সমগ্ৰ দেশৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো বিশ্ব গঁড় দিৱস

বিশ্বৰ বিভিন্ন দেশৰ লগতে আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাতো বিশ্ব গঁড় দিৱস পালন কৰা হয় ৷ কাজিৰঙাত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ নেতৃত্বত প্ৰকৃতি সংগঠন কৰবেট ফাউণ্ডেচন, আৰণ্যক আৰু বিশ্ব প্ৰকৃতি নিধিয়ে দিন জোৰা কাৰ্যসূচীৰে আজি বিশ্ব গঁড় দিৱস উদযাপন কৰে ৷

এই উপলক্ষে আজি পুৱাতেই কৰবেট ফাউণ্ডেশ্যনৰ উদ্যোগত বোকাখাতৰ ৰজাবাৰীত থকা শংকৰ দেৱ শিশু নিকেতনৰ পৰা আকৰ্ষণীয় এক সমদল উলিওৱা হয় ৷ ৰাইনো যাত্ৰা নামৰ এই সমদলে এটা সুসদৃশ গঁড় লগত লৈ ৰজাবাৰীৰ পৰা যাত্ৰা আৰম্ভণী কৰি কহঁৰাত যাত্ৰাৰ সামৰণী মাৰে ৷

গঁড় সংৰক্ষণ ইতিবাচক সচেতনতা সৃষ্টিৰ বাবে উলিওৱা এই সমদল যাত্ৰাৰ ফ্লেগ অফ কৰে কাজিৰঙাৰ বন সংৰক্ষক জৰ্জেচ আহমেদে ৷ উদ্বোধনী অনুষ্ঠানত বন বিভাগৰ প্ৰধান মুখ্য বনসংৰক্ষক নিৰঞ্জন কুমা বাসু,  ডি এফ অ ৰোহিনী বল্লভ শইকীয়া আৰু কৰবেট ফাউণ্ডেচনৰ সহ সঞ্চালক ডাঃ নবীন পাণ্ডেৰ লগতে বিদ্যালয়খনৰ শিক্ষক, ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু পৰিচালনা সমিতি বিষয়ববীয়াও উপস্থিত থাকে ৷ সুন্দৰকৈ নিৰ্মাণ কৰা গঁড়টোৰ সৈতে এই সমদলে বোকাখাতৰ প্ৰায় ১৮ বিদ্যালয় স্পৰ্শ কৰি কহঁৰা পাইগৈ ৷

ইফালে আৰণ্যক নামৰ সংগঠনটোৰ উদ্যোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই বোকাখাতৰ চি এন বি মহাবিদ্যালয়ত বিশ্ব গঁড় দিৱসৰ এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰে ৷ অনুষ্ঠানত ডি এফ অ’ ৰোহিনী বল্লভ শইকীয়াই আদৰণী ভাষণ দিয়াৰ উপৰিও ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়া নামৰ সংগঠনটোৰ যুটীয়া সঞ্চালক  ড০ ৰথীন বৰ্মন, অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়া আৰু আৰণ্যকৰ প্ৰকল্প বিষয়া আৰিফ হুছেইনে সচিত্ৰ উপস্থাপনেৰে গঁড়ৰ বিভিন্ন দিশৰ ওপৰত ছাত্ৰ- ছাত্ৰীৰে আলোচনা কৰে ৷

তাৰোপৰি ছাত্ৰ-ছাত্ৰীৰ মাজত এক মুকলি কুইজ প্ৰতিযোগিতাৰো আয়োজন কৰে ৷ একেদৰে বিশ্ব প্ৰকৃতি নিধিৰ উদ্যোগত কাজিৰঙাৰ বাগৰি ৰেঞ্জৰ সমীপৰ বাগৰি উচ্চ মাধ্যমিক বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে বিশ্ব গঁড় দিৱস পালন কৰা হয়।