NORTHEAST NOW (Assamese)

অভিনেতা চনু চুডৰ সহায়ত ঘৰলৈ উভতিল গৰ্ভৱতী মহিলা; কৃতজ্ঞতা ব্যক্ত কৰি জন্মলাভ কৰা সন্তানৰ নাম ৰাখিলে চনু চুড

May 28, 2020 4:50 pm · এন ই নাও নিউজ
Updated: May 28, 2020 4:51 pm
অভিনেতা চনু চুদ

দেশত ক’ৰ’নাৰ সংক্ৰমণ ৰোধৰ বাবে ল’কডাউন চলি আছে আৰু এই কঠিন সময়ত বলিউদৰ অভিনেতা চনু চুডে প্ৰব্ৰজিত শ্ৰমিক সকলক নিজৰ ঘৰলৈ উভতি যোৱাৰ ক্ষেত্ৰত যথেষ্ট সহায়ৰ হাত আগবঢ়াইছে।

বিগত দুটা সপ্তাহ ধৰি অভিনেতা গৰাকীয়ে মুম্বাইৰ পৰা প্ৰব্ৰজিত শ্ৰমিক সকলক বাছৰে ঘৰলৈ উভতি যোৱাৰ ক্ষেত্ৰত সহায় কৰি আছে।

অভিনেতা গৰাকীয়ে যিসকল প্ৰবাসী শ্ৰমিকক ঘৰলৈ যোৱাৰ বাবে সহায় কৰি আছে তাৰে ভিতৰত এগৰাকী মহিলা শ্ৰমিকে এটা ল’ৰা সন্তান প্ৰসৱ কৰে।

প্ৰব্ৰজিত শ্ৰমিক মহিলা গৰাকীয়ে কৃতজ্ঞতাৰ চিন স্বৰূপে জন্ম দিয়া সন্তানটোৰ নাম চনু ৰখাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে আৰু এই কথা অভিনেতা গৰাকীৰ কাণত পৰাত তেওঁৰ অন্তৰ চুই যায়।

চনু চুডে বাছেৰে ১২ মে’ত মুম্বাইৰ পৰা দাৰভংগালৈ এটা প্ৰব্ৰজিত শ্ৰমিকৰ দলক পঠিওৱাৰ ব্যৱস্থা কৰিছিল আৰু সেইখন বাছত যাত্ৰা কৰা এগৰাকী মহিলা গৰ্ভৱতী আছিল।

নিজ ঘৰত উপস্থিত হোৱাৰ পাছতে মহিলা গৰাকীয়ে এটা লৰা সন্তান জন্ম দিয়ে।

মহিলা গৰাকীৰ পৰিয়ালৰ তৰফৰ পৰা চনু চুডক এই বিষয়ে জনোৱাৰ পাছত তেওঁ উৎফুল্লিত হৈ পৰে।

উল্লেখযোগ্য যে, শেহতীয়াভাৱে প্ৰব্ৰজিত শ্ৰমিক সকলক সহায়ৰ বাবে অভিনেতা গৰাকীয়ে দুটা টল ফ্ৰী হেল্পলাইন নম্বৰো মুকলি কৰিছে।

Related News