কলকাতাৰ আৰ জি কৰ হাস্পতালৰ ঘটনাক লৈ সমগ্ৰ দেশতে বিক্ষোভ-প্ৰতিবাদ চলি আছে। সেই খবৰ দেশবাসীৰ আগত তুলি ধৰাৰ ভিতৰত বহুতেই আছে মহিলা সাংবাদিক। কিন্তু কৰ্মক্ষেত্ৰত তেওঁলোকে কি পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয়! মহিলা সাংবাদিকৰ এটা বিশিষ্ট সংগঠনে কৰ্মৰত মহিলা সাংবাদিকৰ হাৰাশাস্তি, নিৰ্যাতন, অপমান আৰু বিষাক্ত পৰিৱেশৰ অভিজ্ঞতাৰ প্ৰতিবাদত গাইডলাইন প্ৰস্তুত কৰিছে।
ভাৰতৰ মহিলা সাংবাদিকৰ এটা বিশিষ্ট সংস্থা নেটৱৰ্ক অৱ উইমেন ইন মিডিয়া (এন ডব্লিউ এম আই)। ১৫ আগষ্ট অৰ্থাৎ স্বাধীনতা দিৱসৰ দিনা তেওঁলোকৰ দ্বাৰা গাইডলাইন বা আচৰণ বিধি প্ৰস্তুত কৰি প্ৰকাশ কৰা হয়। লক্ষ্য হৈছে এক নিৰাপদ আৰু নিৰপেক্ষ নিউজ ৰুমৰ পৰিৱেশ সৃষ্টি কৰা। এই প্ৰতিবেদনত দেশৰ সংবাদ মাধ্যমৰ জগতত ক্ৰমবৰ্ধমান অনৈতিক কৰ্মকাণ্ড আৰু বিষাক্ত পৰিৱেশৰ ওপৰত আলোকপাত কৰা হৈছে।
ভাৰতৰ সংবাদ মাধ্যমৰ জগতখনৰ এটা পৰিচিত গোপন সত্যটো হ’ল যে বেছিভাগ নিউজ ৰুম বিষাক্ত, যিটো মহিলা পেছাদাৰী সাংবাদিকৰ ২২ বছৰীয়া সংগঠন এন ডব্লিউ এম আইয়ে স্পষ্ট কৰি দিছে। সংবাদ মাধ্যমৰ মালিক, সম্পাদকমণ্ডলী, সম্পাদকৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠ সাংবাদিকৰ হাতত জুনিয়ৰ, ইন্টাৰ্ণ আৰু ফ্ৰীলান্সাৰ সাংবাদিকসকল অগ্ৰহণযোগ্য আৰু অপমানজনক আচৰণৰ বলি হয়। এই অসৎ আচৰণ ওপৰৰ পৰা তলৰ মহললৈকে ঢাপে ঢাপে নামি আহে।
এই গাইডলাইনত বহুতো দিশ সামৰি লোৱা হৈছে। যেনে কৰ্মৰ সময়, দৰমহা, ছুটীৰ নীতি, কৰ্মক্ষেত্ৰত হাৰাশাস্তি আৰু স্বেচ্ছাচাৰিতা। প্ৰতিবেদনত চৰকাৰী অনুমোদিত কৰ্মৰ সময়, স্বচ্ছ দৰমহাৰ গাঁথনি আৰু কৰ্মভিত্তিক মূল্যায়নৰ আহ্বান জনোৱা হৈছে। সংবাদ মাধ্যমৰ কৰ্মী হিচাপে আমি কৰ্মক্ষেত্ৰত সন্মান আৰু মৰ্যাদাৰ ব্যৱহাৰ হোৱাৰ আশা কৰিছো বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। কোৱা হৈছে সহকৰ্মী আৰু উৰ্ধতন কৰ্তৃপক্ষৰ পৰা আমি এইটোৱেই আশা কৰোঁ।
কিছুমান চৰ্তৰ ভিতৰত আছে সপ্তাহত এদিন ছুটীৰ লগতে চাৰি সপ্তাহত ১৪৪ ঘণ্টা কাম কৰা। শিক্ষাগত অৰ্হতা আৰু অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি দৰমহাৰ গাঁথনি নিৰ্ধাৰণ কৰা। বছৰত ৩০ দিনৰ দৰমহাসহ ছুটী। ইয়াৰ ভিতৰত ঋতুকালীন আৰু মানসিক বিশ্ৰামৰ ছুটীও থাকিব পাৰে। লগতে নিৰপেক্ষ-স্বাধীন অৰ্থাৎ মহিলাৰ বাবে সুকীয়া মানৱ সম্পদ বিভাগ স্থাপন কৰা।
লগতে পঢ়কঃ প্ৰতি ১ঘণ্টাত ভাৰতত ধৰ্ষণ কৰা হয় চাৰিগৰাকী নাৰীক! ৯৫% ঘটনাতেই ধৰ্ষণকাৰী হয় মহিলাৰ চিনাকি লোক…
মহিলাসকলৰ বাবে মানসিক প্ৰশিক্ষণ শিবিৰ স্থাপন কৰা যাতে তেওঁলোকৰ লগত নিৰ্যাতন বা হাৰাশাস্তি নহয়। যৌন নিৰ্যাতনৰ বিচাৰৰ বাবে এটা সুকীয়া অভিযোগ কোষ স্থাপন কৰা। কৰ্মক্ষেত্ৰত বিপদৰ বাবে সুৰক্ষা প্ৰশিক্ষণ আৰু আইনী সহায় আগবঢ়োৱা। কথাই কথাই হাৰাশাস্তি নকৰা আৰু আইনগতভাৱে ইউনিয়ন আৰু কৰ্মচাৰী সংগঠনক কামৰ স্বাধীনতা প্ৰদান কৰা ইত্যাদি।