• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মহিলা সংৰক্ষণ বিধেয়কৰ পৰা সমষ্টি পুনৰ্নিৰ্ধাৰণৰ চৰ্ত আঁতৰোৱাৰ সম্ভাৱনা, বিৰোধীৰ মতামত বিচাৰিলে কেন্দ্ৰই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 10, 2026 10:12 am
31
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকসভা আৰু ৰাজ্যিক বিধানসভাসমূহত মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণৰ আইনী ব্যৱস্থা দ্ৰুতভাৱে কাৰ্যকৰী কৰাৰ লক্ষ্যৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। সোমবাৰে চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, ‘নাৰী শক্তি বন্দন অধিনিয়ম’ নামৰ এই আইনখনৰ সংশোধনীৰ প্ৰস্তাৱ সন্দৰ্ভত মতামত বিচাৰি কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে বিৰোধী দলসমূহৰ কাষ চাপিছে। মূলতঃ বৰ্তমানৰ আইনখনত থকা লোকপিয়ল আৰু সমষ্টি পুনৰ্নিৰ্ধাৰণৰ চৰ্ত আঁতৰাই মহিলা সংৰক্ষণ ব্যৱস্থাটো নিৰ্ধাৰিত সময়তকৈ আগতেই কাৰ্যকৰী কৰাৰ উদ্দেশ্যে চৰকাৰে এই অনানুষ্ঠানিক আলোচনাৰ পাতনি মেলিছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত সংসদৰ এক বিশেষ অধিৱেশনত ‘সংবিধান (১০৬তম সংশোধনী) আইন, ২০২৩’ চমুকৈ ‘মহিলা সংৰক্ষণ বিধেয়ক’খন সৰ্বসন্মতিক্ৰমে গৃহীত হৈছিল। কিন্তু বৰ্তমানৰ আইনখনৰ ব্যৱস্থা অনুসৰি, এই আইনখন প্ৰণয়ন হোৱাৰ পিছত অনুষ্ঠিত হ’বলগীয়া প্ৰথমটো লোকপিয়ল আৰু তাৰ পৰৱৰ্তী সমষ্টি পুনৰ্নিৰ্ধাৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতহে মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণ ব্যৱস্থা কাৰ্যকৰী হ’ব। ২০২৭ চনৰ লোকপিয়লৰ পিছত পৰৱৰ্তী সমষ্টি পুনৰ্নিৰ্ধাৰণ প্ৰক্ৰিয়া অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে, য’ত শেহতীয়া জনসংখ্যাৰ তথ্যৰ ভিত্তিত সমষ্টিসমূহৰ সীমা পুনৰ নিৰ্ধাৰণ কৰা হ’ব আৰু তাৰ পিছতহে মহিলাৰ বাবে সংৰক্ষিত আসনসমূহ নিশ্চিত কৰা হ’ব। ইয়াৰ ফলত প্ৰকৃত সংৰক্ষণ ব্যৱস্থাটো ৰূপায়ণ হোৱাত যথেষ্ট বিলম্ব হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছিল।

Apply Now

বিৰোধী দলসমূহে ২০২৩ চনত বিধেয়কখনক পূৰ্ণ সমৰ্থন জনাইছিল যদিও তেওঁলোকৰ মূল আপত্তি আছিল এই চৰ্তটোক লৈয়েই। বিৰোধীৰ মতে, লোকপিয়ল আৰু সমষ্টি পুনৰ্নিৰ্ধাৰণৰ সৈতে সংৰক্ষণৰ বিষয়টো সাঙুৰি দিয়াৰ ফলত সমগ্ৰ প্ৰক্ৰিয়াটো দীঘলীয়া হৈ পৰিব। বৰ্তমানৰ আইন অনুসৰি লোকসভা আৰু বিধানসভাসমূহত মহিলাৰ এই কোটা ১৫ বছৰৰ বাবে বাহাল থাকিব আৰু তাৰ পিছত সংসদে বিচাৰিলে এই সময়সীমা বৃদ্ধি কৰিব পাৰিব। এতিয়া আইনখনৰ সংশোধন ঘটাই এই দীঘলীয়া প্ৰক্ৰিয়াটোৰ পূৰ্বেই যাতে মহিলা সংৰক্ষণ ব্যৱস্থা দেশত প্ৰৱৰ্তন কৰিব পৰা যায়, তাৰ বাবে চৰকাৰে বিৰোধী নেতাসকলৰ সৈতে যোগাযোগ কৰিছে।

এই সন্দৰ্ভত বিশিষ্ট অৰ্থনীতিবিদ তথা প্ৰাক্তন মুখ্য পৰিসংখ্যাবিদ প্ৰণৱ সেনে সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰি কয় যে চৰকাৰে আইনখন সংশোধন কৰি মহিলা সংৰক্ষণৰ ব্যৱস্থাক সমষ্টি পুনৰ্নিৰ্ধাৰণৰ প্ৰয়োজনীয়তাৰ পৰা পৃথকে ৰখা উচিত। সমষ্টি পুনৰ্নিৰ্ধাৰণৰ সৈতে এই বিধেয়কখনৰ সংযোগক প্ৰশ্ন কৰি তেওঁ কয় যে মহিলাৰ কোটাক সমষ্টি পুনৰ্নিৰ্ধাৰণৰ ওচৰত কিয় আৱদ্ধ কৰি ৰাখিব লাগে? সমষ্টি পুনৰ্নিৰ্ধাৰণ আৰু লোকপিয়লৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ বাবেই মহিলা সংৰক্ষণৰ বিষয়টো আৱদ্ধ হৈ থাকিব বুলি উল্লেখ কৰি তেওঁ এই সমস্যা সমাধানৰ বাবে বিৰোধীয়ে সংশোধনীৰ দাবী উত্থাপন কৰা উচিত বুলি পৰামৰ্শ আগবঢ়ায়।

