এখন হাবিলৈ টানি নিয়ে, য’ত যুৱক দুজনে তেওঁক ধৰ্ষণ কৰে আৰু হত্যাৰ চেষ্টা চলায়, বিষয়া গৰাকীয়ে কয়।

দুৰ্বৃত্ত দুজনে মহিলা গৰাকীৰ মৃত্যু হ’ল বুলি ভাবি তাৰ পৰা পলাই যায়। কিন্তু তেওঁ কোনো মতে সহায় বিচাৰি এজন স্থানীয় লোকৰ ঘৰত উপস্থিত হয়। পিছত অঞ্চলটোৰ লোকসকলে তেওঁক কালি ৰাতিয়ে চিকিৎসালয়লৈ লৈ আনে।

এইপৰ্যন্ত ঘটনা সম্পৰ্কত কাকো আটক কৰা হোৱা নাই যদিও আৰক্ষীয়ে সমগ্ৰ বিষয়টোৰ অনুসন্ধান চলাই আছে বুলি জানিবলৈ দিয়ে।

Related News