বিশ্বৰ আটাইতকৈ ধনী ১% লোকৰ যোৱা দশকত ৪২ ট্ৰিলিয়ন ডলাৰৰ সম্পত্তি বৃদ্ধি; অক্সফামৰ প্ৰতিবেদনত উজাগৰ তথ্য

ব্ৰাজিলত অনুষ্ঠিত হ’বলগীয়া জি-২০ শীৰ্ষ সন্মিলনৰ পূৰ্বে অক্সফামে বৃহস্পতিবাৰে কয় যে বিগত দশকত বিশ্বৰ আটাইতকৈ ধনী এক শতাংশই মুঠ ৪২ ট্ৰিলিয়ন ডলাৰৰ সম্পদ বৃদ্ধি কৰিছে।

এই অদ্ভুত লাভৰ পাছতো ধনীসকলৰ ওপৰত কৰ ঐতিহাসিক নিম্ন স্তৰলৈ হ্ৰাস পাইছে বুলি এন জি অ’টোৱে লগতে কয়৷তদুপৰি বিশ্বৰ বাকী অংশৰ সৈতে বৈষম্যৰ সতৰ্কবাণী দিয়ে।

ব্ৰাজিলে বিশ্বৰ জিডিপিৰ ৮০ শতাংশ প্ৰতিনিধিত্ব কৰা জি-২০ৰ সভাপতিত্বৰ সময়ত ছুপাৰ ৰিচ্‌ক কৰ আৰোপ কৰাৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতাক অগ্ৰাধিকাৰ হিচাপে লৈছে।

এই সপ্তাহত ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত হ’বলগীয়া শীৰ্ষ সন্মিলনত গোটটোৰ বিত্তমন্ত্ৰীসকলে অতি ধনীসকলৰ ওপৰত লেভি বৃদ্ধি কৰাৰ উপায় আৰু কোটিপতিসকলে কৰ ব্যৱস্থাৰ পৰা হাত সাৰিবলৈ বাধা দিয়াৰ উপায়ৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰাৰ সম্ভাৱনা আছে।

এই পদক্ষেপৰ অন্তৰ্গত কোটিপতি আৰু অন্যান্য উচ্চ আয়ৰ লোকসকলক কৰ আৰোপ কৰাৰ পদ্ধতি নিৰ্ধাৰণ কৰা।

বৃহস্পতিবাৰ আৰু শুকুৰবাৰে শীৰ্ষ সন্মিলনত এই প্ৰস্তাৱৰ ওপৰত তীব্ৰ বিতৰ্ক হ’ব আৰু ফ্ৰান্স, স্পেইন, দক্ষিণ আফ্ৰিকা, কলম্বিয়া আৰু আফ্ৰিকান ইউনিয়নৰ সপক্ষে আছে যদিও আমেৰিকাই দৃঢ় বিৰোধিতা কৰিছে।

অক্সফাম ইণ্টাৰনেশ্যনেলৰ বৈষম্য নীতিৰ মুৰব্বী মেক্স লছনে কয় যে অত্যন্ত ধনীসকলৰ ওপৰত কৰ বৃদ্ধিৰ গতি অনস্বীকাৰ্য।অক্সফামে কয় যে এই ৪২ ট্ৰিলিয়ন ডলাৰৰ পৰিসংখ্যা বিশ্বৰ দৰিদ্ৰ অৰ্ধেক জনসংখ্যাই জমা কৰা ধনৰ তুলনাত প্ৰায় ৩৬ গুণ বেছি।

ইয়াৰ পাছতো সমগ্ৰ বিশ্বতে কোটিপতিসকলে নিজৰ সম্পত্তিৰ ০.৫ শতাংশতকৈও কম কৰ হাৰ দি আহিছে বুলি এন জি অ’টোৱে কয়৷উল্লেখ্য যে, অক্সফেমে লক্ষ্য কৰিছে যে বিশ্বৰ পাঁচজন কোটিপতিৰ ভিতৰত প্ৰায় চাৰিজনে জি-২০ ৰাষ্ট্ৰক ঘৰ বুলি কয়।