২০২২ চনৰ আইচিচি মহিলা এদিনীয়া বিশ্বকাপত দেওবাৰে ভাৰতীয় মহিলা ক্ৰিকেট দলে পাকিস্তানক ১০৭ ৰাণত পৰাস্ত কৰে৷
মিতালী ৰাজৰ নেতৃত্বত ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে প্ৰতিদ্বন্দ্বি পাকিস্তানৰ বিৰুদ্ধে ১০৭ ৰাণৰ বিশাল বিজয়েৰে বিশ্বকাপ অভিযান আৰম্ভ কৰিলে৷ ভাৰতে বান্ধি দিয়া জয়ৰ লক্ষ্য ২৪৫ ৰানৰ বিপৰীতে পাকিস্তানে ৪৩ অভাৰত ১০টা উইকেট হেৰুৱাই ১৩৭ ৰানহে কৰিবলৈ সমৰ্থ হয়।
ভাৰতৰ ৰাজেশ্বৰী কায়কোৱাৰৰ বিধ্বংসী বলিঙত বিধ্বস্ত হৈ পৰে পাক মহিলা দলটো।
ৰাজেশ্বৰী ৪/৩১ ৰে পাক দলটোৰ গতি ৰুদ্ধ কৰি দিয়ে। ঝুলন গোস্বামী, স্নেহ ৰানাই দুটাকৈ উইকেট লাভ কৰে।
নিউজীলেণ্ডৰ মাউণ্ট মাউনগানুইত অনুষ্ঠিত হোৱা প্ৰথম খেলত ভাৰতে টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় ।
তিনিগৰাকী খেলুৱৈৰ অৰ্ধশতকেৰে দলটোৱে ২৪৪/৭ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়।
তৃতীয় অভাৰত অপেনাৰ শ্বাফালী বাৰ্মা (০)ক পাকিস্তানৰ চিমাৰ ডায়েনা বেগে আউট কৰাৰ লগে লগে ভাৰতে শক্তি কিছু পৰি আহে যদিও স্মৃতি মান্ধানা আৰু দীপ্তি শৰ্মাই ৯২ ৰাণৰ অৱদানেৰে দলটোক পুনৰ নতুন গতি দিবলৈ সক্ষম হয়।
পাকিস্তানৰ ছিদৰা আমিনে ৩০ ৰান কৰাৰ বিপৰীতে বাকী খেলুৱৈসকলে ২০ ৰানৰ ঘৰ পাৰ কৰিবলৈ সমৰ্থ হোৱা পৰিলক্ষিত নহ’ল।
ভাৰতৰ অধিনায়ক মিতালীয়ে ৯ ৰান ,হৰমনপ্ৰীতে ৫ ৰান ,স্মৃতি মান্ধনাই ৫২ ৰান, দীপ্তিয়ে ৪০ ৰান, স্নেহে ৫৩ ৰান পূজাই ৬৭ ৰান কৰে।