NORTHEAST NOW (Assamese)

ভাৰতীয়সকলতকৈ শ্ৰীলংকাৰ লোকসকলো এতিয়া ধনী? বিশ্ব বেংকৰ নতুন প্ৰতিবেদনত চমক

July 5, 2026 3:27 pm · এন ই নাও নিউজ, গুৱাহাটী

শ্ৰীলংকাৰ বিধ্বস্ত অৰ্থনীতি লাহে লাহে ভাল অৱস্থালৈ ঘুৰি আহিছে। এই তথ্য প্ৰকাশ পাইছে বিশ্ব বেংকৰ শেহতীয়া প্ৰতিবেদনত। বহু বছৰৰ আৰ্থিক অস্থিৰতাৰ অন্তত দ্বীপ ৰাষ্ট্ৰখনে পুনৰ ‘উচ্চ-মধ্যম আয়’ দেশৰ মৰ্যাদা লাভ কৰিবলৈ সক্ষম হৈছে। ২০২২ চনৰ ভয়ানক অৰ্থনৈতিক সংকটৰ পিছত শ্ৰীলংকাৰ বাবে এয়া এক ডাঙৰ মাইলৰ খুঁটি।

শ্ৰীলংকাৰ লগতে ভিয়েটনাম, ফিলিপাইনছ, জৰ্ডান আৰু ফেডাৰেটেড ষ্টেটছ অৱ মাইক্ৰ’নেছিয়াৰ দৰে দেশসমূহেও ‘নিম্ন মধ্যম আয়’ (লৱাৰ-মিডল ইনকাম)ৰ পৰা ‘উচ্চ-মধ্যম আয়’ (আপাৰ-মিডল ইনকাম)ৰ দেশৰ মৰ্যাদা লাভ কৰিছে।

বিশ্ব বেংকৰ তথ্য অনুসৰি ২০২২ চনত শ্ৰীলংকাই সন্মুখীন হোৱা ভয়ংকৰ বিত্তীয় সংকটৰ পৰা উদ্ধাৰ হোৱাৰ বাবেই বিশ্ব বেংকৰ ৰেংকিঙত শ্ৰীলংকাৰ উন্নতি হৈছে।

২০২৫ চনত শ্ৰীলংকাৰ প্ৰকৃত জিডিপি বৃদ্ধিৰ হাৰ আছিল ৫ শতাংশ। ইয়াৰ উপৰিও দেশৰ সামগ্ৰিক মুঠ ৰাষ্ট্ৰীয় আয়ো ১১.২ শতাংশ বৃদ্ধি পাইছে। বিশ্ব বেংকে কয় যে অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধি, মুদ্ৰাস্ফীতি হ্ৰাস আৰু বিনিময় হাৰ সুস্থিৰ হোৱাৰ বাবেই এই উন্নতি সম্ভৱ হৈছে। ফলত শ্ৰীলংকাৰ জনমূৰি জিএনআইয়ে উচ্চ-মধ্যম আয়ৰ দেশৰ বাবে নিৰ্দ্ধাৰিত সীমা অতিক্ৰম কৰিছে।

বিশ্ব বেংকৰ শেহতীয়া আপডেট অনুসৰি ভাৰত বিশ্বৰ অন্যতম দ্ৰুতগতিত বৃদ্ধি পোৱা প্ৰধান অৰ্থনীতিৰ দেশ হ’লেও নিম্ন মধ্যম আয়ৰ দেশ হৈয়েই আছে। তেন্তে বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতি হোৱাৰ পিছতো ভাৰত কিয় শ্ৰীলংকাতকৈ পিছ পৰি আছে?

কাৰণ বিশ্ব বেংকে মুঠ জিডিপি নহয়, জনমূৰি জিএনআইক ভিত্তি হিচাপে ব্যৱহাৰ কৰে। যদিও ভাৰতৰ অৰ্থনীতিৰ আকাৰ বিশ্বৰ ভিতৰতে অন্যতম বৃহৎ, তথাপিও সেই আয় ১.৪ বিলিয়নতকৈ অধিক জনসংখ্যাৰ মাজত বিতৰণ কৰা বাবে জনমূৰিৰ গড় আয় এতিয়াও উচ্চ মধ্যম আয়ৰ দেশৰ সীমাৰ তলত আছে।

অৰ্থনীতিবিদসকলৰ মতে আগন্তুক বছৰবোৰত যদি অৰ্থনৈতিক বৃদ্ধি জনসংখ্যা বৃদ্ধিৰ তুলনাত বেছি থাকে আৰু জনমূৰি আয় ধাৰাবাহিকভাৱে বৃদ্ধি পায় তেন্তে অহা দশকৰ ভিতৰত ভাৰতে উচ্চ মধ্যবিত্তীয় আয়ৰ দেশৰ মৰ্যাদা লাভ কৰিব পাৰে।

Related News