কুকুৰাৰ পৰা হ’ব পৰা ক’ভিড-১৯তকৈয়ো মাৰাত্মক মহামাৰীৰ অপেক্ষাত বিশ্ব: বিজ্ঞানী

World awaits deadlier pandemic from chicken than COVID-19: Scientist

সমগ্ৰ বিশ্বই ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজি থকাৰ সময়তে বিজ্ঞানীসকলে এইবাৰ কুকুৰা ফাৰ্মৰ পৰা আৰু অধিক গুৰুতৰ বিপৰ্য্যয়ে অপেক্ষা কৰি আছে বুলি সাৱধানবাণী শুনাইছে।

আশংকা কৰা হৈছে যে এই বিপৰ্য্যয়ে পৃথিৱীৰ জনসংখ্যাৰ আধা অংশক নিশ্চিহ্ন কৰিব পাৰে।

How Not To Die’ শীৰ্ষক বেষ্ট-চেলিং গ্ৰন্থখনৰ লেখক ডঃ মাইকেল গ্ৰেগাৰে দাবী কৰিছে যে কুকুৰা কাৰণ হ’ব পাৰে পৰৱৰ্তী মাৰাত্মক মহামাৰীটোৰ, আৰু যিটো হ’ব আটাইতকৈ বেয়া ধৰণৰ—ক’ভিড-১৯তকৈ অধিক গুৰুতৰ।

তেওঁৰ মতে, কুকুৰা ফাৰ্মৰ এটা সৰ্বনাশকাৰী ভাইৰাছে ক’ভিড-১৯তকৈ অধিক বিপজ্জনক মহামাৰীলৈ লৈ যাব পাৰে আৰু বিশ্বৰ জনসংখ্যাৰ আধা অংশক নিশ্চিহ্ন কৰিব পাৰে।

তেওঁৰ নতুন কিতাপ ‘How To Survive A Pandemic’ত ডঃ গ্ৰেগাৰে সকীয়াইছে যে ‘যেতিয়ালৈকে পোহনীয়া চৰাই (poultry) থাকিব, তেতিয়ালৈকে মহামাৰী থাকিব’।

ডঃ গ্ৰেগাৰ এজন বিশুদ্ধ নিৰামিষাহাৰী আৰু তেওঁ উদ্ভিদভিত্তিক ডায়েট সজোৰে সমৰ্থন কৰে, বাতৰিত প্ৰকাশ।

জন্তুভিত্তিক সামগ্ৰীৰ ব্যৱহাৰৰ বিৰুদ্ধে তেওঁ বহু বছৰজুৰি প্ৰচাৰ চলাই আহিছে।

বিজ্ঞানীজনৰ আশংকা হৈছে জন্তুৰ সৈতে মানুহৰ ঘনিষ্ঠ সম্পৰ্কই আটাইতকৈ বেয়া ধৰণৰ মহামাৰীলৈ লৈ যাব পাৰে।

১৯৯৭ চনত হং কং, চীনত দেখা দিয়া H5N1 বাৰ্ড ফ্লুৰ ফলত ভাইৰাছ আঁতৰোৱাৰ বাবে নিযুত কুকুৰা মাৰি পেলোৱা হৈছিল।

কিন্তু ২০০৩ আৰু ২০০৯ চনত চীনৰ বাহিৰত ইয়াৰ পুনৰ প্ৰাদুৰ্ভাৱ ঘটিল যিটোৱে ইংগিত দিয়ে যে ভাইৰাছটো কেতিয়াও সম্পূৰ্ণৰূপে আঁতৰ হোৱা নাছিল আৰু প্ৰাদুৰ্ভাৱটো আকৌ সংঘটিত হোৱাৰ এক সম্ভাৱনা আছে।

আন এক প্ৰাদুৰ্ভাৱৰ পৰা হাত সৰাৰ বাবে ডঃ গ্ৰেগাৰে কুকুৰাবোৰক ফাৰ্মিং কৰা পদ্ধতি সলনিৰ পৰামৰ্শ দিয়ে।

বৃহৎ ফাৰ্মত কুকুৰাবোৰক ইমান ঠেক ঠাইত ৰখা হয় যে সিহঁতে ডেউকাও লৰাব নোৱাৰে, ডঃ গ্ৰেগাৰে আঙুলিয়ায়।

তেওঁ কয় যে সিহঁতৰ মলত থকা উচ্চ পৰিমাণৰ এম’নিয়াই বেমাৰৰ উৎস।

বিজ্ঞানীজনে লগতে পৰামৰ্শ দিয়ে যে আমি কুকুৰাৰ বৃহৎ উৎপাদন বন্ধ কৰিব লাগে।

তেওঁ বাহিৰলৈ ওলাব-সোমাব পৰা কম ভিৰ থকা ঠাইত, উন্নত পৰিচ্ছন্নতাৰে আৰু মানুহৰ এণ্টি-ভাইৰেল ব্যৱহাৰ নকৰাকৈ কুকুৰাক সৰু জাকত পোহাৰ পৰামৰ্শ দিয়ে।

লগতে অপ্ৰাকৃতিক কণী উৎপাদন আৰু প্ৰজনন বন্ধ কৰাৰো দৰকাৰ, ডঃ গ্ৰেগাৰে কয়।