• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ড০ হীৰেন গোহাঁইৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ : নগাঁৱৰ বৌদ্ধিক মহলতো তীব্ৰ প্ৰতিক্ৰিয়া

মিণ্টু দাস by মিণ্টু দাস
January 11, 2019 8:17 am
10-01-19 Guwahati- Hiren Gohain home Gathering (4)

বৃহস্পতিবাৰে ড০ হীৰেন গোহাঁইৰ ঘৰৰ সন্মুখত উপস্থিত হৈ বিভিন্ন দল-সংগঠনৰ সদস্যই চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰে। ফটো : ইউ বি

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশিষ্ট চিন্তাবিদ, বুদ্ধিজীৱী ড০ হীৰেন গোহাঁইৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰাক লৈ সমগ্ৰ ৰাজ্যৰ লগতে নগাঁৱৰ বৌদ্ধিক মহলতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

বিশিষ্ট শংকৰী-সংস্কৃতিৰ গৱেষক তিলক চন্দ্ৰ মজুমদাৰে চৰকাৰৰ এনে সিদ্ধান্তক কঠোৰ ভাষাৰে সমালোচনা কৰি কয়, ‘’চৰকাৰৰ এনেধৰণৰ কাৰ্যই জনসাধাৰণক অধিক উত্তেজিত কৰি তুলিব। ফলত চৰকাৰৰ বিৰুদ্ধে জনসাধাৰণে অধিক আন্দোলন গঢ়ি তুলিবলৈ বদ্ধপৰিকৰ হৈ পৰিব।‘’

Apply Now

এই সন্দৰ্ভত বিশিষ্ট সমালোচক প্ৰভাত বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে অসমৰ সাম্প্ৰতিক চৰকাৰখনক অধমতন্ত্ৰ বা বহুৱাৰ চৰকাৰ বুলি ক’লে শুদ্ধ বৰ্ণনা হ’ব। আমি সকলোৱে এই চৰকাৰখনত এটা বহুৱা থকা কথা জানো আৰু এই বহুৱাৰ পৰামৰ্শ অনুসৰি চৰকাৰখনে প্ৰতিবাদী কণ্ঠক দমনৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আনকি অসমৰ বিবেক স্বৰূপ ড০ হীৰেন গোহাঁইক কাৰাগাৰলৈ পঠিয়াবৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি চলাইছে। কিন্তু ড০ গোহাঁইক গ্ৰেপ্তাৰ কৰি অসমৰ প্ৰতিবাদী কণ্ঠক ৰোধ কৰিব নোৱাৰে। অসমৰ জনসাধাৰণ আগতকৈ বেছি জাগৰিত হৈ চৰকাৰখন তথা দলটোক সাৰি-পুচি নৰ্দমালৈ দলিয়াই পেলাব লাগিব।

আন এজন বিশিষ্ট সাহিত্য সমালোচক উপেন্দ্ৰ বৰকটকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়-হীৰেন গোহাঁইয়ে বহল দৃষ্টিভংগীৰে অসমৰ বৃহত্তৰ স্বাৰ্থত মাত মাতি আহিছে। তেওঁ‌ বিষয়বোৰ বহল দৃষ্টিৰে বিশ্লেষণ কৰে। তেওঁৰ মনত কোনো সাম্প্ৰদায়িক ভাৱ নাই আৰু ধৰ্ম নিৰপেক্ষ দৃষ্টিৰে কথাবোৰ চায়। অসম আন্দোলনৰ সময়ত হীৰেন গোহাঁইয়ে গ্ৰহণ কৰা স্থিতি আৰু ভৱিষ্যদ্বাণী পাছলৈ সত্যত পৰিণত হয়। অসমৰ ভৱিষ্যতকলৈ চিন্তা-চৰ্চা কৰা সকলৰ ভিতৰত চিন্তাবিদ হীৰেন গোহাঁইয়ো অন্যতম। গণতান্ত্ৰিক দেশ এখনক হীৰেন গোহাঁইৰ ক্ষেত্ৰত চৰকাৰে আক্ৰোশমূলক ভাৱ লোৱাতো উচিত হোৱা নাই।

ইপিনে বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ইয়াৰ কোনো ভাষা নাই, যি ভাষাৰে গৰিহনা দিব পাৰি। গণতান্ত্ৰিক অধিকাৰ সকলোৰে আছে, সেই অধিকাৰক সন্মান কৰাৰ যিটো পৰিৱেশ সেই পৰিৱেশক গুৰুত্ব দিয়া অতি জৰুৰী। এই পৰিৱেশ যি ধৰণে মষিমূৰ হৈ আহিছে তেনেদৰে ভয় আৰু শংকা মূলক স্থিতিক মানুহে কথা কোৱাৰ পৰিৱেশ নোহোৱা হৈ যে আহিছে সেয়া ড০ হীৰেন গোহাঁইৰ বিৰুদ্ধে ৰচা ষড়যন্ত্ৰই তাকেই প্ৰমাণ কৰিছে।

আন এজন বিশিষ্ট কবি জীৱন নৰহে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়-স্বজাতিক প্ৰতাৰণা কৰি ৰাজপাট খোৱাতকৈ হীৰেন গোহাঁই ছাৰৰ দৰে স্বজাতিৰ হকে মাত মাতি দেশ দ্ৰোহ হোৱাই হাজাৰ গুণ মঙ্গল। ড০ হীৰেন গোহাঁইৰ বিবেক আজিলৈ কোনো ৰাজনৈতিক দলে কিনিব পৰা নাই, তেওঁ কাৰো স্তাৱক নহয়। তেওঁক পুলিচে দিয়া ‘দেশ দ্ৰোহ’ৰ গোচৰ অসমীয়া মানুহৰ সততা আৰু সাহসৰ কঠিন কন্ঠস্বৰ। যি কন্ঠস্বৰে স্বজাতিৰ বিপদত বিবেকহৈ থি দিয়ে। ছাৰৰ প্ৰতি কৰা ষড়যন্ত্ৰ তুলুঙা শাসক বৰ্গৰ চিন্তাৰ পৰিচয়। ধিক্কাৰ দিছো আৰু ‘দেশ দ্ৰোহ’ত আমিয়ো ছাৰৰ লগত আছো।

উল্লেখ্য যে, লতাশিল থানাত আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে। বিশিষ্ট চিন্তাবিদ তথা বুদ্ধিজীৱীগৰাকীৰ বিৰুদ্ধে দেশদ্ৰোহৰ বিভিন্ন ধাৰাৰ জৰিয়তে ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগ তোলা হৈছে। যোৱা ৭ জানুৱাৰীত অনুষ্ঠিত হোৱা লতাশিলৰ এখন  প্ৰতিবাদী সভাত ড০ গোহাঁইয়ে কৈছিল যে যদি ভাৰত চৰকাৰ তথা অসম চৰকাৰে অসমৰ জনসাধাৰণৰ কথা নুশুনে, তেতিয়াহ’লে অসমৰ জনসাধাৰণে ‘স্বাধীনতা’ বিচাৰিব। আনহাতে, ড০ গোহাঁইৰ লগতে অখিল গগৈ, মনজিৎ মহন্তৰ লগতে ৭ জানুৱাৰিত লতাশিলত অনুষ্ঠিত হোৱা প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰা সকলোৰে বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

August 26, 2026 7:44 pm
পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

August 26, 2026 7:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd