উচ্চতম ন্যায়ালয়ে সমকামিতাক বৈধতা প্ৰদান কৰিলে যদিও ভাৰতীয় সমাজ এইক্ষেত্ৰত এতিয়াও যথেষ্ট ৰক্ষণশীল।
সমকামী বিবাহক নায্যতা নিদিয়া ভাৰতৰ এখন ভিতৰুৱা গাঁৱৰ এগৰাকী যুৱতীয়ে তেওঁৰ সমকামী সতিৰ্থক জীৱনসংগিনী কৰাৰ উদ্দেশ্যে নিজৰ লিংগ পৰিৱৰ্তন কৰে।
উল্লেখযোগ্য যে ওড়িশ্যাৰ মলকানগিৰি জিলাৰ এখন ভিতৰুৱা গাঁৱৰ দুগৰাকী যুৱতীৰ মাজত যোৱা তিনি বছৰ ধৰি প্ৰেমৰ সম্পৰ্ক আছিল আৰু পিছত দুয়ো বিয়া পতাৰ কথা ভাৱে।
কিন্তু তেওঁলোকৰ গাঁৱৰ সমাজখনে ইয়াক গ্ৰহণ নকৰিব বুলি জানি যুৱতী দুগৰাকীৰ মাজৰ এগৰাকীয়ে নিজৰ লিংগ সলনি কৰাৰ সিদ্ধান্ত লয়।
দিল্লীৰ এখন ব্যক্তিগত ফাৰ্মত কাম যুৱতী দুগৰাকীৰ ভিতৰৰ এগৰাকীয়ে যোৱা বছৰৰ ৩ জুলাইত দিল্লীৰ এখন হস্পিটালত লিংগ পৰিৱৰ্তন কৰাৰ বাবে অস্ত্ৰোপচাৰ কৰোৱায়।
লক্ষণীয়ভাৱে লিংগ পৰিৱৰ্তনৰ বাবে লোৱা সিদ্ধান্তত যুৱতী দুগৰাকীয়ে তেওঁলোকৰ পৰিয়ালৰ পৰা কোনোধৰণৰ বাধাৰ সন্মুখীন হোৱা নাছিল। যোৱা ৪ ফেব্ৰুৱাৰীত দুয়োটা পৰিয়ালৰ উপস্থিতিত দুয়ো বিবাহবাশত আৱদ্ধ হয়।