• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মৰেল পুলিচৰ উদ্ভণ্ডালি; মাজ ৰাস্তাত হিজাব খুলিবলৈ বাধ্য কৰালে যুৱতীক!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 17, 2021 1:05 pm
Moral Police in Madhya Pradesh
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে মৰেল পুলিচৰ অতপালি। বিশেষকৈ ধৰ্মৰ নামত বলিয়ান হৈ এচাম উতনুৱা ব্যক্তিয়ে মৰেল পুলিচৰ ভুমিকাত অৱতীৰ্ণ হৈছে।

দেশৰ বৰ্তমান ৰাজনৈতিক পৰিস্থিতিয়েও বহু সময়ত ইন্ধন যোগাইছে এনে ধৰ্মীয় মৰেল পুলিচৰ ঘটনাত। বিশেষকৈ দেশৰ শাসনাধিষ্ঠ বিজেপি চৰকাৰ আৰু বিজেপিৰ আদৰ্শৰ অভিভাৱক আৰএছএছ- এ ভাৰতক এখন হিন্দু ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টাই উচতনি দিছে এচাম ধৰ্মান্ধ লোকক।

বিজেপি শাসিত মধ্য প্ৰদেশত এইবাৰ কেইজনমান যুৱকৰ মৰেল পুলিচৰ চিকাৰ হৈছে এগৰাকী হিজাব পৰিহিত যুৱতী।

মধ্য প্ৰদেশৰ ভূপালত শনিবাৰে এগৰাকী স্কুটি আৰোহী যুৱতীক তেওঁ পৰিধান কৰি অহা হিজাব খুলিবলৈ বাধ্য কৰে মৰেল পুলিচৰ ভুমিকাত অৱতীৰ্ণ হোৱা এচাম উদণ্ড যুৱকে।

ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা ভিডিঅ’টোত স্পষ্টকৈ দেখিবলৈ পোৱা গৈছে যে,এজন যুৱকৰ সৈতে স্কুটিত আহি থকা যুৱতীগৰাকীক মাজ ৰাস্তাতে ৰখাই লৈ কেইজনমান স্বয়ম্ভু মৰেল পুলিচ তেওঁ পিন্ধি থকা হিজাব আঁতৰাবলৈ ধমকি দিছে।

Apply Now

ভিডিঅ’টোত এজন যুৱকে যুৱতীগৰাকীক উদ্দেশ্যি কোৱা শুনা গৈছে যে যুৱতীগৰাকীয়ে বোৰ্খা পৰিধান কৰি সম্প্ৰদায়টোক বদনাম কৰাৰ চেষ্টা কৰিছে।

 

A girl was forced to remove her burkha as the people suspected that the man on whose scooter she was riding pillion was a Hindu, in Islam Nagar, Bhopal on Saturday afternoon @ndtv @ndtvindia pic.twitter.com/66QPE5OJax

— Anurag Dwary (@Anurag_Dwary) October 16, 2021

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কয় যে তাত সমবেত হোৱা লোকসকলে সন্দেহ কৰিছিল যে মহিলাগৰাকী এজন হিন্দু পুৰুষৰ সৈতে আছিল, সেয়েহে তেওঁলোকে স্কুটাৰখন ৰ’বলৈ বাধ্য কৰিছিল।

বৰ্তমানলৈকে কোনো গোচৰ ৰুজু কৰা হোৱা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। স্কুটাৰখন ৰখাই থকা দুজন লোকক আটক কৰা হৈছিল আৰু এনে কাৰ্যৰ পুনৰাবৃত্তি নকৰিবলৈ সতৰ্ক বাণী দিয়াৰ পিছত এৰি দিয়া হৈছিল।

আৰক্ষী বিষয়া আৰ এছ বাৰ্মাই কয়, “এজন যুৱক আৰু এগৰাকী যুৱতী দুপৰীয়া ইছলাম নগৰলৈ আহিছিল। কিছুমান মানুহে তেওঁলোকক বাধা দিছিল আৰু যুৱতী গৰাকীক হিজাব খুলিবলৈ আৰু তাইৰ মুখ খন দেখুৱাবলৈ কৈছিল। এইটো সন্দেহ কৰা হৈছে যে সমবেত মানুহবোৰে যুৱকজনক হিন্দু আৰু ছোৱালীজনীক মুছলমান বুলি বিশ্বাস কৰিছিল।”

“কোনো গোচৰ ৰুজু কৰা হোৱা নাই কিন্তু ভিডিঅ’টোত দেখা পোৱা লোক দুজনৰ বিৰুদ্ধে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তেওঁলোকক এনে কাৰ্যৰ পুনৰাবৃত্তি নকৰিবলৈ সতৰ্কবাণী দি এৰি দিয়া হৈছে।” শ্ৰীবাৰ্মাই লগতে কয়।

উল্লেখ্য যে যোৱা মাহতো বাংগালুৰুত মৰেল পুলিচৰ এটা দলে এটা ভিডিঅ’ত বেংকত কৰ্মৰত এগৰাকী মুছলমান মহিলা যুৱতীয়ে তেওঁৰ সহকৰ্মী এজন যুৱকৰ সৈতে বাইকত আহি থকাৰ বাবে আক্ৰমণ কৰা দেখা গৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd