• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শীতকালত কমলাৰ ৰস খোৱাৰ চমৎকাৰী গুণাগুণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 4, 2026 6:45 am
14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শীতকালৰ আগমনৰ লগে লগে বজাৰত উভৈনদী হৈ পৰে সতেজ আৰু ৰসাল কমলা। শৰীৰটোক বিভিন্ন বেমাৰ-আজাৰৰ পৰা বচাই ৰাখিবলৈ পুষ্টিকৰ খাদ্য খোৱাটো অত্যন্ত জৰুৰী আৰু এই ক্ষেত্ৰত বতৰৰ ফল হিচাপে কমলাৰ ভূমিকা অতুলনীয়। বিশেষজ্ঞসকলৰ মতে কমলাৰ ৰসে আমাৰ শৰীৰক প্ৰয়োজনীয় পুষ্টি প্ৰদান কৰাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি তোলে, যাৰ ফলত আমি বিভিন্ন ভাইৰেল সংক্ৰমণৰ পৰা হাত সাৰি থাকিব পাৰোঁ।

কমলাৰ ৰস আমাৰ হৃদযন্ত্ৰ আৰু ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে অতিশয় কাৰ্যকৰী। বিশেষকৈ শীতকালত পানী কমকৈ খোৱাৰ ফলত ৰক্ত সঞ্চালনত ব্যাঘাত জন্মিব পাৰে, যিয়ে উচ্চ ৰক্তচাপ থকা লোকসকলৰ বাবে বিপদ মাতিব পাৰে। কমলাত থকা পেকটিন আৰু ফ্লেভোনইডৰ দৰে উপাদানে ৰক্তচাপ স্বাভাৱিক কৰি ৰাখে। ইয়াৰ উপৰিও এই ৰসে শৰীৰত বেয়া কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰি হৃদযন্ত্ৰক সুস্থ কৰি ৰখাত সহায় কৰে। যিসকল লোকে ৰক্তহীনতা বা হিম’গ্লোবিনৰ অভাৱত ভুগিছে, তেওঁলোকৰ বাবেও কমলাৰ ৰস এক উত্তম পথ্য। ইয়াত থকা ভিটামিন-এ, চি আৰু আইৰণে তেজত হিম’গ্লোবিনৰ মাত্ৰা বৃদ্ধি কৰাত সহায় কৰে।

Apply Now

পেটৰ স্বাস্থ্য আৰু ওজন নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো কমলাৰ ৰসৰ অৰিহণা অধিক। ইয়াত থকা প্ৰচুৰ পৰিমাণৰ আঁহ বা ফাইবাৰে পাচন তন্ত্ৰক সক্ৰিয় কৰি ৰাখে আৰু কোষ্ঠকাঠিন্য বা ডায়েৰিয়াৰ দৰে সমস্যাৰ পৰা সকাহ দিয়ে। যিহেতু এই ৰস খালে পেট বহু সময়লৈ ভৰ্তি হৈ থকা যেন লাগে, সেয়েহে ই ওজন হ্ৰাস কৰাতো বিশেষ সহায় কৰে। চকুৰ দৃষ্টিশক্তি বৃদ্ধিৰ বাবেও কমলাৰ ৰস খুবেই উপকাৰী কাৰণ ইয়াত থকা ভিটামিন-এ-য়ে চকুৰ জ্যোতি বৃদ্ধি কৰাৰ লগতে বিভিন্ন সংক্ৰমণৰ পৰা চকুক সুৰক্ষিত কৰি ৰাখে।

কেৱল স্বাস্থ্যই নহয়, সৌন্দৰ্য চৰ্চাৰ ক্ষেত্ৰতো কমলাৰ ৰসে যাদুকৰী কাম কৰে। ইয়াত থকা ভিটামিন-চি-য়ে ছালত কোলাজেনৰ উৎপাদন বৃদ্ধি কৰে, যাৰ ফলত ছাল উজ্জ্বল হয় আৰু বয়সৰ ছাপ বা ব্ৰণৰ দৰে সমস্যা আঁতৰি যায়। লগতে ইয়াত থকা ভিটামিন-ই-য়ে চুলি সৰা বন্ধ কৰি চুলি ঘন আৰু মজবুত কৰাত সহায় কৰে। আনকি গৰ্ভৱতী মহিলাৰ বাবেও এই ৰস অতি প্ৰয়োজনীয় কাৰণ ইয়াত থকা ফোলেটে গৰ্ভস্থ সন্তান আৰু মাতৃ দুয়োৰে স্বাস্থ্যৰ বাবে ঔষধৰ দৰে কাম কৰে। গতিকে এই শীতত সুস্থ হৈ থাকিবলৈ আপোনাৰ দৈনিক খাদ্য তালিকাত গিলাচ কমলাৰ ৰস অন্তৰ্ভুক্ত কৰাটো এক অতি বুদ্ধিমানৰ কাম হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

September 6, 2026 9:47 pm
সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

September 6, 2026 8:05 pm
এয়া কেনে ন্যায়? ৯ বছৰ পাছতো লেহেমীয়া গৌৰী লংকেশ হত্যাৰ বিচাৰ, মুকলি আকাশৰ তলত হত্যাকাৰী

এয়া কেনে ন্যায়? ৯ বছৰ পাছতো লেহেমীয়া গৌৰী লংকেশ হত্যাৰ বিচাৰ, মুকলি আকাশৰ তলত হত্যাকাৰী

September 6, 2026 7:14 pm
মানচিত্ৰত ভাৰতক কিয় সৰু দেখা যায়? প্ৰকৃত আকাৰ দেখুৱাব ‘ইকুৱেল আৰ্থে’

মানচিত্ৰত ভাৰতক কিয় সৰু দেখা যায়? প্ৰকৃত আকাৰ দেখুৱাব ‘ইকুৱেল আৰ্থে’

September 6, 2026 6:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

September 6, 2026 9:47 pm
সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

September 6, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd