মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাইৰ ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ লোৱা মুখ্যমন্ত্ৰীক মহিলাৰ বিশেষ উপহাৰ!

Laddies gifts to CM

ৰাজ্যৰ মহিলাসকলে কিয় ভাল পাবলৈ লৈছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক? আপুনি হয়তো ভাবিছে কিয় হঠাৎ মহিলাসকলৰ প্ৰিয় হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী?

কাৰণ এটাই। মুখ্যমন্ত্ৰীয়ে মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। নিজৰ প্ৰতিশ্ৰুতি সম্পূৰ্ণকৈ নাৰাখিলেও চৰ্তসাপেক্ষে মহিলাসকলক ঋণ ৰেহাই দিয়া সিদ্ধান্ত গ্ৰহণ কৰা হ’ল।

তাতে উৎফুল্লিত হৈ নাহৰকটীয়াৰ একাংশ মহিলাই আজি মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি হাতে বোৱা গামোচা উপহাৰ হিচাপে আগবঢ়ায়।

এখন-দুখন নহয়, ২০০০ খন হাতে বোৱা গামোচা মুখ্যমন্ত্ৰীৰ হাতত উপহাৰ হিচাপে আগবঢ়ালে নাহৰকটীয়া সমষ্টিৰ ২০০০ গৰাকী মহিলাই।

অৱশ্যে, কোভিড পৰিস্থিতিৰ বাবেই কেইগৰাকীমান মহিলাইহে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি ২০০০ গামোচাৰ টোপোলাৰ লগতে এখন অভিনন্দন পত্ৰও প্ৰদান কৰে।

প্ৰকৃত ঋণগ্ৰস্তক অগ্ৰাধিকাৰ দি মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাইৰ অৰ্থে তেওঁ গ্ৰহণ কৰা বলিষ্ঠ পদক্ষেপৰ বাবেই এই উপহাৰ দিয়া বুলি জানিব পৰা গৈছে।

মহিলাসকলৰ হাতৰ পৰা উপহাৰ লাভ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাইৰ বিষয়টো ৰাজ্য চৰকাৰে প্ৰথমৰে পৰা গুৰুত্বসহকাৰে লৈ আহিছে।

এইক্ষেত্ৰত চৰকাৰখনে গ্ৰহণ কৰা সিদ্ধান্তই ঋণগ্ৰস্ত দৰিদ্ৰ মহিলাসকলক যথেষ্ট সকাহ প্ৰদান কৰিবলৈ সক্ষম হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে।

মহিলাসকলৰ এই সাক্ষাতৰ সময়ত নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈও উপস্থিত আছিল।