তেওঁ লগতে যুক্তি দৰ্শায় যে মহিলা সংৰক্ষণ বিধেয়কৰ ৰূপায়ণক সমষ্টি পুনৰ্নিৰ্ধাৰণৰ সৈতে সাঙুৰি দিলে ভৱিষ্যতে ৰাজনৈতিক জটিলতাৰো সৃষ্টি হ‘ব পাৰে। যদিহে কেৱল জনসংখ্যাৰ ভিত্তিত সমষ্টি পুনৰ্নিৰ্ধাৰণ কৰা হয়, তেন্তে চৰকাৰে দক্ষিণৰ ৰাজ্যসমূহৰ লগতে মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ দৰে ৰাজ্যৰ পৰা তীব্ৰ বিৰোধিতাৰ সন্মুখীন হ’ব পাৰে। কিয়নো জনসংখ্যা নিয়ন্ত্ৰণত তুলনামূলকভাৱে ভাল প্ৰদৰ্শন কৰা এই ৰাজ্যসমূহত সংসদীয় প্ৰতিনিধিত্ব হ্ৰাস পোৱাৰ এক বৃহৎ আশংকা আছে। উল্লেখযোগ্য যে, ১৯৯৬ চনত প্ৰথমবাৰৰ বাবে উত্থাপন হোৱা এই মহিলা সংৰক্ষণ বিধেয়কখন কেইবাটাও ৰাজনৈতিক দলৰ বিৰোধিতাৰ বাবে প্ৰায় ২৭ বছৰ ধৰি ওলমি আছিল। ২০১০ চনত ইউ পি এ চৰকাৰৰ কাৰ্যকালত ৰাজ্যসভাত গৃহীত হৈছিল যদিও ৰাজনৈতিক ঐকমত্যৰ অভাৱত ই লোকসভাত উত্থাপন হোৱা নাছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোমবাৰে কেয়াৰ ষ্টাৰমাৰে পদত্যাগ কৰাৰ পিছত ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হ’ব এণ্ডি বাৰ্নহাম

সোমবাৰে কেয়াৰ ষ্টাৰমাৰে পদত্যাগ কৰাৰ পিছত ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হ’ব এণ্ডি বাৰ্নহাম

July 18, 2026 10:23 am
সোণম ৱাংচুকক চিকিৎসালয়লৈ লৈ গ’ল আৰক্ষীয়ে; অনশনৰ ২১ দিনত শাৰীৰিক অৱস্থাৰ অৱনতি

সোণম ৱাংচুকক চিকিৎসালয়লৈ লৈ গ’ল আৰক্ষীয়ে; অনশনৰ ২১ দিনত শাৰীৰিক অৱস্থাৰ অৱনতি

July 18, 2026 9:35 am
Donald Trump Speech Leak: ট্ৰাম্পৰ ভাষণ ফাদিল কৰি কোটিপতি হৈ পৰিল ট্ৰাম্পৰ টেলিপ্ৰম্পটাৰ অপাৰেটৰ

Donald Trump Speech Leak: ট্ৰাম্পৰ ভাষণ ফাদিল কৰি কোটিপতি হৈ পৰিল ট্ৰাম্পৰ টেলিপ্ৰম্পটাৰ অপাৰেটৰ

July 18, 2026 8:44 am
মহাকাব্যিক অধ্যায়ৰ পৰিসমাপ্তি! ক্ৰিকেট ইতিহাসৰ সৰ্বকালৰ শ্ৰেষ্ঠ অলৰাউণ্ডাৰ কিংবদন্তি ছাৰ গেৰী ছ’বাৰ্ছৰ দেহাৱসান

মহাকাব্যিক অধ্যায়ৰ পৰিসমাপ্তি! ক্ৰিকেট ইতিহাসৰ সৰ্বকালৰ শ্ৰেষ্ঠ অলৰাউণ্ডাৰ কিংবদন্তি ছাৰ গেৰী ছ’বাৰ্ছৰ দেহাৱসান

July 18, 2026 8:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোমবাৰে কেয়াৰ ষ্টাৰমাৰে পদত্যাগ কৰাৰ পিছত ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হ’ব এণ্ডি বাৰ্নহাম

সোমবাৰে কেয়াৰ ষ্টাৰমাৰে পদত্যাগ কৰাৰ পিছত ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হ’ব এণ্ডি বাৰ্নহাম

July 18, 2026 10:23 am
সোণম ৱাংচুকক চিকিৎসালয়লৈ লৈ গ’ল আৰক্ষীয়ে; অনশনৰ ২১ দিনত শাৰীৰিক অৱস্থাৰ অৱনতি

সোণম ৱাংচুকক চিকিৎসালয়লৈ লৈ গ’ল আৰক্ষীয়ে; অনশনৰ ২১ দিনত শাৰীৰিক অৱস্থাৰ অৱনতি

July 18, 2026 9:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd