NORTHEAST NOW (Assamese)

পুৰুষতকৈ অধিক ধূম্ৰপান কৰে মহিলাই: ক’লে বিশ্ব স্বাস্থ্য সংস্থাই

December 23, 2019 5:07 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো

প্ৰথমবাৰৰ বাবে এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে ধূম্ৰপানৰ ক্ষেত্ৰত এতিয়া পুৰুষতকৈ মহিলা আগত আছে।

বিশ্ব স্বাস্থ্য সংস্থা (World Health Organization)ই তেওঁলোকৰ শেহতীয়া প্ৰতিবেদনত প্ৰকাশ কৰিছে যে সমগ্ৰ বিশ্বতে পুৰুষতকৈ মহিলাসকলে অধিক ধূম্ৰপান কৰিবলৈ লৈছে।

বিশ্ব স্বাস্থ্য সংস্থাই নিজেই স্বীকাৰ কৰিছে যে ইতিহাসত প্ৰথমবাৰৰ বাবে এনে দেখা গৈছে য’ত ধূম্ৰপানৰ দৰে প্ৰাণঘাতী কাৰ্যত পুৰুষৰ সংখ্যা হ্ৰাস পাইছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান টেড্ৰোছ অংঘানোম গেব্ৰিয়াছিছে কয়,’’বিগত দশকৰ পৰা দেখা গৈছিল যে ধূম্ৰপানৰ ক্ষেত্ৰত পুৰুষৰ সংখ্যা বৃদ্ধি পাই আহিছে। কিন্তু এইবাৰ প্ৰথম বিভিন্ন দেশক একত্ৰিত কৰি চলোৱা সমীক্ষাই কৈছে যে মহিলাসকলে পুৰুষতকৈ অধিক ধূম্ৰপান কৰিবলৈ লৈছে।‘’

ইপিনে, ভাৰতো গ্ল’বেল এডাল্ট টবেক’ চাৰ্ভে (GATS)ত কোৱা হৈছে যে ধঁপাত আৰু ধূম্ৰপানৰ ক্ষেত্ৰত মহিলাসকল পুৰুষৰ প্ৰায় ওচৰত আছে।

চিগাৰেট সেৱনৰ ক্ষেত্ৰত মহিলা পূৰ্বতকৈ পুৰুষৰ তুলনাত বৃদ্ধি পাইছে।

বিভিন্ন গৱেষণাত এইটো পোৱা গৈছে যে ধূম্ৰপান বা ধঁপাতজাত সামগ্ৰীৰ ব্যৱহাৰৰ ফলত কেন্সাৰৰ দৰে মাৰাত্মক ৰোগ হয়। এনে সামগ্ৰীৰ সেৱনৰ ফলত হাৰ্টৰ ৰোগ, হাৰ্ট এটেক আৰু আন সংক্ৰমণহীন ৰোগ হয়।

বিশ্ব স্বাস্থ্য সংস্থাই কয় যে সমগ্ৰ বিশ্বতে ধূম্ৰপান বা আন ধঁপাত জাতীয় সামগ্ৰী সেৱন কৰাৰ ফলত প্ৰায় ৮০ লাখ লোকে প্ৰাণ হেৰুৱাব লগা হয়। তদুপৰি, প্ৰায়১২ লাখ লোকে পৰোক্ষ ধূম্ৰপানৰ চিকাৰ হৈ মৃত্যুবৰণ কৰিছে।

Related News